মালা পিন্ধাই আদৰিলে নৰহন্তা মান সিঙক

ফুলৰ মালা পিন্ধাই নৰহন্তাক আদৰণি গাঁৱৰ ৰাইজৰ
বিজেপি নেতাক গাড়ীত উঠাই সমদল উলিয়ালে কেবাশ লোকে
১৪ মাহ জে’লত আছিল মান সিং ওৰফে বেটু ছিংগ্ৰাউল৷ মধ্যপ্ৰদেশৰ ছাটানা জিলাৰ মান সিঙৰ বিৰুদ্ধে আছে জঘন্য অপৰাধৰ অভিযোগ৷ মান সিঙে ১৬ বছৰীয়া কিশোৰৰ প্ৰাণনাশ কৰিছিল৷ সাক্ষীয়ে নিশ্চিত কৰিছে মান সিঙৰ অপৰাধ৷ সেয়ে ১৪ মাহে কাৰাবন্দী হৈ থাকিবলগা হৈছিল মান সিং৷ কিন্তু শেষত মান সিঙক আদালতে জামিন দিলে৷ আদালতে মান সিঙৰ জঘন্য অপৰাধৰ প্ৰমাণ নাপালে৷ পিছে মান সিঙে মুক্তি পোৱাৰ পিছত যি পৰিৱেশৰ সূচনা হ’ল সেয়া দেখিয়েই সকলো হতবাক হৈ পৰিল৷ বিজেপি নেতা মান সিঙক কাৰাগাৰৰ পৰা আদৰি নিবলৈ গোট খালে হাজাৰোধিক লোক৷ তেওঁলোকে অলিম্পিকৰ পদকজয়ীৰ দৰে মান সিঙক মধ্যপ্ৰদেশৰ জে’লৰ পৰা উলিয়াই নিলে৷ অজস্ৰ সমৰ্থকে মান সিঙক পিন্ধাই দিলে গেন্ধাই ফুলৰ মালা৷ নৰঘাতক মান সিঙৰ ডিঙিত মালা পিন্ধিবলৈ ঠাই নোহোৱা হ’ল৷ বিজেপি নেতা মান সিঙে উৎসৱমুখৰ পৰিৱেশত সকলো সমৰ্থককে আনন্দোৎসৱ পালন কৰিবলৈ আহ্বান জনালে৷ সেইমতে অজস্ৰ সমৰ্থকে মুকলিতে সুৰাপান কৰি নাচি নাচি মান সিঙক ঘৰলৈ আদৰি নিলে৷ মান সিং নামৰ জঘন্য অপৰাধীটো হৈছে মধ্যপ্ৰদেশৰ প্ৰভাৱশালী বিজেপি নেতা৷ কিন্তু মান সিঙে ছাটানা জিলাত ১৬ বছৰীয়া শিশুৰ প্ৰাণনাশ কৰাটো কেমেৰাত ধৰা পৰিছিল৷ আদালতত বিশেষ ভিডিঅ’ ফুটেজ পৰীক্ষা কৰোৱাৰ পিছত মান সিঙে কৰা অপৰাধ সত্য বুলি প্ৰমাণিত হয়৷ সেয়ে মান সিং ১৪ মাহ জে’লত থাকিবলগা হ’ল৷ কিন্তু সৰ্বশেষত ৰাজনৈতিক প্ৰভাৱৰ বাবে মান সিঙৰ বিৰুদ্ধে তদন্ত লেহেমীয়া কৰিলে মধ্যপ্ৰদেশ আৰক্ষীয়ে৷ তাৰে পৰিণতিত মান সিঙে জামিন পালে৷ জে’লৰ পৰা মুক্তি পোৱাৰ পিছত বিলাসী গাড়ীৰ ছানৰূফ খুলি তেওঁ সমৰ্থকক অভিবাদন জনালে৷ চিগাৰেট হুপি হুপি তেওঁ সমৰ্থকৰ সৈতে দীঘলীয়া সমদল কৰিলে৷ জানিব পৰামতে মান সিঙে মধ্যপ্ৰদেশৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ তেওঁ বিগত নিৰ্বাচনতে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত আছিল৷ কিন্তু এই গোচৰটোৰ বাবে মান সিঙে ইলেকশ্যন খেলিব নোৱাৰিলে৷ শেষত মান সিং জে’লত সোমাবলগীয়া হ’ল যদিও সদম্ভে ওলাই আহিল৷ জঘন্য অপৰাধ কৰিও ৰজাৰ দৰে জে’লৰ পৰা ওলাল বিজেপি নেতা৷ মধ্যপ্ৰদেশ পুলিচে মান সিঙক একো কৰিব নোৱাৰিলে৷ চিগাৰেট হুপি ৰজাৰ দৰে প’জ দিয়া মান সিং মুখ্যমন্ত্ৰী মোহন যাদৱৰো প্ৰিয়পাত্ৰ৷
মধ্যপ্ৰদেশৰ ছাটানা জিলাৰ কুখ্যাত গুণ্ডা মান সিঙে কিছুদিন পূৰ্বে এগৰাকী যুৱতীক নিৰ্যাতনৰ চেষ্টা কৰিছিল৷ কিন্তু তেতিয়াই যুৱতীগৰাকীৰ ভাতৃয়ে মান সিঙক প্ৰতিহত কৰিলে৷ খঙত অগ্নিশৰ্মা হৈ মান সিঙে ১৬ বছৰীয়া কিশোৰৰ ওপৰত গুলীবৰ্ষণ কৰিছিল৷ সেই ঘটনাটোৰে ভিডিঅ’ ৰেকৰ্ডিং প্ৰকাশ কৰিছিল এজন সাহসী যুৱকে৷ বিজেপি নেতা মান সিঙক আকৌ দলীয় দায়িত্ব প্ৰদান কৰা হ’ব বুলি শীৰ্ষ নেতাই নিশ্চিত কৰিছে৷ গতিকে নৰঘাতক মান সিঙে পুনৰ বিজেপিৰ পদ লাভ কৰাটো সম্প্ৰতি নিশ্চিত৷
জঘন্য অপৰাধী মান সিঙৰ পূৰ্বে বিজেপি কৰ্মীয়ে নাৰী নিৰ্যাতনকাৰীকো আদৰণি জনাইছিল৷ গুজৰাটৰ নিৰ্যাতনকাৰীক পিন্ধাইছিল মালা৷ এইবাৰ বিজেপি নেতা হোৱাৰ বাবে মান সিঙকো জনালে আদৰণি৷