বোৰ্খা পিন্ধা সনাতনী মুছলমানৰ বিজেপিৰ সমদলত অংশগ্ৰহণ
বিজেপিৰ ৰেলীত বোৰ্খা পিন্ধা মহিলাই দিলে কংগ্ৰেছ বিৰোধী শ্ল’গান
হিন্দুত্বৰ কথা কোৱা বিজেপি নেতাই মুছলমানক দেখিবই নোৱাৰে৷ সনাতনী সভ্যতাৰ কথা মুখত আখৈ ফুটাদি ফুটে বিজেপি নেতাৰ৷ কথাইপতি বিজেপি নেতাই কয় হিন্দুত্বৰ কথা৷ বিজেপিৰ সকলো শীৰ্ষনেতাৰ মতে হিন্দুৱেই হৈছে শ্ৰেষ্ঠ ধৰ্ম৷ যোগী আদিত্যনাথৰ দৰে নেতায়ো স্পষ্টকৈ মুছলমান বিৰোধিতা বৰ্ণনা কৰি ভাষণ দিয়ে৷ কিন্তু বিজেপিৰ সমদলত অংশগ্ৰহণ কৰা বেছিভাগ লোকেই মুছলমানহে৷ কংগ্ৰেছৰ বিৰোধিতা কৰি বিজেপিয়ে দেশজুৰি প্ৰজাতন্ত্ৰ বচাও, অৰাজকতা হটাও নামৰ ৰেলী পাতি আছে৷ শেহতীয়াকৈ ভূপালত এই ৰেলী অনুষ্ঠিত হৈছিল৷ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও বিজেপিৰ ৰেলীত অংশগ্ৰহণ কৰিছিল৷ তেওঁ উলিওৱা সমদলত অংশগ্ৰহণ কৰিলে হাজাৰৰ ঘৰত মুছলমান মহিলাই৷ ইমানদিনে বিজেপি বিৰোধী হিচাপে অভিহিত হৈ থকা মুছলমান মহিলাই কংগ্ৰেছক গৰিহণা দিলে৷ বোৰ্খা পিন্ধা সহস্ৰাধিক মহিলাই বিজেপিয়ে ভালকৈহে দেশ চলাই আছে বুলিও কৰিলে দাবী৷ এই সমাৱেশত অংশগ্ৰহণ কৰা ভূপালৰ মুছলমান মহিলাসকল হৈছে বিজেপিৰ কৰ্মকৰ্তা৷ তেওঁলোকে বিজেপিকে ভোট দিয়ে৷ মুছলমানৰ ভোটেৰেই ভূপালত লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপি বিজয়ী হৈছে৷ কিন্তু দলীয় সমাৱেশত যে ইমানবোৰ বোৰ্খা পিন্ধা মহিলা সমৱেত হ’ব সেয়া কল্পনাও কৰা নাছিল বিজেপি নেতৃত্বই৷ পিছে তেওঁলোকে কল্পনা নকৰিলেও সহস্ৰাধিক মুছলমান মহিলাই দলৰ সভাত অংশগ্ৰহণ কৰিলে৷ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে উলিওৱা সমদলত নিৰ্বাচন আয়োগে একো ভুল কৰা নাই বুলি মুছলমান মহিলাই কৰিলে ঘোষণা৷ মুছলমান নাৰীকুলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সমৰ্থন কৰি দীৰ্ঘসময় কৰিলে সমদল৷ কিন্তু এই সমদলত অংশগ্ৰহণ কৰা হিন্দু মহিলাৰ সংখ্যা আছিল তেনেই তাকৰীয়া৷ ৰাজ্যখনৰ সংবাদ মাধ্যমেই প্ৰকাশ কৰা অনুসৰি মাত্ৰ ৩০০ হিন্দু মহিলাইহে বিজেপিৰ ৰেলীত যোগ দিছিল৷ তাৰ বিপৰীতে সমদলত অংশগ্ৰহণ কৰা মুছলমান মহিলাৰ সংখ্যা আছিল ৪ হাজাৰৰো অধিক৷ তেওঁলোক বিজেপিৰ কৰ্মকৰ্তা বুলি দলীয়ভাৱে নিশ্চিত কৰা হৈছে৷ আনহাতে মুছলমান মহিলাই বোৰ্খা পিন্ধি দলৰ ৰেলীত অংশগ্ৰহণ কৰাৰ ফটো বিজেপিয়েও ফে’চবুকত প’ষ্ট কৰিছে৷ এইসকলক সনাতনী সভ্যতাৰ প্ৰতি আকৰ্ষিত মুছলমান হিচাপে মধ্যপ্ৰদেশ বিজেপিয়ে দাবী কৰিছে৷
ৰাজ্যখনৰ দৃশ্যপটে কেবাটাও প্ৰশ্নৰ উদ্ৰেক কৰিছে৷ মধ্যপ্ৰদেশৰ মুছলমান মহিলাসকলে প্ৰকাশ কৰামতে তেওঁলোক হৈছে দীৰ্ঘদিনৰ পৰা বিজেপিৰ ভোটাৰ৷ এইসকল মহিলাই বিজেপিকে ভোটদান কৰি থকা বুলি দাবী কৰিছে৷ বিজেপি হিন্দুত্ববাদী দল হ’লেও কোনো মুছলমান নিৰ্যাতিত হোৱা নাই বুলি অভিহিত কৰিছে নাৰীকুলে৷ কিন্তু কংগ্ৰেছক ভোট দিবলৈ অস্বীকাৰ কৰিছে মধ্যপ্ৰদেশৰ মুছলমান ভোটাৰে৷ কংগ্ৰেছৰ আমোলত মুছলমান বঞ্চিত হয় বুলি দাবী কৰি তেওঁলোক সৰৱ হৈ পৰিছে৷ গতিকে বিষয়টো কংগ্ৰেছৰ বাবে উদ্বেগজনক৷ বিজেপিয়ে হিন্দুত্বৰ ৰাজনীতি কৰিও মুছলমানক আকৰ্ষণ কৰাটো ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ৷ মুছলমান মহিলাই বৰ্তমানৰ স্থিতাৱস্থা বাহাল থাকিলে ইছলাম সুৰক্ষিত বুলি দাবী কৰিছে৷
অৰ্থাৎ ইছলামিক নাৰীকুলে বিচাৰিছে বিজেপিৰ শাসন৷ তেওঁলোকৰ মতে বৰ্তমান দেশত কোনো মুছলমান নিগ্ৰহৰ চিকাৰ হ’বলগীয়া হোৱা নাই৷ কিন্তু কংগ্ৰেছৰ শাসনকালত দেশত ঘনাই সংঘটিত হয় সাম্প্ৰদায়িক সংঘৰ্ষ৷ গতিকে বিজেপিকে ভোট দিব বুলি স্পষ্ট কৰি দিছে৷ সনাতনী মুছলমানে সমৰ্থন কৰিছে মোদীক৷



