ভাজিত পইতাচোৰা ওলায়, কিন্তু মালিকে নামানে
দাইলত মাখি ওলায়, অভিযোগ দিলে মালিকে মাৰিবলৈ ধৰে
বৰপেটাত ত্ৰাসৰ সৃষ্টি কৰিছে গৰিমা হোটেলৰ মালিকে৷ ব্যৱসায়ত ওস্তাদ বুলি অসমৰ বৰপেটীয়াৰ সুনাম আছে৷ কিন্তু গৰিমা হোটেলৰ মালিকে সেই সুনামত কলংক সানিছে৷ বৰপেটা টাউনৰ মাজমজিয়াতে আছে এই গৰিমা হোটেল৷ তাত খাদ্য খালে মালিকক কোনেও কমপ্লেইন কৰিব নোৱাৰিব৷ কেতিয়াবা ভাজি ভাল হোৱা নাই বুলি ক’লেও মালিকে মাৰি দিব পাৰে৷ এনেকুৱা ঘটনা কেবাটাও সংঘটিত হৈছে৷ দূৰণিৰ পৰা বৰপেটালৈ যোৱা লোকে নজনাকৈ গৰিমা হোটেলত ভাত খায়৷ কিন্তু ভাজিত যদি পইতাচোৰা ওলাই তেনেহ’লেও মনে মনে খাই থাকিব লাগিব৷ কমপ্লেইন কৰিলে গৰিমা হোটেলৰ মালিকে মাৰিবলৈ ধৰে৷
গৰিমা হোটেলৰ বিষয়ে অভিযোগ কৰা লোকৰ সীমা-সংখ্যা নাই৷ কিন্তু কাৰো অভিযোগ স্বীকাৰ নকৰে গৰিমা হোটেলৰ খঙাল মালিকে৷ শেহতীয়াকৈ তেওঁৰ হোটেলত এজন গ্ৰাহকে নিৰামিষ ভাত খাইছিল৷ ধৰ্মীয় নিয়মৰ বাবে তেওঁ নিৰামিষ থালিৰ অৰ্ডাৰ কৰাৰ পিছতো ভাজিত মাছৰ কাঁইট পালে৷ গ্ৰাহকজনে স্বাভাৱিকতে সেই বিষয়ে মালিকক প্ৰশ্ন কৰিলে৷ নিৰামিষ ভাত অৰ্ডাৰ কৰাৰ পিছতো কিয় মাছ দিলে বুলি মালিকক প্ৰশ্ন কৰাটোৱেই ভুল হ’ল৷ প্ৰশ্নটো শুনিয়েই গ্ৰাহকজনক হোটেলৰ পৰা বাহিৰ কৰি দিলে৷
গৰিমা হোটেলৰ মালিকে কোনেও কমপ্লেইন কৰাটো সহ্য নকৰে৷ তেওঁৰ সেই বিশেষ গ্ৰাহকজনে খাদ্যৰ গুণাগুণৰ বিষয়ে প্ৰশ্ন কৰিছিল৷ কিন্তু মালিকে হোটেলৰ চৌহদৰ বাহিৰতো মাৰিবলৈ ওলাল গ্ৰাহকক৷ শেষত খাদ্য বৰ ভাল হৈছে বুলি কোৱাৰ পিছতহে মালিকে এৰি দিলে৷ গৰিমা হোটেলৰ জঘন্য খাদ্যৰ বিষয়ে এয়াই প্ৰথম ঘটনা নহয়৷ ইয়াৰ পূৰ্বেও হোটেলখনৰ ভাজিত পইতাচোৰা ওলাইছিল৷ তেতিয়াও উন্মাদৰ দৰে আচৰণ কৰি মালিকে গ্ৰাহকজনক কটিয়াই দিবলৈ ধৰিছিল পইতাচোৰা৷ এই ঘটনাৰ বিষয়ে থানাত কে’ছ দিয়াপৰ্যন্তও হৈছিল৷ কিন্তু পিছলৈ বিষয়টো তল পৰিল বুলি সেই গ্ৰাহকজনে প্ৰকাশ কৰিছে৷
তাৰোপৰি গৰিমা হোটেলৰ ভাজিত মাখিও ওলাইছে৷ সেইটো কোৱাৰ পিছতো গ্ৰাহকক একেখিনি খাদ্যই খাবলৈ বাধ্য কৰিছে গৰিমা হোটেলৰ মালিকে৷ গৰুদানাৰ দৰে খাদ্য দিয়াত গৰিমা হোটেলে আমনিৰ কিছুমান হোটেলকো পিছ পেলাইছে৷ নিশা আমনিৰ হোটেলে বাছযাত্ৰীক যি গৰুদানা খুৱাই তাৰ তুলনা নাই৷ আমনিৰ হোটেলৰ খাদ্য খোৱাৰ ফলতে পেটৰ ৰোগত আক্ৰান্ত হয় অসমৰ বাছযাত্ৰী৷ সেইধৰণৰ জঘন্য খাদ্যই গৰিমা হোটেলে বৰপেটালৈ যোৱা লোকসকলক খুৱাই আছে৷ মালিকে কৰিছে গুণ্ডাগিৰি৷
আনহাতে কলিয়াবৰৰ কেবাখনো হোটেলৰ বিষয়েও গ্ৰাহকে অভিযোগ দিছে৷ নতুনকৈ স্থাপিত হোটেলত খাদ্যৰ নামত বৰবিহ খুওৱা হৈছে৷ খোৱাৰ পিছত গ্ৰাহকে যাতে একো অভিযোগ দিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ ধন আদায় কৰা হয়৷ গ্ৰাহকক কুপন দিয়াৰ পিছত হোটেলে পৰিৱেশন কৰে কেবাদিনৰ আগতে ৰন্ধা ভাজি আৰু দাইল৷ একেবাৰে নিম্নমানৰ চাউলৰ ভাত খুৱাই কমেও ৩০০ টকা আদায় কৰে হোটেলে৷ সেইবোৰ খাদ্য গৰুদানাতকৈয়ো বেয়া৷ নিশা হোটেলৰ মালিকক অভিযোগ দিলে কৰে অসভ্যালি৷



