একেবাৰে শুদ্ধ কাম কৰিলে পুলিচে
যুৱতীৰ স্তন স্পৰ্শ কৰা যুৱকৰ সৈতে উলিয়ালে সমদল
দুজন যুৱক ৰাস্তাত ঘূৰি ফুৰিছিল৷ তেওঁলোকক কোনেও বিশেষ গুৰুত্ব দিয়া নাছিল, পথেৰে স্বাভাৱিকভাৱে পাৰ হৈ গৈছিল আনসকল লোক৷ তেতিয়াই ৰাস্তাৰে খোজকাঢ়ি গৈছিল তিনিগৰাকী যুৱতী৷ তেওঁলোকেও দুই যুৱকক লক্ষ্য কৰা নাছিল৷ পিছে যুৱতী দুগৰাকীয়ে তেওঁলোকক লক্ষ্য কৰিবলৈ বাধ্য হ’ল৷ কাৰণ অতৰ্কিতে আক্ৰমণ কৰি দুই পাষণ্ডই যুৱতীৰ স্তন স্পৰ্শ কৰিলে৷ ৰাস্তাত কাৰণ নোহোৱাকৈ দুহাতেৰে খামোচ মাৰি ধৰিলে অচিনাকী মহিলাৰ স্তন৷ তেওঁলোকে প্ৰথমে ঘটনাৰ কোনো আওভাও পোৱা নাছিল৷ তেতিয়া দুই যুৱকে অচিনাকী মহিলাক সাবটি ধৰাৰ চেষ্টা কৰিলে৷ এই দৃশ্য ৰাস্তাৰ আন পথচাৰীৰো চকুত পৰিল৷ কিন্তু কোনেও দুই পাষণ্ডক প্ৰতিৰোধৰ চেষ্টা নকৰিলে৷ ঘটনাৰ আকস্মিকতাত হতভম্ব মহিলা দুগৰাকীয়ে তেতিয়া পলাব বিচাৰিলে৷ কিন্তু তেওঁলোকক খেদি খেদি গৈ দুই পাষণ্ডই কৰিয়েই থাকিল অত্যাচাৰ৷ অকাৰণতে অচিনাকী মহিলাৰ স্তনত খামোচ মাৰি পাষণ্ডই তাণ্ডৱৰ সূচনা কৰিলে৷
এইবাৰ কিন্তু মহিলা দুগৰাকীয়ে সাহস দেখুৱালে৷ তেওঁলোকে দুই পাষণ্ডৰ ছাৰ্টৰ কলাৰত খামোচ মাৰি ধৰিলে৷ লম্পটক এসেকা দিওঁ বুলি দুয়ো মাৰিলে কেবাটাও কাণতলীয়া চৰ৷ তেতিয়াহে নীৰৱ দৰ্শক হৈ ৰৈ থকা আন পথচাৰীয়ে সাহস পালে৷ সকলোৱে মিলি মহিলাৰ স্তনত হাত দিয়া পাষণ্ডক উৰাই-ঘূৰাই পিটিলে৷ পৰৱৰ্তী সময়ত যুৱতী দুগৰাকীয়ে লম্পটক থানালৈ চোঁচৰাই লৈ গ’ল৷ আৰক্ষীয়ে অৱশ্যে এইবাৰ ঠিকেই পালন কৰিলে নিজৰ দায়িত্ব৷ ৰাস্তাত যুৱতীক অত্যাচাৰ কৰা পাষণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু নকৰিলে৷ তাৰ সলনি তিনিজন কনিষ্টবলে দুয়োকে উত্তম-মধ্যম শোধালে৷ গোচৰ ৰুজু কৰিলে যিহেতু আদালতত জামিন পাব সেয়ে আৰক্ষীয়ে থানাতে দিলে পিটন৷ দুয়োকে খোজ কাঢ়িব নোৱাৰাকৈ প্ৰহাৰ কৰি পুলিচে ৰাস্তালৈ উলিয়াই নিলে৷ পাষণ্ডক যাতে ৰাইজে চিনি পায় সেয়ে সমদল উলিওৱা হ’ল৷
কেবাজনো জোৱানে হেণ্ডকাফ লগাই তেওঁলোকক ৰাস্তাত খোজ কাঢ়িবলৈ নিৰ্দেশ দিলে৷ মাৰৰ কোবত খোজ কাঢ়িব নোৱাৰা হোৱা পাষণ্ডই লেঙেৰিয়াই লেঙেৰিয়াই যাত্ৰা কৰিলে৷ তেওঁলোকে অচিনাকী মহিলাৰ স্তন স্পৰ্শ কৰিছিল বুলি ৰাইজক জনালে পুলিচে৷ ৰাস্তাত মহিলাক নিৰ্যাতনৰ চেষ্টা কৰা পাষণ্ডই কাণত ধৰি সকলোকে ক্ষমা খুজিলে৷ আগলৈ এনে ভুল নকৰোঁ বুলি তেওঁলোকে ৰাইজক প্ৰতিশ্ৰুতি দিলে৷ কিন্তু ইয়াৰ পিছতো পাষণ্ডক পুলিচে ৰেহাই নিদিলে৷ দুয়োকে উৎকট গৰমত ৰাস্তাতে আঁঠু কাঢ়িবলৈ দিয়া হ’ল৷ তেওঁলোকে বাধ্যত পৰি ৰ’দত আঁঠুকাঢ়ি থাকিল৷ মুঠতে অৱস্থা কাহিল কৰি পেলোৱা হ’ল নৰাধমৰ৷
এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত৷ ৰাস্তাত যুৱতীক নিৰ্যাতন কৰা দুই পাষণ্ডৰ নাম সুভাষ পাল আৰু দক্ষ বুলি পুলিচে প্ৰকাশ কৰিছে৷ তেওঁলোকক থানাত ৰামপিটন দিয়াৰ পিছত আৰক্ষীয়ে ৰাস্তাতো প্ৰহাৰ কৰিলে৷ লাঠীৰে কোবাই দুয়োৰে পিঠিৰ ছাল ছিঙি দিয়া হ’ল৷ ৰাস্তাৰ মানুহে ভালকৈ দেখিলে পাষণ্ডৰ চেহেৰা৷ তেওঁলোকে অনাগত সময়ত প্ৰতিগৰাকী নাৰীক মাতৃৰ দৰে সন্মান কৰিম বুলি প্ৰতিশ্ৰুতি দিলে৷ ভৱিষ্যতে দোষ নকৰোঁ বুলি থানাত লিখি দিলে দুই পাষণ্ডই৷ তেতিয়াহে পালে ৰেহাই৷



