লোন লৈছে যদি সাৱধানে থাকিব

আপুনিও লোনৰ কিস্তি দিবলৈ বাকী আছে নেকি
লোন ৰিক’ভাৰী এজেণ্টক দেখি ঘৰৰ পৰা পলাই যাব নেকি আপুনি
যদি লোনৰ পইচা দিয়াৰ ভয়ত ঘৰৰ পৰা পলাই তেন্তে সাৱধান৷ এজেণ্টে পইচা নিবলৈ আহিলৈ পলাই সাৰিব পাৰিব ঠিকেই, কিন্তু তাৰ ফলত আপুনি পত্নীক হেৰুৱাবলগীয়া হ’ব৷ মুঠতে আপোনাক বেংকে শেষ কৰি দিব৷ ইফালে লোনৰ পইচাও যাব, একেসময়তে আপোনাৰ সংসাৰো ধ্বংস হ’ব৷ সেয়ে বেংকৰ পৰা লোন লোৱাৰ আগতে এবাৰ ভালকৈ ভাবি চাব৷ বিহাৰৰ পৰেশ নামৰ লোকজনৰ অৱস্থা তেনেকুৱাই হ’ল৷ তেওঁ গাড়ী কিনিবলৈ বেংকৰ লোন লৈছিল৷ কিন্তু দুমাহ ভালকৈ চলাৰ পিছতে পৰেশৰ গাড়ী বেয়া হ’ল৷ ভাৰা মাৰিব নোৱাৰি পৰেশে বেংকৰ কিস্তিও পৰিশোধ কৰিব নোৱাৰা হ’ল৷ গতিকে লোনৰ পইচা নিবলৈ অহা এজেণ্টক দেখিলেই ঘৰৰ পৰা পলোৱা হ’ল পৰেশ৷ দুমাহ লোনৰ কিস্তি পৰিশোধ নকৰিলে পৰেশে৷ তেওঁ ঘৰত নাই বুলি কৈ বেংকৰ এজেণ্টক পৰেশৰ ঘৈনিয়েকে ঘূৰাই পঠিয়ালে৷ পৰেশৰ চালাকি বুজি বেংকৰ এজেণ্টেও গাড়ী টানি নিয়াৰ পৰা বিৰত থাকিল৷ তিনিনম্বৰ বাৰ কিস্তিৰ পইচা বিচাৰি যাওতে পৰেশৰ ঘৈনিয়েকৰ সৈতে বেংকৰ এজেণ্টে কথা পাতিলে৷ পৰেশৰ পত্নীক দেখাত বৰ ধুনীয়া বুলি প্ৰশংসা কৰিলে এজেণ্টে৷ পিছৰবাৰ লোনৰ পইচা বিচাৰি গৈ পৰেশৰ ঘৈনিয়েকৰ ফোন নম্বৰো তেওঁ ল’লে৷ ইফালে এজেণ্টেক দেখিলেই পলায়ন কৰা পৰেশে পত্নীৰ মন পিচলাৰ কথা একো গমকে নাপালে৷
পৰেশে লুকা-ভাকু খেলি থাকোতেই পত্নীৰ সৈতে প্ৰেমলীলা আৰম্ভ কৰিলে বেংকৰ এজেণ্টে৷ পৰেশৰ পত্নীয়ে স্বামীয়ে ফাঁকি দি পলায়ন কৰা বুলি এজেণ্টক জনালে৷ স্বামীয়ে বেলেগ বেংক একাউণ্টত গোপনে সাঁচি থোৱা পইচাও তেওঁ বেংকৰ এজেণ্টক দি দিলে৷ পৰেশে নজনাকৈ বেংকে লাভ কৰিলে লোনৰ ধন৷ কিন্তু তেতিয়াই ঘটনাটো সমাপ্ত নহ’ল৷ এইবাৰ পৰেশৰ ঘৈনিয়েক ঘৰৰ পৰা অন্তৰ্ধান হ’ল৷ ধন পৰিশোধ কৰাৰ পৰা বাচি থাকিবলৈ পৰেশ পলাই ফুৰোতেই তেওঁৰ পত্নী হ’ল সন্ধানহীন৷ বেংকৰ এজেণ্টৰ সৈতে পলাই গৈ পৰেশৰ ঘৈনিয়েকে মন্দিৰত বিয়া পাতিলে৷ পইচা যোৱাৰ পিছত পৰেশে হেৰুৱালে ঘৈনিয়েকক৷
বিহাৰৰ জামুই জিলাত সংঘটিত হ’ল এইটো ঘটনা৷ প্ৰাপ্ত তথ্য অনুসৰি পৰেশ নামৰ লোকজনে গাড়ী কিনিবলৈ কেবালাখ টকাৰ লোন লৈছিল৷ কিন্তু তেওঁ কিস্তি পৰিশোধ কৰাৰ সলনি গাড়ী লুকুৱাই বেংকৰ কৰ্মচাৰীৰ চকুত ধূলি দি আছিল৷ ইফালে কিস্তি পৰিশোধ কৰাৰো ক্ষমতা নাছিল পৰেশৰ৷ সেয়ে প্ৰতিশোধ ল’বলৈ বেংকৰ কৰ্মচাৰীয়ে পৰেশৰ পত্নীৰ সৈতে প্ৰেম কৰিলে৷ পৰেশৰ ঘৈনিয়েকক ফুচুলাই বেংকৰ কৰ্মচাৰীয়ে গোপনে আদায় কৰিলে কেবাটাও কিস্তি৷ কিন্তু শেষত কিস্তি পৰিশোধ কৰাৰ বাবে পৰেশৰ পত্নীৰ হাততো পইচা নোহোৱা হ’ল৷ তেতিয়া তেওঁ বেংকৰ কৰ্মচাৰীক স্বামীয়ে গাড়ীখন লুকুৱাই থোৱা বুলি জনাই দিলে৷ সেইমতে লুকুৱাই থোৱা স্থানৰ সম্ভেদ পাই বেংকৰ কৰ্মচাৰীয়ে গাড়ীখন জব্দ কৰিলে৷
এফালে পৰেশে হেৰুৱালে পইচা৷ তেওঁৰ একাউণ্টত থকা শেষৰ পইচাকেইটাও পত্নীও গোপনে বেংকৰ কৰ্মচাৰীক দিলে৷ আনফালে পত্নীয়েও পৰেশক এৰি পলাই গ’ল৷ শেষত পত্নীয়ে জনোৱামতে পৰেশৰ গাড়ী বেংকে টানি লৈ গ’ল৷ এটা ভুলৰ বাবে পৰেশ নি:স্ব হৈ পৰিল৷ লোনৰ বাবে ভাগিল সুখৰ সংসাৰ৷