হিন্দু যুৱকৰ সৈতে জায়ন মেৰী খানৰ বিয়া

বিগস্ক্ৰীনত ওলোৱা নাছিল মুছলমান ৰূপহী জায়ন মেৰী খান
ৰ’ব, জায়নৰ নাম আপোনালোকে সম্ভৱত: পূৰ্বে বেছিকৈ শুনা নাই৷ কিন্তু জায়ন হৈছে ছুপাৰষ্টাৰ আমীৰ খানৰ ভাগিনীয়েক৷ জায়নৰ পিতৃ মনছুৰ খানো চিত্ৰনিৰ্মাতা৷ তথাপি অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ জায়নৰ ইচ্ছা নাছিল৷ অৱশ্যে চিনেমাৰ সহকাৰী পৰিচালক হিচাপে কাম কৰি জায়নে অভিজ্ঞতা অৰ্জন কৰিছে৷ অভিনেত্ৰী হ’বলৈ যিমান ধুনীয়া হ’ব লাগে তাতকৈ জায়ন বেছিয়েই সৌন্দৰ্যশালী৷ তথাপি ইমানদিনে বিগস্ক্ৰীন ওলাবলৈ জায়নৰ ইণ্টাৰেষ্ট নাছিল৷ কিন্তু গ্লেমাৰ নাথাকিলে যে পইচা থাকিও লাভ নাই সেইটো জায়নে অনুভৱ কৰিছে৷ সেয়ে আমীৰৰ নতুন চিনেমাত অভিনয় কৰিব বিচাৰিছে জায়নে৷
জায়ন সম্প্ৰতি প্ৰায় ৩১ বছৰীয়া৷ বলীউডত তেওঁতকৈ বয়সত সৰু কেবাগৰাকী অভিনেত্ৰীয়ে সম্প্ৰতি দপদপাই আছে৷ সেয়ে কিছু পলম হ’লেও জায়নে চিনেমাত অভিনয় কৰাৰ মনস্থ কৰিছে৷ বি-টাউনৰ খবৰ অনুসৰি সোনকালে জায়নৰ সৈতে আমীৰ খানে অভিনয় কৰিব৷ আমীৰ খানৰ পৰৱৰ্তী চিনেমাত নায়িকা হিচাপে জায়নেই অভিনয় কৰিব৷ এইবাৰ আপোন ভাগিনীয়েকৰ সৈতে ৰোমাণ্টিক চৰিত্ৰত অভিনয় কৰিব ছুপাৰষ্টাৰ আমীৰে৷ অৱশ্যে পূৰ্বে অভিনয় নকৰিলেও জায়ন মেৰী খানে পিন্ধে ৰিভিলিং ড্ৰেছ৷
বি-টাউনৰ প্ৰতিটো পাৰ্টীতে জায়ন মেৰী খানে অংশগ্ৰহণ কৰে৷ জায়ন মেৰী খানৰ বিৰুদ্ধে আছে সুৰাপান কৰি আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ৷ কিছুদিন পূৰ্বে জায়ন খানে আকণ্ঠ সুৰাপান কৰি ড্ৰাইভিং কৰিছিল৷ তেতিয়া তেওঁৰ গাড়ী ৰখাবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে৷ কিন্তু ট্ৰেফিক পুলিচক খুন্দিয়াই মুম্বাইত গাড়ী চলাইছিল আমীৰ খানৰ ভাগিনীয়েকে৷ তথাপি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু নহ’ল৷ এই জায়ন মেৰি খানেই বি-টাউনত প্ৰৱেশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইতিমধ্যে আমীৰ খানৰে কৰিছে এগ্ৰিমেণ্ট৷
আমীৰ খানে জীৱনৰ প্ৰথমখন চিনেমাৰ বাবে জায়নক ২ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ খবৰ অনুসৰি চিনেমাখনত পাকিস্তানী বেশ্যাৰ চৰিত্ৰত জায়নে অভিনয় কৰিব৷ বেশ্যাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জায়নে পৰিধান কৰিব লাগিব বিকিনী৷ ব্ৰা-পেণ্টী পৰিধান কৰিও জায়ন মেৰী খানে কেমেৰাৰ সন্মুখত থিয় দিব লাগিব৷ অৱশ্যে বিকিনী পিন্ধি শৰীৰ প্ৰদৰ্শন কৰিবলৈ জায়ন খানে লাজ নকৰে৷ চিনেমাত অভিনয় নকৰিলেও মডেল হিচাপে জায়ন মেৰী খানে আগতেও বিকিনী পৰিধান কৰিছে৷
এইবাৰ জায়ন মেৰীয়ে প্ৰথমবাৰলৈ নায়িকা হিচাপে কেমেৰা ফে’চ কৰিব৷ অৱশ্যে আমীৰ খান আছে বাবে চিন্তা কৰা নাই জায়নে৷ তেওঁ মুছলমান হ’লেও কোনো ধৰ্মীয় নিয়ম পালন নকৰে৷ জায়নে পূৰ্বৰে পৰা ৰমজান মাহতো পালন নকৰে ৰোজা৷ তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্যই হৈছে হাজী৷ কিন্তু জায়ন মেৰীয়ে হজযাত্ৰাও কৰা নাই৷ তেওঁৰ ইছলাম ধৰ্মৰ প্ৰতি আস্থা নাই৷ সেয়ে হিন্দুত্ববাদী সংগঠনে তেওঁৰ নতুন চিনেমাখন চাব বুলি জায়ন আশাবাদী৷ ধৰ্মক অবজ্ঞা কৰা জায়নে হিন্দু যুৱকৰ সৈতে কৰিছে প্ৰেম৷