২০ হাজাৰ টকালৈ বঢ়ালে জুবিনৰ ফটোৰ টেটুৰ দাম

জুবিন গাৰ্গক লৈ চলিছে আৱেগৰ বেপাৰ৷ শিল্পীজনৰ মহাপ্ৰয়াণৰ পিছত অসমত বেপাৰ কৰিছে অনা-অসমীয়াই৷ জুবিনক লৈ যে অসমীয়া অনুৰাগী ব্যাকুল হৈ আছে সেইটো কলিকতীয়া বেপাৰীয়ে জানে৷ সেইবাবে তেওঁলোকে অসমত টেটুৰ বেপাৰ কৰিছে৷ জুবিনৰ ফটো আৰু গান শৰীৰত টেটু কৰি দিয়াৰ বিনিময়ত ২০ হাজাৰপৰ্যন্ত টকা লৈছে কলিকতীয়া বেপাৰীয়ে৷
সচৰাচৰ যিটো টেটুৰ দাম ৬ৰ পৰা ৭ হাজাৰ টকা, সেইটোৰ দাম সম্প্ৰতি বঢ়াই দিয়া হৈছে৷ জুবিন উন্মাদনাত অনুৰাগী আৱিষ্ট হৈ থকাটোৰ সুযোগ লৈছে বহিৰাগত টেটু আৰ্টিষ্টে৷ গুৱাহাটীৰ কেবাখনো টেটু অঁকা দোকানে কলকাতাৰ পৰা আনিছে পাকৈত আৰ্টিষ্ট৷ জুবিনৰ সৈতে থকা ফটো পিঠিত আঁকিবলৈ এচাম অনুৰাগীয়ে ইচ্ছা কৰিছে৷ সেইবাবে বাহিৰৰ পৰা আৰ্টিষ্ট আনি বেপাৰ কৰিছে বহিৰাগত বণিয়াই৷
যোৱা এবছৰৰ ভিতৰত বেলতলাৰ তিনিখন টেটু পাৰ্লাৰত ৬ শতাধিক যুৱতীয়ে গাত স্থায়ীভাৱে আঁকি লৈছে জুবিনৰ ফটো৷ বহুতে সেইদৰে জুবিনৰ গীতৰ কলিটো বাহু অথবা পিঠিত অংকন কৰিছে৷ যন্ত্ৰণাদায়ক হ’লেও স্তনত আঁকিছে জুবিনৰ ফটো৷ এগৰাকী যুৱতীয়ে দুয়োটা স্তনতে জুবিনৰ বিশাল অৱয়ব অংকন কৰিছে৷
তেওঁলোকৰ আৱেগৰ সুযোগ লৈছে হিন্দীভাষী বণিয়াই৷ পূৰ্বে বাহুত টেটু অঁকাৰ সৰ্বাধিক খৰচৰ পৰিমাণ আছিল ৮ হাজাৰ টকা৷ কিন্তু সিমান আকাৰৰে এটা টেটু অংকনৰ বিনিময়ত পাৰ্লাৰবোৰে ২০ হাজাৰ টকা দাবী কৰিছে৷
গ্ৰাহকৰ ভিৰ বঢ়া সময়ত ক্ষতিকাৰক কেমিকেল ব্যৱহাৰ কৰিছে টেটু পাৰ্লাৰে৷ ল’বলগীয়া সাৱধানতা অৱলম্বন নকৰাকৈ গ্ৰাহকৰ দেহত অনা-অসমীয়া আৰ্টিষ্টে টেটু অংকন কৰিছে৷ যন্ত্ৰণাত দগ্ধ হ’লেও জুবিনৰ বাবে সকলো সহ্য কৰিছে অনুৰাগীয়ে৷