দাদা মোক প্লীজ নামাৰিব
মই গাৰ্লফ্ৰেণ্ডৰ কাৰণেহে ব্ৰা-পেণ্টী চুৰি কৰিছিলোঁ
ঘটনাটো এই অসম মুলুকৰে৷ ব্ৰা-পেণ্টী চুৰি কৰি ধৰা পৰা যুৱক হৈছে এইজন৷ তেওঁ প্ৰায়ে চুবুৰীৰ এটা পৰিয়ালৰ ঘৰত ছাৰ্জিকেল ষ্ট্ৰাইক চলায়৷ লোকজনে আন একো নাপালে ঘৰখনৰ মহিলাসকলে শুকাবলৈ মেলি দিয়া অন্তৰ্বাসেই চুৰি কৰে৷ সদায় যেতিয়া ঘৰৰ বস্তু নোহোৱা হ’বলৈ ধৰিলে তেতিয়া চোৰ ধৰা পেলাবলৈ অভিযান চলোৱা হ’ল৷ ভুক্তভোগী পৰিয়ালটোৰ সদস্যই ছাদৰ পৰা কেমেৰা ধৰি চোৰ ধৰা পেলাবলৈ চেষ্টা কৰিলে৷ আজি এজন সদস্যই ওপৰৰ পৰা ৰেকৰ্ডিং কৰি থাকোতেই সোমাল চোৰ৷
দেখাই-শুনাই ধুনীয়া চোৰ বপুৰাই প্ৰথমে এটা পানীৰ টেংকী নিয়াৰ চেষ্টা কৰিলে৷ কিন্তু পানী টেংকীটোৰ ওজন আছিল বেছি৷ সেয়ে সি দাঙিবলৈ চেষ্টা কৰি বিফল হ’ল৷ চোৰটোৱে টেংকীটো দাঙিব নোৱাৰি চুৰি কৰিবলৈ আন কিবা পায় নেকি বিচাৰিব ধৰিলে৷ ইফালে-সিফালে চায়ো চোৰটোৱে একো নেদেখিলে৷ তেতিয়াই সি মনে মনে পকেটত ভৰাই থ’লে ঘৰখনৰ মহিলাসকলে শুকাবলৈ মেলি দিয়া ব্ৰা-পেণ্টীকেইটা৷
আধাতিতা অন্তৰ্বাস পকেটত ভৰাই সন্তুষ্টিৰে চোৰটো ওলাই গৈছিল৷ তেতিয়া হুলস্থূল কৰি কেমেৰা কৰি থকা লোকজনে চোৰ বাপুৰ ৰ’বলৈ ক’লে৷ আচম্বিতে ধৰা পৰাত বিতত হৈ চোৰটোৱে পলায়ন কৰাৰ উদ্দেশ্যে প্ৰাণটাকি লৰ মাৰিলে৷ যিফালে বাটেই নাছিল সেইফালেই চোৰটো পলাল৷ কিন্তু আজি সি পলাই সাৰিব নোৱাৰিলে৷ ব্ৰা চোৰক জপতিয়াই ধৰিলে বিশেষ লোকজনে৷ তেওঁক দেখিও চোৰটোৱে আকৌ চুৰি কৰি নিয়া ব্ৰাকেইটা পকেটত ভৰালে৷ ভয়ত মুখ শুকাই গ’লেও ব্ৰা-পেণ্টী এৰিব নিবিচাৰিলে চোৰটোৱে৷
এটা ধমকি দিয়াৰ পিছতে চোৰটোৱে ব্ৰা-পেণ্টী চুৰি কৰাটো স্বীকাৰ কৰিলে৷ কিন্তু তেতিয়া দিলে এটা অদ্ভুত যুক্তি৷ চোৰটোৰ মতে তাৰ একো বেয়া উদ্দেশ্য নাছিল৷ কোনো অনৈতিক কামো নকৰোঁ বুলি দাবী কৰি চোৰটোৱে ব্ৰা-পেণ্টী পকেটত ভৰোৱাৰ যুক্তি দিলে৷ চোৰটোৰ মতে সি গাৰ্লফ্ৰেণ্ডক দিবলৈহে লোকৰ ব্ৰা-পেণ্টী চুৰি কৰিছিল৷ অৰ্থাৎ নিজৰ প্ৰেমিকাক আনে পিন্ধা অন্তৰ্বাস পিন্ধাবলৈ চুৰি কৰা বুলি অবান্তৰ যুক্তি দিলে৷ তাৰ পিছতো কিন্তু অন্তৰ্বাস চুৰি কৰা ধূৰ্ত চোৰ বপুৰাক ৰেহাই নিদিলে ঘৰখনৰ সদস্যই৷
তেওঁলোকে তাক কেমেৰা অফ কৰি ৰামপিটন দিলে৷ থানাত চমজাই দিম বুলিও চোৰটোক ভাবুকি দিলে৷ ইমান ধমক শুনি চোৰটোৰ মুখ শুকাই গ’ল৷ তথাপি কিন্তু ডাঙৰ ডাঙৰ শব্দ ক’বলৈ নেৰিলে ব্ৰা চোৰ বপুৰাই৷ মহিলাৰ অন্তৰ্বাস চুৰি কৰি সন্তুষ্টি পোৱা চোৰটোৰ পিঠি বহল হ’ল৷ সদায় আধাতিতা ব্ৰা চুৰি কৰা চোৰক ধৰা পেলোৱাৰ পিছতহে ধুই থোৱা অন্তৰ্বাস হেৰোৱাৰ কাৰণ জানিলে ঘৰৰ মহিলাসকলে৷



