ইছলামিক দেশত নাই চুৰি-চাপ্ৰাচী
সুৰক্ষিত দেশৰ তালিকাৰ শীৰ্ষত ছৌদি আৰব
ভাৰতত ঘৰৰ বাহিৰত থকা ডাষ্টবিনো চোৰে নিয়ে৷ ৰে’লৰ শৌচাগাৰত থকা মগটোও লোহাৰ শিকলিৰে বান্ধি থ’বলগীয়া হয়৷ কিন্তু ইছলামিক দেশৰ পৰিস্থিতি ইয়াৰ সম্পূৰ্ণ বিপৰীত৷ ছৌদি আৰবৰ দৰে ৰাষ্ট্ৰ চোৰৰ পৰা সম্পূৰ্ণ মুক্ত৷ কঠোৰ আইনে ইছলামিক দেশৰ জনতাক অপৰাধ প্ৰৱণতাৰ পৰা মুক্ত কৰিছে৷ সেয়ে ছৌদি আৰবত ঘৰৰ বাহিৰত পৰি থকা সোণৰ টুকুৰাৰ প্ৰতিও কোনেও গুৰুত্ব নিদিয়ে৷ লিফটত পৰি থকা লাখটকীয়া আইফোন কোনেও স্পৰ্শ নকৰে৷ ছৌদি আৰবত চুৰি হয়নে নহয় তাৰে সম্পৰীক্ষা কৰিবলৈ দুগৰাকী ভাৰতীয় মহিলাই এটা পৰীক্ষা চলাইছিল৷ তেওঁলোকে লিফটতে এৰি থৈ গৈছিল নিজৰ লাখটকীয়া ফোন৷ ভাৰতৰ পৰিৱেশত অভ্যস্ত মহিলা দুগৰাকীয়ে একেটা লিফটৰে অহা-যোৱা কৰি থকা লোকসকলৰ ভাৱ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপন কৰিছিল৷ কিন্তু তাৰ পিছত যি হ’ল সেয়া দেখি তেওঁলোক হতচকিত হৈ পৰিল৷ ভাৰতীয় মহিলাই ইচ্ছাকৃতভাৱে লিফটত থৈ যোৱা ফোনটোলৈ উভতিও নাচালে ছৌদি আৰবৰ মুছলমানে৷ আনৰ সম্পত্তিৰ প্ৰতি অকণো লোভ নথকা ছৌদি আৰবৰ স্থানীয় লোকে ফোনটো স্পৰ্শই নকৰিলে৷ যি স্থানত প্ৰৱাসী ভাৰতীয় মহিলাই ফোনটো থৈ গৈছিল ১০ ঘণ্টাৰ পিছতো সেইটো তাতে থাকিল৷ ছৌদি আৰবত যে চোৰ নাই সেইটো প্ৰমাণ কৰিলে ভাৰতৰ হিন্দু মহিলাই৷ তেওঁলোকে ১০ ঘণ্টীয়া পৰীক্ষাৰ ভিডিঅ’ ফুটেজ ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছে৷ ছৌদি আৰবত সুৰক্ষা কিমান সুদৃঢ় সেয়া প্ৰতিপন্ন কৰি প্ৰৱাসী ভাৰতীয় মহিলাই জনাইছে মুছলমানৰ সততা৷
কৰ্মসূত্ৰে ছৌদি আৰবত থকা মহিলাগৰাকীয়ে দেশখনত সুৰক্ষাৰ পৰীক্ষা কৰিবলৈ নিজৰ নতুন ফোনটো লিফটত থৈ দিছিল৷ কোনোবাই ফোনটো স্পৰ্শ কৰেনে নকৰে তাকে চাবলৈ তেওঁ তাতে সংস্থাপন কৰিছিল চিচিটিভি কেমেৰা৷ কিন্তু তাৰ পিছত যি হ’ল সেয়া দেখি মহিলাগৰাকী হতভম্ব হৈ পৰিল৷ তেওঁৰ নতুন ফোনটো লিফটৰ চুকতে অনাদৃত হৈ পৰি থাকিল৷ লিফটেৰে অহা-যোৱা কৰা প্ৰতিগৰাকী লোকৰে চকুত পৰিল গৰাকীবিহীন ফোনটো৷ কিন্তু সেইবুলি কোনেও ফোনটো স্পৰ্শ নকৰিলে৷ দেখাৰ পিছতো ফোনটোৰ প্ৰতি গুৰুত্বই নিদিলে ছৌদি আৰবৰ মুছলমানে৷ কোনেও ফোনটো কাৰ বুলি প্ৰশ্ন নকৰিলে৷ আনৰ সম্পত্তিৰ প্ৰতি গুৰুত্ব নথকা ছৌদিৰ মুছলমানে লিফটেৰে অহা-যোৱা কৰাৰ সময়ত সেই ফোনটো আনকি কেৰাহিকৈয়ো নাচালে৷ তেওঁলোকে নিজৰ কাম কৰিবলৈহে কেৱল ব্যৱহাৰ কৰিলে লিফট৷
ভাৰতৰ পৰিৱেশত অভ্যস্ত মহিলাগৰাকীয়ে নিজৰ নতুন ফোনটো লিফটৰ পৰা চুৰি হ’ব বুলি আশংকা কৰিছিল৷ গৰাকীবিহীন ফোনটো কোনোবাই লৈ যাব বুলি বিশ্বাসী আছিল প্ৰৱাসী ভাৰতীয়৷ কিন্তু ছৌদিৰ মুছলমানে তেওঁলোকৰ আশংকাক ভুল প্ৰতিপন্ন কৰিলে৷ মহিলাগৰাকীয়ে ফোনটো লিফটত থোৱাৰ পিছত অধীৰ আগ্ৰহেৰে চিচিটিভি কেমেৰা নিৰীক্ষণ কৰি আছিল৷ কোনোবাই ফোনটো স্পৰ্শ কৰা চাবলৈ তেওঁ ৰৈ আছিল৷ পিছে মহিলাগৰাকীয়ে ১০ ঘণ্টা চাই থকাৰ পিছতো একো লাভ নহ’ল৷ তেওঁৰ চকুৰ সন্মুখতে লিফট চলি থাকিল৷ কিন্তু কোনেও নাচালে আইফোনটো৷ সততাৰ নিদৰ্শন দেখুৱালে ছৌদিৰ মুছলমানে৷



