এজন পুৰুষৰ সৈতেই গোটেই জীৱন থাকিব নোৱাৰি দেই
তেনেকৈ ভাবি মই পলাই গৈছিলোঁ
আচলতে এজন পুৰুষৰ সৈতে সংসাৰ কৰি কৰি আমনি লাগিছিল বোৱাৰীজনীৰ৷ সেয়ে তেওঁ বিচাৰিছিল আন এজন পুৰুষৰ সান্নিধ্য৷ মহিলাগৰাকীয়ে নতুনকৈ ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিবলৈ শিকিছিল৷ তাতে তেওঁ ৰাহুল নামৰ ধুনীয়া ল’ৰাটোৰ সৈতে চিনাকি হ’ল৷ ৰাহুলে নিজকে চৰকাৰী অফিচাৰ বুলি পৰিচয় দিলে৷ বোৱাৰীজনীৰ সৈতে ৰাহুলে কৰিবলৈ ধৰিলে ফ্লাৰ্টিং৷ দুয়ো কমদিনৰ ভিতৰতে বেছি ঘনিষ্ঠ হৈ পৰিল৷ ৰাহুলে গুডমৰ্নিং মেছেজ নিদিলে দিনটো বেয়া লাগি থকা হ’ল মহিলাগৰাকীৰ৷ যদি ৰাহুলে চেটিঙৰ অন্তত গুডনাইট বুলি নকয় তেন্তে তেওঁৰ টোপনি নধৰা হ’ল৷ মুঠতে মহিলাগৰাকীৰ মন ৰাহুলে দখল কৰিলে৷ তেওঁ স্বামীৰ স্পৰ্শ সহ্য কৰিব নোৱাৰা হ’ল৷ কম বয়সতে বিয়া হৈ তেওঁ ৰাহুলৰ বাবে যৌৱন সাঁচি থোৱাৰ ইচ্ছা কৰিলে৷ সাধাৰণ কাম কৰা স্বামীৰ সৈতে নোশোৱা হ’ল মহিলাগৰাকী৷ সন্তানৰ প্ৰতিও তেওঁৰ মৰম কমি গ’ল৷ একমাত্ৰ ৰাহুলৰ বাবে উন্মাদ হৈ পৰিল ৩২ বছৰীয়া বোৱাৰীজনী৷ অৱশেষত ৰাহুলে দিলে তেওঁক পলাই যোৱাৰ প্ৰস্তাৱ৷ নিশা কাপোৰ-কানি লৈ তেওঁক ঘৰৰ পৰা ওলাবলৈ ৰাহুলে প্ৰস্তাৱ দিলে৷ সেইমতে দিনতে কাপোৰৰ টোপোলা বান্ধি মহিলাগৰাকী ফুট গধূলিতে ঘৰৰ পৰা পলাল৷
তেওঁ কেবাখনো বাছ সলাই ৰাহুলৰ কাষত উপস্থিত হ’ল৷ চৰকাৰী অফিচাৰ যেতিয়া ৰাহুলৰ ঘৰত ৰাজ আতিথ্য পাব বুলি ভাবি গৈছিল বোৱাৰীজনীয়ে৷ কিন্তু ইনষ্টাগ্ৰামত কোৱাৰ দৰে ৰাহুল কোনো অফিচাৰ নাছিল৷ আচলতে ৰাহুল আছিল এখন হোটেলৰ ৱেইটাৰ৷ তাৰোপৰি ইনষ্টাগ্ৰামত ৰাহুলে নিজৰ ফটো লগোৱা নাছিল৷ এজন বন্ধুৱে AIৰ জৰিয়তে প্ৰস্তুত কৰি দিয়া ভুৱা ফটো এখনেৰে ৰাহুলে একাউণ্ট চলাই আছিল৷ সেইবোৰ যেতিয়া দেখিলে তেতিয়া মহিলাগৰাকীৰ মূৰ ঘূৰাই গ’ল৷ তাৰোপৰি ৰাহুলৰ প্ৰকৃত নামো আছিল বেলেগ৷ কিন্তু ৰাহুলে তেওঁক ঘৰলৈ উভতি যাব নিদিলে৷ সেয়ে হোটেলৰ ৱেইটাৰ ৰাহুলৰ সৈতে সংসাৰ কৰিবলৈ তেওঁ বাধ্য হ’ল৷ ইমান কষ্টত থাকি মহিলাগৰাকীৰ ঘৰলৈ মনত পৰিব ধৰিলে৷ তেওঁ গোপনে প্ৰাক্তন স্বামীক ফোন কৰিলে৷ আকৌ এবাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে বোৱাৰীজনীয়ে৷
প্ৰাক্তন স্বামীয়ে সেই বিষয়ে আৰক্ষীক অৱগত কৰিলে৷ তেওঁৰ পলৰীয়া পত্নী যে কাৰোবাৰ নিৰ্যাতনৰ সন্মুখীন হৈছে সেয়া বখানি দাখিল কৰিলে এজাহাৰ৷ পুলিচে শেষত মহিলাগৰাকী আৰু ৰাহুলক উদ্ধাৰ কৰিলে৷ এতিয়া সেই মহিলাগৰাকী পুনৰ ৰাহুলৰ সৈতে যাব বিচৰা নাই৷ তেওঁ প্ৰাক্তন স্বামীৰ সৈতে আকৌ সংসাৰ কৰিব বিচাৰে৷ কিন্তু এবাৰ বেইমানী কৰা পত্নীক লোকজনে পুনৰাই গ্ৰহণ কৰিব বিচৰা নাই৷ তেওঁ কোনোপধ্যে পলৰীয়া পত্নীক ঘৰত সোমাবলৈ দিয়াৰ পক্ষপাতি নহয়৷ কিন্তু থানাতে প্ৰাক্তন স্বামীৰ ভৰিত ধৰি পত্নীয়ে বিচাৰিলে ক্ষমা৷ আকৌ একেটা ভুল নকৰে বুলি মহিলাগৰাকীয়ে লিখি দিলে৷
আৰক্ষীয়ে তেতিয়া থানাতে গোচৰটো মীমাংসা কৰিবলৈ স্বামীক উপদেশ দিলে৷ ৰাহুলক প্ৰতাৰণাৰ গোচৰত অভিযুক্ত কৰি মহিলাগৰাকীক প্ৰাক্তন স্বামীৰ হাতত চমজাই দিয়া হ’ল৷ তেওঁ আকৌ পূৰ্বৰ স্বামীৰ পত্নী হিচাপে দিন কটাবলৈ ধৰিলে৷ এইটো ঘটনা অসমতে সংঘটিত হৈছে৷ হোটেলবয়ৰ পাল্লাত পৰিছে বোৱাৰী৷



