বিহাৰলৈ পলাই আহিল বগী যুৱতী

কিবাকৈ পইচা কেইটামান যোগাৰ কৰি ৰাছিয়ালৈ গৈছিল বিহাৰী যুৱক
ৰাছিয়াত গাড়ী চলাই পইচা উপাৰ্জন কৰি ঘূৰি আহিছিল যুৱকজন
কিন্তু ভাগ্যৰ চকৰি যে এনেকৈ ঘূৰিব সেইটো তেওঁ অনুমানেই কৰা নাছিল৷ বিহাৰী যুৱকজন হৈছে তেনেই সাধাৰণ৷ দেখাতো তেওঁৰ একো বিশেষত্ব নাই৷ কিন্তু প্ৰেমে যে বিশেষত্ব নিবিচাৰে সেইটা সঁচা৷ প্ৰেমৰ প্ৰেক্টিকেল থিয়ৰী অনুসৰিয়েই যুৱকজনৰ ভাগ্য সলনি হৈ পৰিল৷ তেওঁ ৰাছিয়াত যিটো পৰিয়ালৰ ড্ৰাইভাৰ আছিল তাৰে এগৰাকী যুৱতীৰ সৈতে যুৱকজনৰ ঘনিষ্ঠতা হৈছিল৷ ৰাছিয়ান সুন্দৰীয়ে বিহাৰী যুৱকক সুধিছিল পৰিয়ালৰ কথা৷ একো নভবাকৈ বিহাৰী যুৱকজনে ঘৰৰ দৰিদ্ৰ অৱস্থাৰ কথা কৈছিল৷ তেওঁক সেইবাবে দৰমহা বঢ়াই দিছিল পৰিয়ালটোৱে৷ কিন্তু ৰাছিয়াত তেওঁ বেছিদিন থাকিব নোৱাৰিলে৷ উভতি অহাৰ পূৰ্বে ৰাছিয়ান সুন্দৰীয়ে যুৱকজনৰ ঘৰৰ ঠিকনা সংগ্ৰহ কৰিছিল৷ ঘৰলৈ আহি সৰুকৈ এটা ব্যৱসায় তেওঁ আৰম্ভ কৰিলে৷ কিন্তু ৰাছিয়ান যুৱতীগৰাকীয়ে এতিয়াও পাহৰিব নোৱাৰিলে বিহাৰী প্ৰেমিকক৷ তেওঁ ফোনত বিহাৰী যুৱকৰ সৈতে কথা পাতি থাকিল৷ শেষত দুয়ো প্ৰকাশ কৰিলে প্ৰেম৷
কোনেও নজনা অনুভূতি এটাই যেন দুয়োকে আচ্ছন্ন কৰি তুলিলে৷ তেওঁলোক প্ৰেমত উন্মনা হৈ পৰিল৷ কৃষ্ণবৰ্ণৰ বিহাৰী যুৱকক পোৱাৰ হেঁপাহে ৰাছিয়াৰ বগী সুন্দৰীক মতলীয়া কৰিলে৷ ৰাছিয়াত তেওঁৰ পৰিয়াল হৈছে কোটিপতি৷ কিন্তু যুৱতীগৰাকীয়ে পোৱাৰ হেঁপাহ কৰা বিহাৰী যুৱক যোত্ৰহীন৷ তেওঁৰ ঘৰ তেনেই সাধাৰণ৷ যুৱকজনৰ নাই উপযুক্ত সংস্থাপন৷ কিন্তু প্ৰেমে সেইবোৰ একো নামানে৷ গতিকে সুদূৰ ৰাছিয়াৰ পৰা যুৱতীগৰাকী গুচি আহিল৷ কোনোমতে তেওঁ ভিছা লৈ ভাৰতত উপস্থিত হ’ল৷ পাটনা এয়াৰপ’ৰ্টত হাজিৰ হোৱা ৰাছিয়ান প্ৰেমিকাক বিহাৰী যুৱকে আদৰণি জনালে৷ বিশ্বাস কৰিবলৈ টান পালেও যুৱকজনে প্ৰেমিকাক ঘৰলৈ নিলে৷ বিহাৰী যুৱকৰ ঘৰত ৰাছিয়ান যুৱতীৰ শিৰত সেন্দূৰ দিয়া হ’ল৷ বিহাৰৰ দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ সৈতে ৰাছিয়াৰ কোটিপতি পৰিয়ালৰ কন্যাৰ হ’ল বিবাহ৷
তেওঁলোকে সংসাৰধৰ্ম পালন কৰিলে৷ কিন্তু ঘটনাটো এতিয়া হৈ পৰিছে চৰ্চিত৷ কাৰণ বিহাৰী যুৱকজনে ৰাছিয়াৰ কইনাক ভালকৈ ৰাখিবলৈ ঘৰ এটাও সাজিব পৰা নাই৷ তথাপি একো দুখ কৰা নাই ৰাছিয়ান প্ৰেমিকাই৷ কাৰণ তেওঁক ঘৰ নালাগে, লাগে মাত্ৰ বিহাৰী প্ৰেমিকক৷ অৱশ্যে প্ৰেমিকাই বিহাৰী যুৱকক ডাঙৰকৈ ব্যৱসায় কৰাৰ বাবে দিছে মূলধন৷ তেওঁৰ বিবাহত পৰিয়ালৰ লোকৰো অসন্মতি নাই৷ বিহাৰী প্ৰেমিকৰ বাবে ধৰ্ম সলনি কৰিবলৈয়ো সন্মত হৈছে ৰাছিয়াৰ যুৱতী৷ যদি বিহাৰী যুৱকজনে বিচাৰে তেন্তে হিন্দুধৰ্ম গ্ৰহণ কৰিব বুলি প্ৰেমিকাই প্ৰকাশ কৰিছে৷ অৱশ্যে ধৰ্মান্তৰৰ বিষয়ে ভবা নাই বিহাৰী যুৱকে৷
তেওঁ ৰাছিয়াৰ যুৱতীগৰাকীক মৰমেৰে ওপচাই পেলাইছে৷ অট্টালিকাৰ পৰা আহি জুপৰীত থাকিলেও দুখ কৰিবলৈ শিকাই নাই যুৱতীগৰাকীয়ে৷ তেওঁ পাইছে মৰম৷ নাৰীয়ে বিচৰা সকলো সুখ দিবলৈ সক্ষম হৈছে বিহাৰৰ যুৱকজন৷ সম্প্ৰতি ৰাছিয়ান সুন্দৰীক চাবলৈ পাটনাৰ সমীপৱৰ্তী গাঁৱখনত ভিৰ কৰিছে সংবাদ মাধ্যমে৷ সকলোৰে আকৰ্ষণৰ মধ্যবিন্দু হৈ পৰিছে বিহাৰীৰ ৰাছিয়ান কইনা৷ তেওঁৰ সৈতে প’জ দিবলৈ বিহাৰী যুৱকজনক অনুৰোধ জনাইছে ফটোগ্ৰাফাৰে৷ পত্নীৰ বাবে হঠাতে বিখ্যাত হৈ পৰিছে বিহাৰী যুৱক৷