বিয়া পাতিব ওলাইছে যদি সাঁতুৰিবলৈ শিকি লওক
অন্যথা বিয়াৰ পিছত আওমৰণে মৰিবলগীয়া হ’ব পাৰে
বিয়াৰ পিছত কিয় আওমৰণে মৰিব সেইটো ভাবি যদি আপুনি হাবাথুৰি খাইছে তেন্তে এই প্ৰতিবেদন চাওক৷ মধ্যপ্ৰদেশৰ এই যুৱকজনে কিছুদিন পূৰ্বে এৰেইঞ্জ মেৰেইজ কৰিছিল৷ ঘৰৰ পৰা পছন্দ কৰা কইনাৰ সৈতে তেওঁৰ হৈছিল বিয়া৷ যুৱকজন সংসাৰৰ আৰম্ভণিতে সুখীয়েই আছিল৷ নৱপৰিণীতা পত্নীয়ে তেওঁৰ অন্তৰ ভৰাই তুলিছিল৷ তেওঁক সুখী কৰিবলৈ সক্ষম হৈছিল পত্নী৷ এদিন পত্নীয়ে তেওঁক দুপৰীয়াৰ সাঁজ হোটেলত খোৱাৰ ইচ্ছা ব্যক্ত কৰিলে৷ যুৱকজনেও আপত্তি নকৰিলে৷ অফিচৰ পৰা এবেলা ছুটী লৈ যুৱকজন ঘৰত উপস্থিত হ’ল৷ আনদিনা গাড়ীত যোৱাৰ ইচ্ছা কৰা মহিলাগৰাকীয়ে সেইদিনা বাইকতহে হোটেললৈ যাম বুলি ক’লে৷ যুৱকজনেও পত্নীক বহুৱাই বাইক লৈ হোটেল অভিমুখে ৰাওনা হ’ল৷ তেওঁলোক ভালকৈয়ে গৈ আছিল৷ যুৱকজনে যাত্ৰাপথত পাইছিল এখন নদী৷ তেতিয়া তেওঁক পত্নীয়ে বাইক ৰখাব ক’লে৷ যুৱকজনক দলঙৰ ৰেলিঙত ধৰি ফটোৰ বাবে প’জ দিয়াৰ অনুৰোধ জনালে পত্নীয়ে৷ সেই মতে তেওঁ প’জ দিছিলহে৷ তেনেতে আচম্বিতে আক্ৰমণ কৰি পত্নীয়ে তেওঁক দলঙৰ পৰা নদীত পেলাই দিলে৷ যুৱকজনে আত্মৰক্ষাৰ নাপালে সুযোগ৷ তেওঁ পত্নীৰ গতাত পানীত পৰিলগৈ৷ যুৱকজনৰ বাবে আক্ৰমণ আছিল অপ্ৰত্যাশিত৷ তেওঁক পত্নীয়ে গতিয়াই দিয়াটো কোনেও নেদেখিলে৷ পানীত ককবকাই থকা যুৱকজনক উদ্ধাৰৰ বাবেও কোনো নাছিল৷ কিন্তু সৌভাগ্যক্ৰমে ভালকৈ সাঁতুৰিব জানিছিল যুৱকজনে৷
তেওঁ সেই বিদ্যা ব্যৱহাৰ কৰি পানীত হাত চলালে৷ বাঁউসীৰ বলেৰে সাঁতুৰি তেওঁ পাৰ হ’ল নদীখন৷ বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰিলে৷ কিন্তু নদীখন আছিল দ৷ তেওঁ সাঁতুৰি পাৰ পাব নোৱাৰিলে৷ পানীৰ মাজত কোনোবাই ককবকাই থকা দেখিলে স্থানীয় লোকে৷ তেওঁ এডাল ৰচীৰ সহায়ত যুৱকজনক উদ্ধাৰ কৰিলে৷ দলঙত গোট খোৱা শতাধিক লোকে ৰচীৰে টানি টানি যুৱকজনক পানীৰ পৰা উঠালে৷ তেওঁ ৰাইজক ঘটনাৰ বিষয়ে জনালে যদিও তেতিয়ালৈ পলায়ন কৰিছিল পত্নীয়ে৷ নিৰীহ যুৱকজনে পত্নীৰ পৰিকল্পনাৰ বিষয়ে জনা নাছিল৷ তেওঁক হত্যা কৰিবলৈ পত্নীয়ে যে তলে তলে চক্ৰান্ত কৰি আছিল সেয়া বুজি পোৱা নাছিল৷ সেযে সহজকৈ দলঙৰ ৰেলিঙত ধৰি ফটোৰ বাবে প’জ দিছিল৷ আনহাতে যুৱকজনৰ মৃত্যু নিশ্চিত বুলি ভাবি তাৰ পৰা পলায়ন কৰিছিল অসভ্য যুৱতীগৰাকীয়ে৷
স্বামীক তেওঁ গতিয়াই পানীত পেলোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল প্ৰেমিক৷ ততালিকৈ দুয়ো তাৰ পৰা পলায়ন কৰিছিল৷ এই ঘটনাৰ পিছতহে যুৱতীগৰাকীৰ সৈতে প্ৰেমিকৰ সম্পৰ্কৰ বিষয়ে পৰিয়ালে গম পাইছে৷ লগে লগে ফোন ট্ৰেচ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীক৷ তেওঁ প্ৰকাশ কৰা অনুসৰি হোটেলত খাবলৈ যোৱাৰ বুদ্ধি পাঙি স্বামীক শেষ কৰি দিবলৈ প্ৰেমিকে পৰামৰ্শ দিছিল৷ সেইমতে তেওঁ স্বামীক পানীলৈ গতিয়াই দিয়াৰ সময়তে ঘটনাস্থলীত উপস্থিত হৈছিল প্ৰেমিক৷ কিন্তু স্বামীয়ে সাঁতুৰিব জনা বাবে মৃত্যু নঘটিল৷ সেয়ে যুৱতীগৰাকীয়ে ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব নোৱাৰিলে৷ তেওঁ ধৰা পৰিল৷ প্ৰেমিকৰ সৈতে সুখৰ সংসাৰ কৰাৰ সপোনো পূৰণ নহ’ল৷ প্ৰেমিকৰ সৈতে বিয়াৰ সলনি জে’লত সোমাল৷



