ইমান যদি ভালেই পাও তেনেহ’লে বিয়া নাপাত কিয়
সদায় ৰাতি তোৰ মোৰ মানুহজনীৰ সৈতে কি কথা থাকে
স্বামীয়ে প্ৰথমে ঘটনাৰ গতি-গোত্ৰ একোৱেই ধৰিব পৰা নাছিল৷ তেওঁ সন্দেহ কৰা নাছিল একেখন গাঁৱৰে ভাইৰ দৰে ল’ৰাটোক৷ সদায় দেখি থকা ল’ৰাটোৱেই যে তেওঁৰ সংসাৰত জুই জ্বলাবলৈ ধৰিছে সেয়া অনুমান কৰিব পৰা ধৰণৰ নাছিল৷ সেয়ে তেওঁলোকৰ ঘৰলৈ ল’ৰাটোৱে সঘনে অহা-যোৱা কৰি থকা দেখিও লোকজনৰ মনত সন্দেহ জন্মা নাছিল৷ নামনি অসমৰ মধ্যবিত্ত ব্যৱসায়ীজনৰ নগৰত আছে গেলামালৰ দোকান৷ তেওঁ দিনৰ দিনটো দোকানতে থাকে৷ পত্নী ঘৰতে অকলে থাকে৷ সেই সুযোগতে তেওঁৰ প্ৰেমিকা পত্নীয়ে গাঁৱৰে দেওৰেকৰ সৈতে ৰোমাঞ্চ কৰিছিল৷ অনবৰতে ব্যৱসায়ৰ চিন্তা কৰি থকা লোকজনে পত্নীৰ মনত জন্মা নতুন প্ৰেমৰ বিষয়ে গমকে পোৱা নাছিল৷ তেওঁ কেতিয়াবা দুপৰীয়া ভাত খাবলৈ গ’লে ঘৰত লগ পাইছিল গাঁৱৰ যুৱকজনক৷ কিন্তু সেইজন যুৱকক সন্দেহ কৰিবলগীয়া নাছিল৷
মানুহজনে কথাবোৰ সহজভাৱে লৈ থকাটোৱেই কিন্তু ডাঙৰ ভুল হ’ল৷ তেওঁ ব্যৱসায়ত যিমান ব্যস্ত হৈ পৰিল সিমানে পত্নীয়ে সম্বন্ধীয় দেওৰেকৰ সৈতে বেছিকৈ ৰোমাঞ্চ কৰিবলৈ ধৰিলে৷ পত্নীয়ে ভাত ৰান্ধিবলৈ এৰি গাঁৱৰে প্ৰেমিকৰ সৈতে কৰিবলৈ ধৰিলে কামলীলা৷ দিনটো দোকানত ব্যস্ত থাকিও গধূলি ঘৰলৈ গৈ ভোকৰ ভাতমুঠি স্বামীয়ে খাব নোপোৱা হ’ল৷ তেতিয়াহে তেওঁৰ মনত সন্দেহ জন্মিল৷ আগতে ভাত ৰান্ধি একেলগে খাবলৈ তেওঁৰ বাবে ৰৈ থকা মৰমী পত্নীৰ কিবা এটা যে হৈছে স্বামীয়ে বুজি পালে৷ সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ ওপৰত নজৰ ৰাখিলে স্বামীয়ে৷ তেতিয়া লোকজনে গম পালে যে তেওঁৰ অনুপস্থিতিত গাঁৱৰে যুৱকজনে ঘৰত প্ৰক্সি মাৰি থাকে৷ তেওঁ অগাধ বিশ্বাস কৰা পত্নীয়ে সেই যুৱকজনৰ সৈতে কৰে কামলীলা৷ যৌৱনৰ খেলত ব্যস্ত থকা বাবে তেওঁক আজিকালি সময়ত ভাতসাঁজো যোগান ধৰিব নোৱাৰে৷
সেয়ে কিছুদিনৰ পৰা সোনকালে দোকান বন্ধ কৰি পত্নীক তেওঁ বিভ্ৰান্ত কৰিছিল৷ কিন্তু পত্নীৰ লাভাৰ আছিল শিয়াল টেঙৰ৷ তেনেকুৱা কিবা এটা ঘটিব বুলি অনুমান কৰি পত্নীৰ প্ৰেমিকে ৰূমৰ খিৰিকীৰে পলাই পত্ৰং দিছিল৷ কিন্তু আজি যুৱকজনে তেনে বদমাছি কৰিব নোৱাৰিলে৷ মহিলাগৰাকীৰ স্বামীয়ে ঘৰৰ চাৰিওফালে পহৰাৰ ব্যৱস্থা কৰি বেডৰূমৰ দুৱাৰত টোকৰ মাৰিলে৷ তেতিয়া পলাবলৈ চেষ্টা কৰিলে অবৈধ প্ৰেমিকে৷ কিন্তু খিৰিকীৰে পলাই পত্ৰং দিয়া যুৱকজনক বন্দী কৰিলে স্বামীৰ পহৰাদাৰীয়ে৷ তাৰ পিছত আৰম্ভ হ’ল এখন নাটক৷ পত্নীৰ প্ৰতাৰণাত অতিষ্ঠ স্বামীয়ে অবৈধ প্ৰেমিকক ঘৰৰ বাৰাণ্ডাৰ খুঁটাত বান্ধি থ’লে৷ পিন্ধালে চেণ্ডেলৰ মালা৷ ৰাইজক ঘৰলৈ মাতি তেওঁ পত্নীৰ অবৈধ প্ৰেমিকক মাধমাৰ শোধালে৷
অৱশ্যে পত্নীও যে নিৰ্দোষ নহয় সেয়া বুজি পালে স্বামীয়ে৷ তেওঁ সেয়ে অবৈধ প্ৰেমিকৰ সৈতে পত্নীকো একেটা খুঁটাতে বান্ধিলে৷ মহিলাগৰাকীক উত্তম-মধ্যম শোধাই সেইনিশাই তেওঁ তালাক দিলে৷ ৪৫ বছৰ বয়সত অবৈধ প্ৰেমিকৰ সৈতে লিলিমাই কৰা মহিলাগৰাকীক ৰাইজমেলৰ সিদ্ধান্ত অনুসৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ’ল৷ তেওঁক পৰকীয়া প্ৰেমিকৰ সৈতে ঘৰৰ পৰা উলিয়াই স্বামী আজৰি হ’ল৷ ৰাইজে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি মহিলাগৰাকী আজিৰ পৰা স্বামীগৃহত সোমাব নোৱাৰিব৷ থাকিব নোৱাৰিব গাঁৱত৷



