কান্দি পেলাবলগীয়া হ’ল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
ইমান অপমান আগতে কেতিয়াও পোৱা নাছিল সীতাৰমণে৷ প্ৰধানমন্ত্ৰীৰ ভুলৰ বাবে তেওঁ অপদস্থ হ’ব লগীয়া হ’ল৷ বিত্তমন্ত্ৰী সীতাৰমণ এটা চৰকাৰী অনুষ্ঠানৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ গৈছিল৷ তাতে তেওঁ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ উপস্থিত ভাষণ দিবলৈ ধৰিছিলহে, তেতিয়াই জেন জে দৰ্শকে তাণ্ডৱৰ সূচনা কৰিলে৷ ভাষণবাজী বন্ধ কৰক বুলি নিৰ্মলা সীতাৰমণক ঠাট্টা কৰিলে নৱপ্ৰজন্মৰ দৰ্শকে৷ ভাষণৰ পৰিৱৰ্তে চাকৰি দিবলৈ বিত্তমন্ত্ৰীক জেন জিয়ে আহ্বান জনালে৷ হুলস্থূলৰ বাবে আধাতে ভাষণ সামৰিবলৈ বাধ্য হৈ পৰিল নিৰ্মলা সীতাৰমণ৷ জীৱনত প্ৰথমবাৰলৈ কান্দি কান্দি ষ্টেজৰ পৰা নামিবলৈ বাধ্য হৈ পৰিল বিত্তমন্ত্ৰী৷
সভাখনত সীতাৰমণে ভাষণ দিয়াৰ সময়ত কেবাজনো মন্ত্ৰী উপস্থিত আছিল৷ তেনেতে এজন লোকে প’ষ্টাৰ দেখুৱাই সীতাৰমণক ভাষণবাজী বন্ধ কৰিবলৈ অনুৰোধ কৰিলে৷ তেওঁ ক’লে যে বৰ্তমান অন্ধ্ৰপ্ৰদেশত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ সেয়ে ইমান কথা কোৱাৰ পূৰ্বে বিত্তমন্ত্ৰীয়ে চাকৰি সৃষ্টিতহে গুৰুত্ব দিব লাগে৷ কেবাজনো দৰ্শকে সীতাৰমণক দেখুৱালে আম্বানি পৰিয়ালৰ ফটো৷ চৰকাৰ কেৱল আম্বানি পৰিয়ালৰ প্ৰতিহে দায়বদ্ধ নেকি বুলি প্ৰশ্ন কৰিলে৷ গতি বেগতিক দেখি হাতযোৰ কৰিবলৈ বাধ্য হ’ল বিত্তমন্ত্ৰী৷ বিজেপিৰ প্ৰতি জনতাৰ ঘৃণা দেখি বিত্তমন্ত্ৰী সীতাৰমণৰ চকু চলচলিয়া হৈ পৰিল৷
কিন্তু তেওঁ কন্দনামুৱা হ’লেও জেন জি প্ৰতিবাদীয়ে ৰেহাই নিদিলে৷ সীতাৰমণক মঞ্চত বহি থকা দেখি তেওঁলোকে চাকৰিৰ বিষয়ে প্ৰশ্ন কৰিবলৈ লাগিল৷ কেতিয়ালৈ দেশৰ নৱপ্ৰজন্মই চাকৰি পাব বুলি সুধিলে জেন জি দৰ্শকে৷ সকলো নিবনুৱাই যাতে গৃহ চহৰত কাম কৰি ধন উপাৰ্জন কৰিবলৈ সুবিধা পাই তাৰো বন্দৱস্ত কৰি দিয়াৰ আহ্বান জনালে৷ এই দাবী শুনি ভয়তে থিয় হ’ল নিৰ্মলা সীতাৰমণ৷ তেওঁ মঞ্চৰ পৰা ততালিকে নামি গ’ল৷ জেন জি প্ৰতিবাদীৰ আহ্বান শুনি বিত্তমন্ত্ৰীয়ে আধাতে সভাস্থলী ত্যগ কৰিলে৷ তেওঁ কাৰ্যসূচী চুটি কৰি অন্ধ্ৰপ্ৰদেশৰ পৰা প্ৰস্থান কৰিলে৷ সীতাৰমণক ইমানতো প্ৰতিবাদীয়ে সকাহ নিদিলে৷
তেওঁ মঞ্চৰ পৰা নামি অহাৰ পিছত এদল জেন জিয়ে দেখুৱালে প্ৰতিবাদী প’ষ্টাৰ৷ ধৰ্মৰ পৰিৱৰ্তে দেশৰ উদীয়মান প্ৰজন্মক সংস্থাপনৰ প্ৰয়োজন বেছি বুলি বিত্তমন্ত্ৰীক সোঁৱৰাই দিলে৷ সভাস্থলীতে এই প্ৰতিবাদৰ বাবে একো ক’বও নোৱাৰা হ’ল সীতাৰমণে৷ তেওঁ পাৰ্যমানে ভদ্ৰতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে৷ হাত যোৰ কৰি প্ৰতিবাদীৰ মাজৰ পৰা বিত্তমন্ত্ৰী ওলাবলৈ বিচাৰিলে৷ চক্ৰবেহুত সোমাই পৰা সীতাৰমণৰ অৱস্থা কাহিল হৈ পৰিল৷ দিল্লীৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ গৈ এসেকা পালে বিত্তমন্ত্ৰীয়ে৷ তেওঁৰ চকুত প্ৰতিফলিত হ’ল অসহায় অৱস্থা৷ সেয়ে সেইদিনাই সকলো অনুষ্ঠান বাতিল কৰি তেওঁ দিল্লীলৈ কাৰ্যত: পলায়ন কৰিলে৷
এই ঘটনাটো কোনো সংবাদ মাধ্যমে প্ৰচাৰ নকৰিলে৷ বিত্তমন্ত্ৰীক জেন জিৰ অপমানৰ খবৰটো গোপন কৰিবলৈ চেষ্টা চলোৱা হ’ল৷ সেই সভাখনত উপস্থিত থকা চন্দ্ৰবাবু নাইডুৱে বিত্তমন্ত্ৰীক বিদায় দিবলৈ বিমানবন্দৰলৈ যোৱাৰো সাহস নকৰিলে৷ দিল্লীত চিজেপিৰ উগ্ৰ প্ৰতিবাদৰ সময়ত অন্ধ্ৰপ্ৰদেশত সংঘটিত ঘটনাটো বিজেপিৰ বাবে বিপদসংকুল হৈ পৰিল৷ কিয়নো বিগত সময়ছোৱাত উদীয়মান প্ৰজন্ম আছিল বিজেপিৰ একচেতিয়া ভোটাৰ৷ লাহে লাহে তেওঁলোকক আকৰ্ষণ কৰাত সফল হৈছে চিজেপিৰ প্ৰতিবাদে৷



