ক্ৰিকেট বিশ্বকাপ জিকিবলৈ হ’লে কেপ্টেইনে বিয়া পাতিব লাগিব
শুভমন গিলে বিয়া নাপাতিলে এইবাৰো ভাৰতে জিকিব নোৱাৰে বিশ্বকাপ
কথাটো মিছা নহয়৷ এদিনীয়া বিশ্বকাপ জিকিবলৈ প্ৰতিটো দলৰ অধিনায়কে বিয়া পতাটো বাধ্যতামূলক৷ যিটো দলৰ অধিনায়কে নতুনকৈ বিয়া পাতি দলক নেতৃত্ব প্ৰদান কৰে সেইটো দলেই বিশ্বকাপত চেম্পিয়ন হয়৷ এই ধাৰাটো ২০০২ চনত আৰম্ভ হৈছিল৷ সেইবাৰ নতুনকৈ বিয়া পাতি অষ্ট্ৰেলিয়াক নেতৃত্ব প্ৰদান কৰিছিল ৰিকী পণ্টিঙে৷ তেওঁৰ অধিনায়কত্বত অষ্ট্ৰেলিয়া সেইবাৰ চেম্পিয়ন হ’ল৷ ৰিকী পণ্টিঙে বিয়া পতাৰ পিছতে অষ্ট্ৰেলিয়া দুৰ্দান্ত হৈ পৰিছিল৷ তেওঁৰ নেতৃত্বত খেলিছিল গ্লেন মেকগ্ৰা, শ্বেন ৱাৰ্নৰ দৰে বলাৰে৷ তাৰ পিছৰবাৰৰ বিশ্বকাপতো একেটা ধাৰাই বাহাল থাকিল৷ ২০১০ চনত ভাৰতে বিশ্বকাপ জয় কৰিছিল৷ সেইবাৰ আকৌ ভাৰত অধিনায়ক মহেন্দ্ৰ সিং ধোনি বিবাহত আবদ্ধ হৈছিল৷ একেবছৰতে সাক্ষী ধোনিৰ সৈতে বিয়াত বহাৰ পিছত দলক নেতৃত্ব প্ৰদান কৰিছিল ধোনিয়ে৷ ২০১৮ চনত বিবাহত আবদ্ধ হৈছিল ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গান৷ তেওঁ বিয়া পাতিয়েই দলক নেতৃত্ব প্ৰদান কৰিছিল৷ ২০১৯ চনত অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ডৰ অধিনায়ক আছিল মৰ্গান৷ তেওঁৰ নেতৃত্বত দলটো বিশ্বকাপত চেম্পিয়ন হ’ল৷ এই ধাৰাটো পিছতো অব্যাহত আছিল৷ ২০২২ চনত বিবাহত আবদ্ধ হৈছিল অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স৷ তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়া ২০২৩ চনৰ বিশ্বকাপত বিজয়ী হৈছিল৷ মুঠতে বিশ্বকাপত যিকোনো দল চেম্পিয়ন হোৱাৰ বাবে অধিনায়কে বিয়া পতাটো বাধ্যতামূলক৷ অন্যথা কোনো দলে বিশ্বকাপ জয় কৰিব নোৱাৰে৷ সেইবাবে এইবাৰ ভাৰতৰ অধিনায়ক শুভমন গিলে পাতিব লাগিব বিয়া৷ নহ’লে ক্ৰিকেট অনুৰাগীৰ সপোন অপূৰ্ণ হৈয়েই থাকিব৷ গতিকে ক্ৰিকেট ফেনে নিজাববীয়াকৈ শুভমন গিলৰ বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ অৱশ্যে তলে তলে গিলেও বিবাহৰ বাবে প্ৰস্তুতি চলাই আছে৷ খবৰ অনুসৰি গিলে গাৰ্লফ্ৰেণ্ড শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা৷ মাজতে দুয়োৰে ব্ৰেক-আপ হৈছিল যদিও ছাৰাৰ সৈতে গিলৰ পেচ্চ-আপো হৈছে৷ তেণ্ডুলকাৰ পৰিয়ালৰ তৰফৰ পৰা গিলৰ সৈতে ছাৰাৰ বিয়াৰ প্ৰস্তুতি চলিয়েই আছে৷
এদিনীয়া বিশ্বকাপত বিজয় অৰ্জন কৰিবলৈ আছে কেবাটাও চৰ্ত৷ ক্ৰিকেটাৰৰ মতে কোনোবাই যদি বিশ্ব কাপৰ পূৰ্বে কঠোৰ ডায়েট মানি চলে তেন্তে বেছি ৰান কৰিব নোৱাৰে৷ ১৯৯৬ চনৰ বিশ্বকাপৰ সময়ত পাকিস্তানৰ অধিনায়ক ইনজামাম উল হকে ওজন হ্ৰাস কৰিছিল৷ সেইবাৰ তেওঁ অশেষ কষ্ট কৰি হ্ৰাস কৰিছিল ১৯ কেজি ওজন৷ কিন্তু বিশ্বকাপ ইনজামামৰ বাবে ফ্লপ শ্ব’ত পৰিণত হ’ল৷ তেওঁ গোটেই বিশ্ব কাপত কৰিব পাৰিলে মাত্ৰ ১৯ ৰান৷ গতিকে বিশ্বকাপৰ পূৰ্বে যিকোনো দলৰ অধিনায়কে কষ্ট কৰি ওজন হ্ৰাস কৰাটো অশুভ বুলিয়েই বিবেচনা কৰা হয়৷ যাৰ বাবে বিশ্বকাপৰ পূৰ্বে কোনেও নকৰে ডায়েট৷
তথাপি শুভমন গিলক বিয়া পাতিবলৈ অনুৰোধ জনোৱা অনুৰাগীয়ে উত্তাল কৰি তুলিছে ফে’চবুক৷ ক্ৰিকেট বিশ্বকাপ জয় কৰিবলৈ গিলে বিয়া পতাৰ গত্যন্তৰ নাই বুলি দাবী কৰিছে ভাৰতীয় অনুৰাগীয়ে৷ মাজতে অৱশ্যে শুভমনে দিছিল বিয়াৰ ইংগিত৷ কিন্তু ছাৰা তেণ্ডুলকাৰৰ সৈতে শুভমনৰ আকস্মিক ব্ৰেক-আপে বিয়াৰ খবৰ তল পেলালে৷ পিছে এইবাৰ শুভমনক এৰি নিদিয়া হৈছে অনুৰাগীয়ে৷ তেওঁ বিয়া নাপাতিলে বিশ্বকাপ হেৰুৱাব লাগিব বুলি অনুৰাগীয়ে চিঞৰ বাখৰ কৰিছে৷ কেনেবাকৈ ভাৰত হাৰিলে শুভমন জগৰীয়া হ’ব বুলিও ঘোষণা কৰিছে অনুৰাগীয়ে৷ সেয়ে সোনকালে ছোৱালী চাইছে শুভমন গিলে৷



