মাকৰ মৰমে ধৰ্ম নুবুজে, সেয়ে সহায় বিচাৰি মছজিদত প্ৰৱেশ কৰিছিল হিন্দু মহিলাগৰাকীয়ে
তেওঁৰ একমাত্ৰ কন্যা স্পাইনেল মাস্কুলাৰ এট্ৰ’ফি নামৰ ৰোগত আক্ৰান্ত৷ দুবছৰীয়া শিশুটিয়ে ডিঙিটোৱেই পোন কৰিব নোৱাৰে৷ সন্তানৰ সেই দুৰ্গতি মাকে কেনেকৈনো সহি থাকে! সেয়ে তেওঁ দিল্লীত সহায় বিচাৰি ফুৰিছিল৷ পংগু ছোৱালীজনীক বুকুত বান্ধি ঘূৰি ফুৰা মাকে এঠাইত এদল মানুহ ৰৈ থকা দেখিলে৷ তেওঁলোকক অনুসৰণ কৰি মহিলাগৰাকী সোমাই গ’ল৷ তেওঁ জনা নাছিল যে সেই বিশেষ ভৱনটো আছিল এটা মছজিদ৷ নজনাকৈ ইছলামধৰ্মীৰ উপাসনাস্থলীলৈ সোমাই যোৱাৰ পিছতহে তেওঁ দেখিলে জালিটুপী পিন্ধি নামাজৰ বাবে সাজু হোৱা লোকসকলক৷ তথাপি তেওঁ সংকোচবোধ কৰি হ’লেও তেওঁলোকক খুজিলে ধন৷
কিন্তু ইয়াৰ পিছত যি হ’ল সেয়া আছিল আচৰিত৷ হিন্দু মহিলাগৰাকীক নামাজৰ সময়ত দেখি মছজিদত সকলোৱে আথে-বেথে বহিবলৈ দিলে৷ নামাজীসকলে মহিলাগৰাকীৰ পৰা সমস্যাৰ বুজ ল’লে৷ তাৰ পিছত তেওঁলোক আৰু ৰৈ নাথাকিল৷ মহিলাগৰাকীয়ে একো ধৰিবই নোৱাৰিলে৷ সকলো নামাজীয়ে মিলি ১ মিনিটৰ ভিতৰতে সংগ্ৰহ কৰিলে ২ লাখ টকা৷ পকেটত থকা পইচা সকলো নামাজীয়ে মহিলাগৰাকীৰ হাতত অৰ্পণ কৰিলে৷ নামাজৰ সময়ত মছজিদত প্ৰৱেশ কৰা আতুৰ মাতৃক তেওঁলোকে ফৰিস্তা হিচাপে বিবেচনা কৰিলে৷ সকলোৱে মিলি তেওঁৰ কন্যাৰ চিকিৎসাৰ বাবে আকৌ ধন সংগ্ৰহৰো প্ৰতিশ্ৰুতি দিলে৷ মছজিদত প্ৰৱেশ কৰিয়েই কন্যাৰ চিকিৎসাৰ বাবে মহিলাগৰাকীয়ে লাভ কৰিলে ২ লাখ টকা৷ কিন্তু চমৎকাৰ ইয়াতে শেষ হোৱা নাছিল৷ এইবাৰ এজন মুছলমান ব্যৱসায়ীৰ কাণত পৰিল এই খবৰটো৷
তেওঁ সেই মহিলাগৰাকীৰ কন্যাৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ পৱিত্ৰ মছজিদত প্ৰৱেশ কৰা হিন্দু মহিলাগৰাকীৰ জীয়েক সুস্থ নোহোৱাপৰ্যন্ত সকলো ব্যয় বহন কৰিম বুলি প্ৰতিশ্ৰুতি দিলে মুছলমান ব্যৱসায়ীজনে৷ এই ঘটনাটো সংঘটিত হৈছে দিল্লীৰ জামা মছজিদত৷ নামাজৰ বাবে এদল মুছলমানে প্ৰৱেশ কৰাৰ সময়ত সহায় বিচাৰি যোৱা হিন্দু মহিলাক তেওঁলোকে সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ দায়িত্ব গ্ৰহণ কৰিছে৷ জটিল ৰোগত আক্ৰান্ত শিশুটিক অস্ত্ৰোপচাৰৰ পিছতো বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হ’ব৷ তাৰ বাবে বৰঙনি সংগ্ৰহ কৰিব বুলি মহিলাগৰাকীক প্ৰতিশ্ৰুতি দিছে মুছলমান সমাজে৷
এই ঘটনাটোৰ পিছতে আতুৰ হিন্দু মহিলাগৰাকীয়ে হস্পিতেলত ভৰ্তি কৰিছে একমাত্ৰ কন্যাক৷ দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীয়ে চৰকাৰকো কন্যাৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছিল৷ কিন্তু তেওঁ কাৰো পৰাই সঁহাৰি পোৱা নাছিল৷ কিন্তু এদিন মছজিদত প্ৰৱেশ কৰিয়েই মহিলাগৰাকীয়ে লাভ কৰিলে চিকিৎসা ব্যয়৷ হিন্দু মাতৃগৰাকীক সহায় কৰাটো মানৱতাৰ জয়গান বুলি প্ৰকাশ কৰিলে জামা মছজিদত নামাজ কৰিবলৈ প্ৰৱেশ কৰা মুছলমানে৷ তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে সাহায্য অভিযান৷
হিন্দু শিশুৰ চিকিৎসাৰ বাবে বিদেশৰ পৰাও সাহায্য সংগ্ৰহ কৰিব বুলি দিল্লীৰ মুছলমান সমাজে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ তেওঁলোকে গ্ৰহণ কৰিছে শিশুটিৰ চিকিৎসাৰ দায়িত্ব৷ এই বিৰল ৰোগবিধৰ দৰৱৰো দাম আকাশলংঘী৷ সেয়ে ৰোগাক্ৰান্তৰ চিকিৎসা অসম্ভৱ হৈ পৰিছে৷ কিন্তু দিল্লীৰ মুছলমানৰ উদাৰতাত সম্ভৱ হৈছে দৰিদ্ৰ হিন্দু শিশুৰ চিকিৎসা৷ হিন্দুত্ববাদী চৰকাৰৰ শাসনকালতো দিল্লীৰ সেই দৰিদ্ৰ মহিলাগৰাকীয়ে পোৱা নাছিল সঁহাৰি৷ শিশুটিক নতুন জীৱনদানৰ বাবে হাত উজান দি তেওঁক আশ্বস্ত কৰিলে মুছলমানে৷



