বিজেপিৰ শাসনকালত নাহিল মৌচুমী

বিজেপিক মৌচুমীয়েও বেয়া পালে
সেয়ে মৌচুমী ভাৰতলৈ নাহিল
এল নিন’ আহিছে, সেয়ে দেশৰ পথাৰ ছন পৰাটো নিৰ্ঘাত৷ অভাৱনীয় খৰাঙৰ পৰিণতিত দেশত দুৰ্ভিক্ষ হোৱাৰ আশংকা আছে৷ এল নিন’ৰ ভয়াৱহতাৰ অনুমানেৰে কেন্দ্ৰীয় চৰকাৰে ২০২৬–২৭ বৰ্ষৰ বাবে সমগ্ৰ দেশত খাদ্যশস্য উৎপাদনৰ লক্ষ্য ৩৭৪ নিযুত টন নিৰ্ধাৰণ কৰিছে৷
যিটো হৈছে পূৰ্বৰ বৰ্ষৰ তুলনাত যথেষ্ট কম। ২০২৫–২৬ বৰ্ষত দেশত খাদ্যশস্যৰ আনুমানিক উৎপাদন আছিল ৩৭৬ নিযুত টন। অৰ্থাৎ চৰকাৰে বিগত বৰ্ষৰ আনুমানিক উৎপাদনতকৈ ২.৬৩ নিযুত টন কম উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
ৰবি শস্যৰ উৎপাদনৰ সময়ত এল নিন’ৰ নেতিবাচক প্ৰভাৱ, অপৰ্যাপ্ত বৰষুণৰ ফলত কৃষি মন্ত্ৰ্যালয়ে এই বাস্তৱিক সংশোধন ঘটাবলৈ বাধ্য হৈছে। উদ্বেগজনক পৰিস্থিতিৰ মূল কাৰণ হৈছে দুৰ্বল মৌচুমী বতাহ।
এই বছৰ দেশজুৰি গড় বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ১২.৬ শতাংশ কম, যি হৈছে ২০১৫ চনৰ পিছৰ আটাইতকৈ দুৰ্বল মৌচুমী ঋতু৷ খৰাঙৰ ফলত দেশত পানীৰ স্তৰ হ্ৰাস পাইছে৷ সমান্তৰালভাৱে মাটিৰ আৰ্দ্ৰতাও হ্ৰাস কৰিলে, যাৰ প্ৰভাৱ সমাগত ৰবি শস্যৰ উৎপাদনত পৰাৰ আশংকা আছে।
তথাপি কেন্দ্ৰীয় চৰকাৰে ২০২৬-২৭ বৰ্ষৰ ৰবি ঋতুৰ বাবে ১৭৭ নিযুত টন খাদ্যশস্য উৎপাদনৰ নিৰ্দিষ্ট লক্ষ্য ধাৰ্য কৰিছে। ইয়াৰ প্ৰভাৱত বজাৰত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱাটো অৱধাৰিত৷