চাৰিটা প্ৰতিষ্ঠান বিক্ৰী কৰিবলৈ মোদীৰ গ্ৰাহকৰ সন্ধান
ব্যক্তিগতকৰণ কৰা হ’ব ইউক’ বেংকৰো
ৰাজহুৱা খণ্ডৰ চাৰিটাকৈ বেংক বিক্ৰী কৰিব মোদীয়ে৷ সেয়ে নিটি আয়োগক গ্ৰাহক বিচৰাৰ দায়িত্ব দিয়া হৈছে৷ আই ডি বি আই বেংকক কানাডাৰ প্ৰতিষ্ঠানৰ হাতত চমজাই দি আজৰি হোৱা মোদীৰ চকুত পৰিছে আন চাৰিটা বিত্তীয় প্ৰতিষ্ঠান৷
প্ৰধানমন্ত্ৰীয়ে প্ৰথমে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া আৰু ইণ্ডিয়ান অভাৰচীজ বেংক বিক্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কিন্তু একেলগে ইউক’ বেংকো বেচা হ’ব বুলি প্ৰকাশ কৰিছে নিটি আয়োগৰ সূত্ৰই৷ তাৰোপৰি এইবাৰেই পঞ্জাব এণ্ড সিন্ধ বেংক বিক্ৰী কৰিবলৈ মনস্থ কৰা হৈছে৷
চৰকাৰে দেশৰ চাৰিটা ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানৰ বৰ্তমানৰ উচ্চ অংশীদাৰিত্ব হ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে প্ৰস্তুতি৷
দেশৰ বিত্তীয় বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ নিৰ্ধাৰিত তালিকাভুক্ত প্ৰতিষ্ঠানৰ বাবে বাধ্যতামূলক সৰ্বনিম্ন ২৫ শতাংশ শ্বেয়াৰ হ’ল্ডিঙৰ নিয়ম পালন কৰাৰ লক্ষ্য লৈয়েই চৰকাৰে বিক্ৰীৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ বৰ্তমান এই বেংকসমূহত চৰকাৰৰ সৰ্বাধিক অংশীদাৰিত্ব আছে৷
সেই শ্বেয়াৰ ক্ৰমাগতভাৱে হ্ৰাস কৰি ৭৫ শতাংশলৈ কমালে মুকলি বজাৰত সকলো বিনিয়োগকাৰীৰ বাবে অংশীদাৰিত্বৰ উপলব্ধতা আৰু লেনদেনৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাব৷
বিত্ত বিভাগৰ মতে এয়া বেংকসমূহৰ দীৰ্ঘম্যাদী বজাৰ মূল্য আৰু অৰ্থনৈতিক স্থিৰতা বৃদ্ধি কৰাত সহায়ক হ’ব। সেয়ে চাৰিওটা বেংকেই বিক্ৰী কৰিবলৈ মোদীয়ে গ্ৰাহক বিচাৰি ফুৰিছে৷ ভাল দাম পালেই তেওঁ বেংকবোৰ বেচি দিব৷


