মৌলবীৰ কন্যাৰ সৈতে ব্ৰাহ্মণ যুৱকৰ বিয়া

ঘৰৰ পৰা ভুলতো বিয়া নিদিয়ে নাজনীনক
সমীৰৰ সৈতে প্ৰেম কৰাৰ বাবেও ঘৰত কৰিছিল মাৰপিট
নাজনীনৰ পিতৃ মৌলবী৷ স্থানীয় মছজিদত সদায় লোকজনে পাঁচৱক্ত নামাজ আদায় কৰে৷ তেওঁৰ কন্যা নাজনীনো ধাৰ্মিক৷ দেউতাকৰ দৰেই নাজনীনেও ধৰ্মীয় সকলো নিয়ম পালন কৰে৷ সেই নাজনীনেই পিতৃৰ দৃষ্টিত সাংঘাতিক ভুল কৰিলে৷ মৌলবীৰ কন্যা হৈয়ো নাজনীনে এজন হিন্দু যুৱকৰ প্ৰেম প্ৰস্তাৱ স্বীকাৰ কৰিলে৷ কলেজৰ দিনৰ পৰা দুয়োৰে মাজত আৰম্ভ হ’ল প্ৰেম৷ বিয়াৰ উপযুক্ত বয়স হোৱাত নাজনীনৰ বাবে পিতৃয়ে দৰা বিচাৰিলে৷ কিন্তু সমীৰৰ বাদে আন কাৰো সৈতে বিয়া হ’ব নোৱাৰে বুলি নাজনীনে জনাই দিলে৷ উপায়ন্তৰ দেউতাকে নাজনীনক গৃহবন্দীয়েই কৰি থ’লে৷ ভুলতো যাতে হিন্দু প্ৰেমিক সমীৰক লগ কৰিব নোৱাৰে তাৰ বাবে পিতৃয়ে নাজনীনক মাৰপিট কৰিলে৷ কিন্তু নাজনীনে একোৱেই নাভাবিলে৷ তেওঁ সমীৰৰ বাদে আন কোনো পুৰুষৰ কথা ভবাই নাছিল৷ ব্ৰাহ্মণ পৰিয়ালৰ সমীৰেই হৈছে নাজনীনৰ সপোনৰ পুৰুষ৷ প্ৰেমক পূৰ্ণতা দিবলৈ মৌলবীৰ কন্যা নাজনীনে সৰ্বশেষত গোপনে ঘৰ ত্যাগ কৰিলে৷
তেওঁ সমীৰৰ সৈতে হোৱা কথামতে প্ৰৱেশ কৰিলে স্থানীয় মন্দিৰত৷ বোৰ্খা পৰিধান কৰি ঘৰৰ পৰা ওলাই অহা নাজনীনৰ শিৰত সমীৰে ঢালি দিলে সেন্দূৰ৷ মন্দিৰত দুয়োৰে বিয়াখন হ’ল৷ শিৰত সেন্দূৰ লৈ সমীৰৰ সৈতে ঘৰলৈ গ’ল নাজনীন৷ তেওঁলোক দুয়োৰে প্ৰেমে লাভ কৰিলে পূৰ্ণতা৷ সমীৰৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতহে দেউতাকলৈ ফোন লগালে নাজনীনে৷ তেওঁ জনালে- দেউতা, মই গুচি আহিলোঁ৷ সমীৰৰ পত্নী হোৱাৰ বাবে পিতৃক ফাঁকি দিয়া বুলি কৈ ফোনতে হুকহুকাই কান্দিলে নাজনীনে৷ ইফালে খঙত অস্থিৰ হৈ পৰিল মৌলবী৷ তেওঁ ধৰ্মীয নিয়ম অনুসৰি নাজনীনক তেজ্যপুত্ৰী ঘোষণা কৰিলে৷
প্ৰেম কাহিনীৰ নায়িকা নাজনীন হৈছে ঝাৰখণ্ডৰ আমদাণ্ডাৰ বাসিন্দা৷ সেই এলেকাৰে ৰাণী ৰমিয়া নামৰ গাঁৱখনৰ মুছলমান পৰিয়ালটোৰ নুমলীয়া কন্যা হৈছে নাজনীন৷ তেওঁৰ দেউতাক হাজী৷ কেবাবাৰো হজ কৰা লোকজনৰ ধৰ্মৰ বিষয়ে আছে প্ৰচুৰ জ্ঞান৷ গতিকে নাজনীনক পিতৃয়ে সৰুৰে পৰাই ধৰ্মীয় শিক্ষা প্ৰদান কৰিছিল৷ নাজনীনে এতিয়াও ইছলাম ধৰ্মৰ প্ৰতি পোষণ কৰিছে সন্মান৷ কিন্তু প্ৰেমক সন্মান জনাই হিন্দু যুৱকৰ সৈতে বিয়া হৈছে নাজনীন৷ অৱশ্যে সমীৰৰ পৰিয়ালেও নাজনীন ধৰ্মান্তৰিত হ’ব নালাগে বুলি ঘোষণা কৰিছে৷ নাজনীন মুছলমান হৈ থাকিলেও সমীৰৰ মাক-দেউতাকৰ নাই কোনো আপত্তি৷ তেওঁলোকে মুছলমান পৰিয়ালৰ কন্যা নাজনীনক গ্ৰহণ কৰিছে৷ মৌলবী বিয়ৈকো ঘৰলৈ মাতিছে সমীৰৰ অভিভাৱকে৷
কিন্তু পৰিস্থিতি ইমান সহজ হৈ থকা নাই৷ নাজনীন নামৰ য়ুৱতীগৰাকীৰ সৈতে সমীৰৰ বিয়াৰ পিছত সাম্প্ৰদায়িক উত্তেজনাৰ সূচনা হৈছে৷ ফলত সমীৰৰ ঘৰত পহৰা দিবলগীয়া হৈছে পুলিচে৷ মুছলমান গাঁৱৰ লোকে সমীৰৰ ঘৰত আক্ৰমণৰ হুংকাৰ দিছে৷ আনহাতে ক্ৰমে মন কুমলিছে নাজনীনৰ পিতৃৰ৷ তেওঁ কন্যাৰ মোহ ত্যাগ কৰিব পৰা নাই৷ হাজাৰ হ’লেও নিজৰ জীয়েকৰ বাবে মৌলবী চাহাব শিথিল হৈ পৰিছে৷ এই ঘটনাৰ পিছত সাম্প্ৰদায়িক উত্তেজনা প্ৰশমিত কৰাত মূল ভূমিকা গ্ৰহণ কৰিছে নাজনীনৰ পিতৃয়ে৷ ৰাইজক শান্ত হ’বলৈ আহ্বান জনাই সম্প্ৰীতি ৰক্ষা কৰাত মৌলবীজনে আৰক্ষীক সহায় কৰিছে৷