গুজৰাটী ব্ৰাহ্মণ যদিও কেপ্টেইন স্মিত পেটেল বিজেপিৰ সমৰ্থক নহয়
যিজন ভাৰতীয় পাইলটে ইজৰাইল অভিমুখী বিমান ৰক্ষা কৰিলে তেওঁ কংগ্ৰেছৰ ঘোৰ সমৰ্থক৷ গুজৰাটী হ’লেও স্মিত মাচ্চাৰে বিজেপিক ভাল নাপায়৷ একেখন ৰাজ্যকে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিনিধিত্ব কৰিছে যদিও স্মিত মাচ্চাৰে কংগ্ৰেছকহে ভোট দিয়ে৷ কংগ্ৰেছৰ সমৰ্থনত ছ’চিয়েল মিডিয়াতো লিখি থাকে স্মিত মাচ্চাৰে৷ তেওঁ ৰাহুল গান্ধীৰ অনুৰাগী৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইনষ্টাগ্ৰামৰ এটা প’ষ্টত স্মিত মাচ্চাৰে বিজেপিক বৰ্জন কৰিবলৈ আহ্বান জনাইছিল৷ কংগ্ৰেছক সমৰ্থনৰ মুকলি আহ্বান জনাইছিল কেপ্টেইন স্মিতে৷
যোৱাবছৰ কেপ্টেইন স্মিত মাচ্চাৰে এটা পডকাষ্টত অংশগ্ৰহণ কৰিছিল৷ সেইসময়ত তেওঁ কৈছিল- পাইলটে ছাৰ্জাৰী কৰিব নাজানে যদিও যাত্ৰীৰ প্ৰাণৰক্ষা কৰিব পাৰে৷ নিয়তিৰ কি লীলা! সেইজন স্মিতেই বিমানৰ ১৮০ জন ইহুদী যাত্ৰীৰ প্ৰাণৰক্ষা কৰিলে৷ কিন্তু কেৱল সেয়াই নহয়, কেপ্টেইন স্মিতে ইনষ্টাগ্ৰামত প্ৰায়ে ৰাহুল গান্ধীৰ প’ষ্ট শ্বেয়াৰ কৰিছিল৷ তেওঁ কিছুদিন পূৰ্বে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট লক কৰি দিলে৷ কিন্তু কেপ্টেইন স্মিত মাচ্চাৰে তাৰ পূৰ্বে বেছিভাগ প’ষ্ট কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ সমৰ্থন কৰি দিছিল৷
যেতিয়াই স্মিত মাচ্চাৰে ইজৰাইলী যাত্ৰীৰ প্ৰাণৰক্ষা কৰিলে, সেইসময়ৰ পৰা তেওঁ দেশৰ হিন্দুত্ববাদী লোকৰ বাবে নয়নৰ মণি হৈ পৰিল৷ কেপ্টেইন স্মিতক গুজৰাটী ব্ৰাহ্মণ হিচাপে প্ৰচাৰ চলাই হিন্দুত্ববাদী ঢল বোওৱা হ’ল৷ ছ’চিয়েল মিডিয়াত স্মিত মচ্চৰক ইছলামিক জেহাদী দমন কৰা ব্ৰাহ্মণ পাইলট হিচাপে উপস্থাপন কৰা হৈছে৷ হিন্দু হোৱাৰ বাবেহে স্মিতে সতীৰ্থ জেহাদী পাইলটক প্ৰতিহত কৰিব পাৰিলে বুলিও প্ৰচাৰ চলোৱা হৈছে৷ কিন্তু হিন্দুত্ববাদী শক্তিয়ে যিমানে প্ৰচাৰ চলালেও কেপ্টেইন স্মিত হিন্দুত্ববাদী নহয়৷
তেওঁ কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামত ৰাহুল গান্ধীৰ প’ষ্ট শ্বেয়াৰ কৰিছিল৷ সেইটো প’ষ্টত ৰাহুল গান্ধীৰ নাম মেনশ্যন কৰি ৰেছপেক্ট বুলি লিখিছিল কেপ্টেইন স্মিতে৷ অৰ্থাৎ কংগ্ৰেছ নেতাজনৰ প্ৰতি যে আন্তৰিক সন্মান আছে সেয়া বুজাইছিল স্মিতে৷ তেওঁ বিজেপিৰ সমৰ্থন কেতিয়াও কৰা নাছিল৷ কিন্তু আকাশত জেহাদীক প্ৰতিহত কৰাৰ পিছত সেইজন স্মিতক লৈ ৰাজনীতি কৰা হৈছে৷ দৰাচলতে স্মিত মাচ্চাৰ হৈছে ধৰ্মনিৰপেক্ষ গুজৰাটী৷ তেওঁ বিগত সময়ত কেতিয়াও ধৰ্মৰ নামত বিষবাষ্প ছটিওৱাৰ চেষ্টা কৰা নাই৷
বিগত সময়ত স্মিত পেটেল ইনষ্টাগ্ৰামত অত্যন্ত সক্ৰিয় আছিল৷ সেই সময়ত স্মিত মাচ্চাৰে কংগ্ৰেছক ভোট দিবলৈ ফল’ৱাৰ্ছক আহ্বান জনাইছিল৷ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে স্মিত মাচ্চাৰে কংগ্ৰেছৰ আঁচনিৰ প্ৰশংসা কৰিছিল৷ কেপ্টেইন স্মিতে নিজৰ ধৰ্মীয় পৰিচয়কো বিশেষ গুৰুত্ব দিয়া নাছিল৷ কেৱল মানৱতাৰ খাতিৰতহে তেওঁ ইজৰাইল অভিমুখী বিমানৰ যাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰিলে৷ তথাপি স্মিত মাচ্চাৰক হিন্দুত্ববাদী সজাবলৈ চেষ্টা কৰা হৈছে৷ পিছে স্মিতে কেতিয়াও সমৰ্থন কৰা নাছিল বিজেপিক৷



