বিবাহিত পুৰুষলৈ লোভ তমন্না ভাটিয়াৰ

ইমান ধুনীয়া পুৰুষ আগতে কেতিয়াও দেখাই নাছিল তমন্না ভাটিয়াই
বলীউডত তমন্না ভাটিয়াৰ নাম মিল্কী বিউটী৷ গাখীৰৰ দৰে ঢকঢকীয়া বগা চেহেৰাৰ বাবে তমন্না ভাটিয়া পৰিচিত৷ কিন্তু ইমান ধুনীয়া হোৱাৰ পিছতো তমন্না ভাটিয়াৰ মনত আছে বেদনা৷ তেওঁ কোনো পুৰুষৰ সৈতে দীঘলীয়া সম্পৰ্ক কৰিব নোৱাৰে৷ শেহতীয়াকৈ বিজয় বাৰ্মাৰ সৈতে তমন্না ভাটিয়াৰ ৰিলেশ্যন আছিল৷ কিন্তু বিজয়ে তমন্নাক বিয়া পাতিব নোৱাৰোঁ বুলি কৈ দিলে৷ তমন্নাই বিয়াৰ বাবে জোৰ দিওতে বিজয়ে মূৰপোলোকা মাৰিলে৷ তেতিয়াৰ পৰা তমন্না ছিংগল৷ কিন্তু এইবাৰ তমন্নাই এজন বিবাহিত অভিনেতাক আকৰ্ষণৰ চেষ্টা কৰিছে৷ সেইজন তাৰকা হৈছে কিয়াৰা আদৱানিৰ স্বামী সিদ্ধাৰ্থ মালহোট্ৰা৷
সিদ্ধাৰ্থ আৰু তমন্নাই এখন চিনেমাত অভিনয় কৰিছে৷ সেইখন চিনেমাৰ শ্বুটিঙৰ বাবে তমন্না সিদ্ধাৰ্থৰ সৈতে বেলজিয়ামলৈ গৈছিল৷ কেবাখনো দেশত চলিছিল সেই চিনেমাখনৰ শ্বুট৷ গতিকে দীঘলীয়া শ্বুটিঙৰ সময়ত তমন্না সিদ্ধাৰ্থৰ ঘনিষ্ঠ হৈ পৰিল৷ সম্প্ৰতি ২০০ কোটিটকীয়া ফিল্মখনৰ প্ৰম’শ্যন চলি আছে৷ বগী সুন্দৰী তমন্নায়ো সিদ্ধাৰ্থৰ সৈতে মিলি কৰি আছে প্ৰচাৰ৷ তাৰ মাজতে তমন্নাই এটা ডাঙৰ কথা কৈছে৷ তমন্নাৰ মতে তেওঁ কেবাজনো সুদৰ্শন অভিনেতাৰ সৈতে অভিনয় কৰিছে৷ কিন্তু সিদ্ধাৰ্থ মালহোট্ৰাৰ নিচিনা ধুনীয়া অভিনেতা বলীউড কেতিয়াও নাছিল৷ সিদ্ধাৰ্থ সবাতোকৈ ধুনীয়া বুলি কৈছে তমন্নাই৷
তেওঁ সাংবাদিকৰ সন্মুখতে সিদ্ধাৰ্থৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে৷ তমন্নাৰ মতে সিদ্ধাৰ্থৰ মুখখনেই দেখিবলৈ ধুনীয়া নহয়৷ সিদ্ধাৰ্থৰ পেশীও আন অভিনেতাৰ তুলনাত ধুনীয়া৷ সিদ্ধাৰ্থৰ মাছল চালে চাই থাকিবলৈ মন যায় বুলি তমন্নাই অভিহিত কৰিছে৷ তেওঁৰ প্ৰশংসা শুনি লাজতে ৰঙা পৰি গৈছে সিদ্ধাৰ্থ মালহোট্ৰা৷ কিন্তু তমন্না ভাটিয়া ৰৈ যোৱা নাই৷ তেওঁৰ মতে বলীউডৰ সৰ্বকালৰ সুদৰ্শন অভিনেতাজন হৈছে সিদ্ধাৰ্থ৷ আনকি সিদ্ধাৰ্থৰ পত্নী কিয়াৰা আদৱানিলৈ হিংসা লাগে বুলিও কৈ দিছে তমন্না ভাটিয়াই৷
এই বক্তব্যটো হৈ পৰিছে চৰ্চাৰ বিষয়৷ কিয়নো সিদ্ধাৰ্থৰ সৈতে বিয়াৰ আগতেই কিয়াৰা আৰু তমন্নাৰ সম্পৰ্ক ভাল নাছিল৷ দৰাচলতে তমন্নাই কিছুদিনৰ বাবে সিদ্ধাৰ্থৰ সৈতে ডেটিং কৰিছিল৷ কিন্তু তেওঁ কিয়াৰা আদৱানিকহে গুৰুত্ব দিলে৷ সিদ্ধাৰ্থই পাত্তা নিদিয়া বাবে বিজয় বাৰ্মাৰ সৈতে ৰোমাঞ্চ কৰিছিল তমন্নাই৷ তেওঁৰ শেষত একো লাভ নহ’ল৷ বিজয়েও বিয়া নাপাতিলে আৰু সিদ্ধাৰ্থকো কিয়াৰাৰ পৰা আঁতৰ কৰাত ব্যৰ্থ হ’ল তমন্না৷ কিন্তু এটি সন্তানৰ পিতৃ হোৱাৰ পিছতো সিদ্ধাৰ্থ মালহোট্ৰাক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই আছে তমন্নাই৷ তেওঁ আনকি সিদ্ধাৰ্থৰ নোমাল বুকুখনো ধুনীয়া বুলি প্ৰকাশ কৰিছে৷
তমন্নাৰ এই বক্তব্যৰ বিষয়ে নীৰৱ হৈ থকা নাই কিয়াৰা আদৱানি৷ কিয়াৰাই ইনষ্টাগ্ৰামৰ এটা প’ষ্টত আনৰ স্বামীৰ প্ৰতি নজৰ নিদিবলৈ তমন্নাক সকীয়াই দিছে৷ কাৰো নাম উল্লেখ নকৰাকৈ কিয়াৰাই বলীউডৰ এগৰাকী অভিনেত্ৰী আনৰ স্বামীৰ প্ৰতি লুভীয়া বুলি অভিহিত কৰিছে৷ আশ্বৰ্যকৰ কথা এয়াই যে প্ৰশংসাৰ পিছত তমন্না ভাটিয়াৰ সংগত্যাগ কৰিছে সিদ্ধাৰ্থই৷ কিছুদিনৰ পৰা চিনেমাখনৰ প্ৰম’শ্যন তেওঁ অকলে কৰিছে৷ তমন্না ভাটিয়াই সিদ্ধাৰ্থক লগ পোৱা নাই৷ কিয়াৰাৰ কথামতে তমন্নাৰ সংগত্যাগ কৰিছে সিদ্ধাৰ্থই৷ লাজতে কিছুদিনধৰি সিদ্ধাৰ্থ মালহোট্ৰাৰ বিষয়ে মন্তব্য কৰা নাই মিল্কী বিউটী তমন্নাই৷