খোদ প্ৰধানমন্ত্ৰী মোদী আহি ফিটা কাটি থৈ গৈছিল বায়’-ইথানল প্ৰজেক্টৰ
নুমলীগড় শোধনাগাৰত স্থাপিত ইথানল প্ৰকল্পৰ বিষয়ে ঢাক-ঢোল বজাই প্ৰচাৰো চলাইছিল ৰাজ্য চৰকাৰে৷ কোৱা হৈছিল যে সেই প্ৰকল্পতে বাঁহৰ পৰা ইথানল উৎপাদন কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী অনুষ্ঠানত অসমৰ জনতা ইথানল প্ৰকল্পৰ জৰিয়তে লাভৱান হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু সেই প্ৰকল্পটোৰ কি গ’ল সেয়া অসমৰ ৰাইজে নাজানে৷ আচল কথাটো হ’ল যে উদ্বোধনৰ এবছৰৰ পিছতো NRLৰ বায়’-ইথানল প্ৰকল্পত উৎপাদন আৰম্ভই হোৱা নাই৷ বাঁহৰ পৰা ইথানল উৎপাদনত বিফল হৈছে NRL কৰ্তৃপক্ষ৷
এই প্ৰকল্পটো আৰম্ভ কৰিবলৈ বিদেশী সংস্থায়ো আৰ্থিক সাহায্য প্ৰদান কৰিছিল৷ তথ্য অনুসৰি NRLৰ বায়’ ইথানল প্ৰকল্পত নুমলীগড় শোধনাগৰৰ ৫০ শতাংশ শ্বেয়াৰ আছে৷ ২৮ শতাংশ অংশীদাৰিত্ব আছে ফিনলেণ্ডৰ কোম্পানী ফুৰামেক্সৰ৷ তাৰোপৰি ফিনলেণ্ডৰে ফিনফাণ্ড নামৰ কোম্পানীটোৰ ২২ শতাংশ শ্বেয়াৰ বায়’-ইথানল প্ৰকল্পত আছে৷ বিদেশী পুঁজিৰে আৰম্ভ হোৱা বাবে সোনকালে বায়’-ইথানল প্ৰকল্পৰ কাম আৰম্ভ হ’ব লাগিছিল৷ কিন্তু সেইমতে কাম নহ’ল৷ অসমৰ ৰাইজৰ পৰা বাঁহ ক্ৰয় কৰি NRLৰ প্ৰকল্পত ইথানল উৎপাদন কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল৷ ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত মোদীয়ে মুকলি কৰা বায়’-ইথানল প্ৰকল্পটোৰ সম্পূৰ্ণ খৰচ আছিল প্ৰায় ৫ হাজাৰ কোটি টকা৷
সেউজ শক্তি উৎপাদনৰ বাবে আছাম বায়’-ৰিফাইনেৰী প্ৰাইভেট লিমিটেড যুটীয়া উদ্যোগৰ জৰিয়তে এই প্ৰকল্পটো মুকলি কৰা হৈছিল৷ কিন্তু ইমানদিনে তাত কি চলি আছে সেইবিষয়ে NRL কৰ্তৃপক্ষই অসমৰ জনতাক জনোৱা নাই৷ আমি চৰজমিন অনুসন্ধানৰ অন্তত লাভ কৰা সম্ভেদ অনুসৰি বায়’-ইথানল প্ৰকল্পৰ কোটিটকীয়া মেচিনত বৰ্তমান মামৰ ধৰিছে৷ এই প্ৰকল্পটোৰ বাবে বাঁহখেতি কৰিবলৈ জনতাক চৰকাৰে আহ্বান জনাইছিল৷ ৰাইজে কৰা বাঁহ বেচিব পৰা হ’ল যদিও NRLত এইপৰ্যন্ত ইথানল উৎপাদন নহ’ল৷
NRLৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিৰ্বাচনৰ বাবে খৰখেদাকৈ প্ৰকল্পটো মুকলি কৰা হৈছিল যদিও এতিয়াও তাত কাম আৰম্ভ কৰিব পৰা হোৱা নাই৷ দৰাচলতে কাৰিকৰীভাৱে সম্পূৰ্ণ হোৱা নাই NRLৰ বায়’-ইথানল প্ৰকল্প৷ সেয়ে কোটিটকীয়া মেচিন মামৰ ধৰিবলৈ এৰি দিয়া হৈছে৷ বিগত বৰ্ষত ৰাজনৈতিক কাৰণত প্ৰকল্পতো ততালিকে মুকলি কৰা হৈছিল৷ এই প্ৰকল্পটো আৰম্ভ হ’লে অসমত বাঁহৰ এখন বৃহৎ বজাৰ স্থাপিত হ’ব বুলি ঘোষণা কৰিছিল বৰমূৰীয়াই৷ কিন্তু কামত সেইবোৰ একোৱেই নহ’ল৷ পিছে দেশত বৰ্তমান ইথানল উৎপাদন ক্ষিপ্ৰতাৰে বৃদ্ধি কৰা হৈছে৷ অসমৰ বাদে সৰ্বত্ৰ উৎপাদিত হৈছে ইথানল৷
NRLৰ এই প্ৰকল্পটো কিয় বগাহাতীৰ দৰে পেলাই থোৱা হৈছে সেইটোহে ৰহস্যজনক বিষয়৷ আশ্বৰ্যকৰভাৱে NRLৰ বিষয়ববীয়াৰো এই প্ৰকল্প মুকলি কৰাত কোনো আগ্ৰহ নাই৷ এই প্ৰকল্পটোত বিদেশী কোম্পানীয়ে যিহেতু বিনিয়োগ কৰিছিল সেয়ে স্থবিৰতাৰ বাবে অনাগত সময়ত আন এক জটিলতাৰ সূচনা হ’ব পাৰে৷ ফিনলেণ্ডৰ প্ৰতিষ্ঠানে NRLৰ বিফলতাৰ বাবে অসমক আন প্ৰকল্পৰ পৰা বঞ্চিত কৰাৰ আশংকা আছে৷ তাৰোপৰি প্ৰকল্পটোৰ আছে বাণিজ্যিক সম্ভাৱনা৷ তথাপি NRL কৰ্তৃপক্ষই তাত উৎপাদন কৰা নাই ইথানল৷



