সুন্দৰীয়ে খাই ব্ৰেণ্ডেড পানী

প্ৰিমিয়াম ব্ৰেণ্ডৰ মদো খাই, কিন্তু পানীৰ বাবে বেছি পইচা খৰচ কৰে দিশা পাটানীয়ে
যিমান পইচা উপাৰ্জন কৰে তাৰে ৮০ শতাংশ ধন পানীৰ নামতে কৰে খৰচ
এই বিলাসিতাৰ বিষয়ে নিজেই স্বীকাৰ কৰিছে দিশা পাটানীয়ে৷ ব্লিং ৱাটাৰ নামৰ বিশেষ পানীৰ ব্ৰেণ্ডৰ বাবে মাহিলী কোটি কোটি টকা খৰচ কৰিছে দিশাই৷ অভিনেত্ৰী দিশাই সাধাৰণ পানী নাখায়৷ তেওঁ ছাল উজ্জ্বল কৰি ৰাখিব ব্লিং ব্ৰেণ্ডৰ পানী খায়৷ এই পানীত কেবাবিধো পুষ্টিৰ মিশ্ৰণ থাকে৷ সেইমতে ব্লিং পানীৰ দামো বহু বেছি৷ ৭৫০ মিলিলিটাৰৰ ব্লিং পানীৰ বটলটোৰ দাম কমেও ৩ হাজাৰ টকা৷ পইচা খৰচ হ’লেও দিশাই ব্লিং ৱাটাৰৰ বাদে আন একো নাখায়৷ সপ্তাহত কমেও পাঁচবাৰ দিশাই ব্লিং ৱাটাৰ ক্ৰয় কৰে৷ গা ধুবলৈয়ো দিশাই সাধাৰণ পানী ব্যৱহাৰ নকৰে৷ যিমান ধন খৰচ হ’লেও ব্লিং দল খোৱাৰ লগতে মিনাৰেল ৱাটাৰেৰে দিশাই স্নান কৰে৷ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ সাক্ষাৎকাৰত প্ৰকাশ কৰিছে ব্লিং ৱাটাৰ নামৰ ব্ৰেণ্ডৰ পানী খোৱাৰ কথা৷ দিশাৰ মতে এসময়ত তেওঁ চৰ্মৰোগত আক্ৰান্ত হৈছিল৷ বেছিকৈ মেক-আপ কৰিবলগা হোৱা বাবে দিশাৰ ছালত খৰ হৈছিল৷ পিঠি আৰু তপিনাত হৈছিল বেচু৷ তেতিয়া দিশাক চিকিৎসকে ব্লিং ৱাটাৰ খাবলৈ পৰামৰ্শ দিলে৷ সেয়ে দিশাই কেবালাখ টকা খৰচ কৰি ব্লিং পানী খাব ধৰিছিল৷ অৱশ্যে দিশা পাটানীয়ে ব্লিং ৱাটাৰ খালেও ঘৰৰ বাকী সদস্যসকলে সাধাৰণ পানীয়েই খায়৷ কিন্তু ব্লিং ৱাটাৰৰ বাবে দুখীয়া হ’ব লাগিব বুলি ভয়ো লাগে দিশা পাটানীৰ৷ তেওঁ ছাল উজ্জ্বল কৰি ৰাখিবলৈ ৩ হাজাৰটকীয়া পানী খাই ঠিকেই, কিন্তু তাৰ বাবে দিশাই মাহিলী খৰচ কৰিবলগীয়া হয় কমেও ১৮ লাখ টকা৷ মাজতে দেউতাকে তেওঁক ব্লিং ৱাটাৰ খোৱাৰ অভ্যাস এৰি দিবলৈ উপদেশ দিয়া বুলি দিশাই প্ৰকাশ কৰিছে৷ কিন্তু উপকাৰিতাৰ বাবে দিশাই এৰিব পৰা নাই ব্লিং ৱাটাৰ৷ কেৱল দামী পানী কিনিবলৈ কেবাটাও নতুন বিজ্ঞাপনত কাম কৰিবলগা হোৱা বুলি দিশা পাটানীয়ে প্ৰকাশ কৰিছে৷ তথাপি দিশাই এৰিব পৰা নাই ৩ হাজাৰটকীয়া পানী৷ মুঠতে কষ্ট কৰি হ’লেও খাইছে দামী ব্লিং ৱাটাৰ৷
বলীউডত প্ৰৱেশ কৰাৰ পূৰ্বে দিশাৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা ভাল নাছিল৷ সেয়ে এতিয়াও দিশাই অবাবত পইচা খৰচ কৰিলে দেউতাকে ভাল নাপায়৷ জীয়েকক পাৰিলে পইচা সাঁচিবলৈ উপদেশ দিয়ে৷ কিন্তু দিশাৰ স্বভাৱ হৈছে ধোৱাখুলীয়া৷ তেওঁ ব্লিং ৱাটাৰ কিনাৰ নামতে মাহে ১৮ লাখ টকা খৰচ কৰে৷ তাৰোপৰি দিশাই পোছাকৰ নামত মাহিলী উৰায় কমেও আঢ়ৈকোটি টকা৷ ইমান পইচা দিশাই খৰচ কৰাটো পিতৃয়ে সহ্য কৰিব নোৱাৰে৷ অৱশ্যে যিমান খৰচ কৰিলেও বিকিনী পিন্ধি ইনকামো বৃদ্ধি কৰিছে দিশা পাটানীয়ে৷
ইমানদিনে অভিনয় কৰি থাকিলেও দিশা পাটানীয়ে কেমেৰাৰ সন্মুখত বিকিনী পিন্ধা নাছিল৷ তেওঁ স্তন আবুৰ কৰিয়েই অভিনয় কৰি আছিল৷ কিন্তু বৃদ্ধি হোৱা খৰচৰ জোৰা মাৰিবলৈ দিশা পাটানীয়ে নতুন অৱতাৰ লৈছে৷ তেওঁ পিন্ধিব ধৰিছে বিকিনী৷ শেহতীয়াকৈ এজন জাপানী ফিল্মমেকাৰৰ নতুন চিনেমাতো চুক্তিবদ্ধ হৈছে দিশা৷ বি-টাউনৰ খবৰ অনুসৰি সেই চিনেমাখনত দিশা পাটানীয়ে সম্পূৰ্ণ নগ্ন হৈ অভিনয় কৰিব৷ তাৰ বাবে তেওঁ বিচাৰিছে ২৮ কোটি টকা৷ অৱশ্যে দিশাক সেই ধনৰাশি দিবলৈ সন্মত হোৱা নাই জাপানী পৰিচালক৷ দিশাক তেওঁলোকে ১৮ কোটি টকা দিব বিচাৰিছে৷ কিন্তু সম্পূৰ্ণ নিৰ্বস্ত্ৰ হৈ অভিনয় কৰাৰ বাবে দিশাক লাগে ২৮ কোটি৷ সেই বিষয়টোত চিনেমাখন বৰ্তমান ওলমি আছে৷ এই চিনেমাখনত অভিনয় কৰিলে দিশাই বলীউডৰ সৰ্বাধিক ফীজ লোৱা অভিনেত্ৰীৰ স্বীকৃতি লাভ কৰিব৷