মালিকৰ গাতো ধৰি পৰিল HIV

ভাৰা বিচাৰি আহিছিল মহিলাগৰাকীয়ে
মায়াসনা চকুৰে নিৰাশ্ৰয় মহিলাই বিচাৰিছিল ভাৰাঘৰ
ঘৰৰ ওপৰ মহলাত একেলগে আছিল ককায়েক-ভায়েক৷ অবিবাহিত ভাতৃদ্বয়ৰ ঘৰটোৰ তলৰ মহলা খালী হৈ আছিল৷ তেওঁলোকে অৱশ্যে ঘৰৰ চৌহদত থকা কেবাটাও ৰূম ভাৰা দিছিল৷ কিন্তু মূল ঘৰটো ভাৰা দিয়াৰ কথা ভবা নাছিল৷ পিছে মায়াসনা চকুৰ মহিলাগৰাকীয়ে অনুৰোধ কৰাত দুয়ো সিদ্ধান্ত সলনি কৰিলে৷ ঘৰৰ তলৰ মহলাও ভাৰা দি দিলে৷ কিছুদিনৰ পিছত অকলশৰীয়া মহিলাগৰাকীয়ে সামগ্ৰীসহ ৰূমত প্ৰৱেশ কৰিলে৷ ক্ৰমাৎ মালিকৰ সৈতে ঘনিষ্ঠ হৈ পৰিল মহিলাগৰাকী৷ তেওঁ প্ৰায়ে সুস্বাদু ব্যঞ্জন ৰান্ধি মালিকক দিবলৈ ধৰিলে৷ অবিবাহিত মালিকেও ভাল পালে নতুন ভাৰাতীয়াক৷ ককায়েক-ভায়েকে ভাৰাতীয়াৰ ৰূমত সোমাই আড্ডা দিবলৈ ধৰিলে৷ মহিলাগৰাকী বিবাহিত যদিও স্বামী তেওঁৰ সৈতে নাথাকে৷ চাকৰি সংক্ৰান্তত স্বামী বৰ্হিৰাজ্যত থাকিব লাগে বুলি মালিকক অৱগত কৰিলে মহিলাগৰাকীয়ে৷
সেইমতে কিছুদিন পাৰ হ’ল৷ স্বামীৰ অবৰ্তমানত একেবাৰে নি:সংগ হৈ পৰা মহিলাগৰাকীৰ সৈতে ভাৰা ঘৰৰ মালিকৰ সম্পৰ্ক হ’ল৷ এজন মালিকৰ সৈতে মহিলাগৰাকীয়ে কৰিলে শাৰিৰীক সম্পৰ্ক৷ তেওঁ সন্তুষ্ট হৈ মহিলাগৰাকীক ভাৰাৰ পৰা ৰেহাই দিলে৷ অৱশ্যে ককায়েকে যে ভাৰাতীয়া মহিলাৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিছে সেয়া গম পোৱা নাছিল ভায়েকে৷ তথাপি একো গণ্ডগোল লগা নাছিল৷ কিছুদিন পিছত ভাৰাঘৰৰ দ্বিতীয়জন মালিকৰ সৈতেও মহিলাগৰাকীৰ সম্পৰ্ক হ’ল৷ ককায়েক-ভায়েক দুয়োৰে সৈতে সম্পৰ্ক কৰি ঘৰটোৰ ৰাণী হৈ পৰিল মহিলাগৰাকী৷ তেওঁক দ্বিতীয়জন মালিকে আৰু সুবিধা দিলে৷ স্বামী দূৰত থকা অকলশৰীয়া মহিলাগৰাকীক ঘৰৰ মালিকে কাপোৰো যোগান ধৰিবলৈ ধৰিলে৷ দিনবোৰ ভালকৈ গৈ আছিল৷ কিন্তু সেই সময়তে মহিলাগৰাকীৰ সৈতে সম্পৰ্ক কৰা দুয়ো ভাতৃ হঠাতে হৈ পৰিল অসুস্থ৷
তেওঁলোক প্ৰথমে জ্বৰত আক্ৰান্ত হ’ল৷ দুয়োজনৰে জ্বৰ ভাল নোহোৱাত পৰিল৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁলোকে মেডিচিন খালে যদিও বেমাৰ বেছিহে হ’ল৷ তেওঁলোকে শেষত এইডছ পৰীক্ষা কৰিবলগা গ’ল৷ এই পৰীক্ষাত দুয়োৰে শৰীৰত ধৰা পৰিল মাৰাত্মক বীজাণু৷ তেওঁলোক এইডছত আক্ৰান্ত হৈছে বুলি চিকিৎসকে নিশ্চিত কৰিলে৷ এখন ঘৰৰে ভাতৃদ্বয়ৰ শৰীৰত ওলাল HIV বীজাণু৷ এই আচৰিত ঘটনাত চিকিৎসকো হতভম্ব হৈ পৰিল৷ তেওঁলোকক শাৰিৰীক সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰা হ’ল৷ ভাতৃদ্বয়ে ড্ৰাগছ খাই বুলি সন্দেহ কৰিলে চিকিৎসকে৷ কিন্তু তেওঁলোকে ড্ৰাগছ খোৱাটো অস্বীকাৰ কৰাত যৌন সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰিলে৷ তেতিয়া দুয়ো ভাৰাতীয়া মহিলাৰে সম্পৰ্ক স্বীকাৰ কৰাতহে কথাটো ফাদিল হ’ল৷
চিকিৎসকে নিশ্চিত কৰিলে যে তেওঁলোকৰ ঘৰত ভাৰাতীয়া হিচাপে থকা মহিলাগৰাকী এইডছ ৰোগী৷ বেমাৰ বিয়পোৱাৰ বাবে তেওঁ ভাৰাঘৰৰ দুয়োজন মালিকৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিছিল৷ যেতিয়াই দুয়ো মালিক জ্বৰত আক্ৰান্ত হৈছিল তেতিয়া মহিলাগৰাকীয়ে ঘৰ খালি কৰিলে৷ অৰ্থাৎ তেওঁ এইডছৰ বীজাণু সংক্ৰমিত হোৱা বুলি গম পাইছিল৷ কিন্তু সেই মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশৰ বিজনৰৰ কেবাজনো পুৰুষৰ সৈতে সম্পৰ্ক কৰিলে৷ তেওঁৰ বিষয়ে ফাদিল হোৱাত আৰ্তনাদ কৰিছে বিজনৰৰ কামাতুৰ পুৰুষে৷