মুছলমান যুৱকক বান্ধৱীৰ প্ৰস্তাৱ

নৱৰাত্ৰিত হিন্দু যুৱতীৰ সৈতে গাৰ্বা নাচিবলৈ মুছলমান যুৱকো যাব পাৰিব
কোনো বাধা নাই, কিন্তু মুছলমান যুৱকে এটা চৰ্ত পালন কৰিব লাগিব
নৱৰাত্ৰিত প্ৰায়ে গাৰ্বা নাচিবলৈ মুছলমান যুৱকে প্ৰৱেশ কৰে৷ কিছুমানে নিজকে হিন্দু বুলি পৰিচয় দি গাৰ্বা নৃত্য অনুষ্ঠানত প্ৰৱেশ কৰে৷ সেয়ে আজিকালি গাৰ্বা নচা প্ৰতিজন যুৱকৰে আধাৰ কাৰ্ড পৰীক্ষা কৰা হয়৷ বিশেষকৈ বিজেপিশাসিত ৰাজ্যত অচিনাকী যুৱকক গাৰ্বা নাচি থকা দেখিলেই ধৰ্ম পৰীক্ষা কৰে আয়োজকে৷ এইবাৰ বিজেপিশাসিত ৰাজ্যত এটা আচৰিত নিয়ম প্ৰৱৰ্তন কৰা হৈছে৷ সেইমতে যিকোনো মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে গাৰ্বা নাচিব পাৰিব৷ কিন্তু তেওঁলোকে এটা চৰ্ত পূৰণ কৰিব লাগিব৷ গাৰ্বা নাচিবলৈ মন কৰা মুছলমানে হিন্দু যুৱকৰ সৈতে তেওঁলোকৰ ভগ্নীকো নাচিব দিব লাগিব৷
হিন্দুত্ববাদী সংগঠনৰ অভিযোগ হৈছে যে গাৰ্বা নৃত্যৰ নামত মুছলমানে লাভ জেহাদ কৰে৷ নৱৰাত্ৰিত হিন্দু যুৱতীৰ সৈতে ভুৱা পৰিচয়েৰে চিনাকি হ’বলৈ মুছলমান যুৱকে সুযোগ লয়৷ সেয়ে মুছলমান যুৱকৰ লাভ জেহাদ ৰোধ কৰাৰ চেষ্টা চলোৱা হৈছে৷ গুজৰাটত গাৰ্বা আয়োজকে কৰা নিয়ম অনুসৰি কোনো মুছলমান যুৱকে গাৰ্বা নৃত্য অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ সংকোচ কৰাৰ প্ৰয়োজন নাই৷ কাৰণ গাৰ্বা হৈছে সাংস্কৃতিক কাৰ্যসূচী৷ কিন্তু গাৰ্বা অনুষ্ঠানত কেৱল মুছলমান যুৱকেই প্ৰৱেশ কৰিব নোৱাৰিব৷ তেওঁলোকে লগতে নৃত্য কৰিবলৈ নিজৰ ভনীয়েককো নিব লাগিব৷ যিহেতু অকলশৰীয়া হিন্দু যুৱককো সংগীৰ প্ৰয়োজন সেয়ে মুছলমান যুৱতীয়েও গাৰ্বা কৰিব লাগিব৷ যিসকল মুছলমান যুৱকৰ ভগ্নী নাই তেওঁলোকে আন পৰিয়ালৰ যুৱতীকো নিজৰ সৈতে নিব পাৰিব৷ কিন্তু কোনো অকলশৰীয়া মুছলমান যুৱকে নাচিব নোৱাৰিব গাৰ্বা৷
এই নিয়ম অনুসৰি এইবাৰ গুজৰাটত মুছলমান যুৱকক গাৰ্বা নৃত্য কৰাত বাধা দিয়া নহয়৷ তেওঁলোকক আয়োজকে অনুষ্ঠানস্থলীত প্ৰৱেশ কৰাত বাধাও নিদিয়ে৷ কিন্তু মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে দাণ্ডিয়া নচাৰ আগতে নিজৰ ভনীয়েককো নাচিবলৈ দিব লাগিব৷ মুছলমান পৰিয়ালৰ যুৱতীৰ নৃত্যৰ সংগী হ’ব লাগিব হিন্দু যুৱক৷ এই নিয়মৰ জৰিয়তে লাভ জেহাদ ৰোধ কৰিব পাৰ যাব বুলি গাৰ্বা নৃত্য আয়োজকে প্ৰকাশ কৰিছে৷ নতুন নিয়মৰ বিষয়ে প্ৰথমে প্ৰকাশ কৰিছিল আৰোহী দত্ত নামৰ এগৰাকী যুৱতীয়ে৷ তেওঁক এজন প্ৰতিৱেশী যুৱতীয়ে একেলগে গাৰ্বা নৃত্য কৰাৰ বাবে দিছিল প্ৰস্তাৱ৷ তেতিয়া আৰোহীয়ে মুছলমান যুৱকজনক তেওঁৰ দুয়ো ভনীয়েককো হিন্দু যুৱকৰ সৈতে দাণ্ডিয়া নাচিব দিব লাগিব বুলি প্ৰস্তাৱ দিলে৷ আৰোহীৰ প্ৰস্তাৱ শুনি গাৰ্বা নাচিবলৈ অনিচ্ছুক হৈ পৰিল মুছলমান যুৱকজন৷
আৰোহীৰ প্ৰস্তাৱ অনুসৰি সকলো গাৰ্বা কমিটীয়ে নিয়মটো প্ৰৱৰ্তন কৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি গাৰ্বা নচাত কোনো মুছলমান যুৱকক বাধা দিয়া নহয়৷ তেওঁলোকে কেৱল আত্মীয় মুছলমান যুৱতীক হিন্দু যুৱকৰ সৈতে দাণ্ডিয়া নাচিবলৈ দিব লাগিব৷ অন্যথা গাৰ্বা নৃত্যত মুছলমানক নিষিদ্ধ ঘোষণা কৰা হ’ব৷ কোনো আত্মীয় মুছলমান যুৱতীক হ’লেও তেওঁলোকে অনুষ্ঠানলৈ লগতে লৈ আনিব লাগিবই বুলি নিৰ্দেশনা জাৰি কৰা হৈছে৷ আনহাতে প্ৰতিবছৰে নৱৰাত্ৰিৰ সময়ত লাভ জেহাদক লৈ গুজৰাটত সূচনা হয় অশান্তিৰ৷ হিন্দু-মুছলমানৰ সংঘাত বছৰৰ এইছোৱা সময়ত তুংগত উঠে৷ সেয়ে লাভ জেহাদ প্ৰতিৰোধৰ নামত আগতীয়াকৈ সাজু হৈছে গাৰ্বা নৃত্যৰ আয়োজক৷ তেওঁলোকে বান্ধি দিছে চৰ্ত৷