দৰকাৰ হ’লে শহুৰৰ সৈতে হ’লেও পাতিব লাগিব বিয়া
বিবাহেই হৈছে মহিলাৰ জীৱনৰ সৰ্ববৃহৎ সফলতা
আনে নাভাবিলেও এইদৰে ভাবে বিহাৰৰ জানকীয়ে৷ সেয়ে তেওঁ যিকোনো প্ৰকাৰে বিয়া হোৱাৰ চেষ্টা কৰি আছিল৷ অৱশ্যে জানকী সফলো হৈছিল৷ জোখৰ বয়সতে এজন যুৱকৰ সৈতে ঠিক হৈছিল জানৱীৰ বিয়া৷ স্বামীৰ সৈতে জানকীৰ সংসাৰো ভালদৰে চলিছিল৷ কিন্তু জানকীয়ে স্বামীক ভালপাব পৰা নাছিল৷ কাৰণ জানকীৰ স্বামীৰ তালুত নাছিল চুলি৷ অৱশ্যে স্বামী তপা হ’লেও জানকীয়ে মানি ল’ব পাৰিলেহেঁতেন৷ কিন্তু জানকীৰ স্বামীৰ চৰকাৰী চাকৰিও নাছিল৷ সেয়ে অনবৰতে স্বামীৰ সৈতে জানকীৰ খুঁটখাট লাগি আছিল৷ ইফালে জানকীৰ শহুৰেক আছিল চৰকাৰী চাকৰিয়াল৷ অৱসৰ গ্ৰহণ কৰি লোকজনে পেন্সন খাই আছিল৷ তেওঁ জানকীক গোটাই দিছিল দৰকাৰী সামগ্ৰী৷ জানকীয়ে কাপোৰ বিচাৰিলেও শহুৰেকে কেতিয়াও আপত্তি কৰা নাছিল৷ ইফালে জানকীৰ বেকাৰ স্বামীয়ে পত্নীক ভালপোৱা খাদ্যও কিনি দিব পৰা নাছিল৷ লাহে লাহে স্বামীৰ তুলনাত শহুৰৰ প্ৰতিহে আকৃষ্ট হৈ পৰিছিল জানকী৷ তেওঁ স্বামীক নিদিলেও শহুৰেকক সদায় সময়মতে দিছিল খানা৷ শহুৰেকেও বোৱাৰী জানকীক জোখতকৈ বেছি মৰম কৰিবলৈ ধৰিছিল৷
লাহে লাহে পৰিস্থিতি সলনি হ’ল৷ জানকীৰ বেকাৰ স্বামীয়ে খাবলৈ ধৰিলে মদ৷ যাৰ বাবে সংসাৰত বেছি অশান্তি হ’ল৷ এদিন সুবিধা বুজি স্বামীক ঘৰৰ পৰা জানকীয়ে খেদি দিলে৷ তেওঁ চাকৰি বিচাৰি কেৰালাত উপস্থিত হ’ল৷ তেতিয়াৰ পৰা গাখীৰতে ম’হৰ খুঁটি হ’ল জানকীৰ৷ তেওঁ শহুৰেকৰ সৈতে পত্নীৰ দৰে থাকিবলৈ সুবিধা পালে৷ শাহুৱেকৰ বিয়োগৰে পৰা নি:সংগ হৈ থকা বৃদ্ধ লোকজনে জানকীৰ মাজত পত্নীৰ মৰম বিচাৰি পালে৷ তেওঁক শাৰিৰীক-মানসিক সকলো ফালে বোৱাৰীয়েকে তৃপ্ত কৰি তুলিলে৷ শহুৰেক হৈ পৰিল জানকীৰ স্বামী৷ ইমানদিনে তেওঁলোকে লুকাই চুৰকৈ সংসাৰ কৰিলে৷ কিন্তু এই কথাই কথা নহয় বুলি বিবেচনা কৰিলে জানকীয়ে৷ সেয়ে ৰাইজক দেখুৱাই জানকীয়ে বৃদ্ধ শহুৰেকৰ সৈতে বিয়া পাতিলে৷
মন্দিৰলৈ গৈ জানকীয়ে শহুৰেকক বৰমালা পিন্ধালে৷ শহুৰেকেও পত্নী হিচাপে স্বীকাৰ কৰি জানকীৰ শিৰত ঢালি দিলে সেন্দূৰ৷ পূৰ্বৰ শহুৰ আৰু বোৱাৰী পিছলৈ স্বামী-স্ত্ৰী হৈ পৰিল৷ তেওঁলোকৰ মিলন ভগৱানৰ ইচ্ছাক্ৰমে হৈছে বুলি জানকীয়ে প্ৰকাশ কৰিলে৷ জানকীৰ প্ৰাক্তন শহুৰেক হৈছে অসুখীয়া৷ তেওঁ ভৰি বিষৰ বাবে ভালদৰে খোজো কাঢ়িব নোৱাৰে৷ তথাপি জানকীয়ে তেওঁক স্বামী হিচাপে গ্ৰহণ কৰিলে৷ বয়সৰ পাৰ্থক্য থাকিলেও স্বামীক লৈ সুখী বুলি দাবী কৰিছে জানকীয়ে৷ মাতৃ হোৱাৰ বাবে জানকীয়ে প্ৰস্তুতি চলাইছে৷ কিন্তু কাটিহাৰ জিলাৰ জানকীৰ বিয়াখন পইচা খোৱাৰ বুদ্ধি বুলি দাবী কৰিছে প্ৰতিৱেশীয়ে৷
আত্মীয়ৰ মতে শহুৰেকৰ সৈতে বিয়া হৈ জানকীয়ে পেন্সনৰ পইচা খোৱাৰ চেষ্টা কৰিছে৷ বৃদ্ধ শহুৰেক যে বেছিদিন জীয়াই নাথাকে সেইটো জানকীয়ে জানে৷ শহুৰেকৰ মৃত্যুৰ পিছত পেন্সন অহাটো বন্ধ হৈ যাব বুলি ভাবি জানকীয়ে বিয়াৰ নাটক মঞ্চস্থ কৰিছে৷ আইনীভাৱে লোকজনৰ পত্নীৰ স্বীকৃতি লাভ কৰিলে জানকীয়ে ভৱিষ্যতে পেন্সন লাভ কৰিব৷ তাৰ বাবে শহুৰেকৰ সৈতে বিয়া হৈ জানকীয়ে পেন্সন পোৱাৰ পথ সুগম কৰি ৰাখিছে৷ কিন্তু শহুৰেকে তেনেকৈ ভবা নাই৷ তেওঁ জানকীৰ মৰমত কাতৰ হৈ পৰিছে৷



