বিজেপিশাসিত ৰাজ্যত নিম্নবৰ্ণৰ কিশোৰীৰ দুৰৱস্থা

বিবাহেই ভাৰতীয় মহিলাৰ বাবে জীৱনৰ শেষ কথা
বিয়া নহ’লে যেন জীয়াই থকাৰ একো অৰ্থ নাই৷ অন্তত: দেশৰ বেছিভাগ পুৰুষে তেনেদৰেই ভাবে৷ বিয়া নোহোৱাকৈ থকা মহিলাৰ জীৱন নিৰৰ্থক বুলি গণ্য কৰে ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজে৷ সেয়ে বলাৎকাৰীৰ সৈতেও বিয়া হ’বলৈ বাধ্য কৰোৱা হৈছে এগৰাকী ফুলকুমলীয়া বালিকাক৷ এইটো ঘটনা সংঘটিত হৈছে বিজেপিশাসিত উত্তৰ প্ৰদেশত৷ যোগী আদিত্যনাথৰ ৰাজ্যৰ পৰিস্থিতি কিমান ভয়ংকৰ সেইটো প্ৰতিপন্ন কৰিছে পঞ্চায়তে কৰা বিচাৰে৷ লম্পটৰ কামনাৰ বলি হোৱা এগৰাকী যুৱতীক গাঁও পঞ্চায়তে পাষণ্ডটোৰ সৈতেই বিয়া হোৱাৰ নিৰ্দেশ দিছে৷ উপায়হীন হৈ পঞ্চায়তৰ প্ৰস্তাৱত সন্মতি জনাবলৈ বাধ্য হৈছে কিশোৰী৷
কানপুৰৰ সমীপৰ এখন গাঁৱৰ ১৬ বছৰীয়া কিশোৰীগৰাকী গাঁৱৰে এটা পাষণ্ডৰ শাৰিৰীক নিগ্ৰহৰ চিকাৰ হৈছিল৷ উচ্চবৰ্ণৰ পাষণ্ডটোৱে নিৰ্যাতন চলাইছিল অ’বিচি কিশোৰীক৷ নিম্নবৰ্ণৰ বুলি ঠাট্টা কৰি কুমলীয়া ছোৱালীজনীক ঘৰৰ পৰা ধৰি নিছিল সেই অসভ্যটোৱে৷ পিছত কিশোৰীগৰাকীক মুমূৰ্ষু অৱস্থাত এখন পথাৰত উদ্ধাৰ কৰা হ’ল৷ নিৰ্যাতনৰ চিকাৰ হোৱা কিশোৰীগৰাকীৰ পৰিয়াল তাৎক্ষণিকভাৱে আৰক্ষীৰ কাষ চাপিল৷ কিন্তু অ’বিচি হোৱা বাবে তেওঁলোকৰ অভিযোগ পঞ্জীয়ন নকৰিলে আদিত্যনাথৰ পুলিচে৷
এইবাৰ উপায়ন্তৰ পৰিয়ালটো পঞ্চায়তৰ দ্বাৰস্থ হ’ল৷ ন্যায় দাবী কৰি নিৰ্যাতিত কিশোৰীগৰাকীয়ে পাষণ্ডৰ নাম প্ৰকাশ কৰিলে৷ কেনেকৈ পাষণ্ডটোৱে তেওঁক ঘৰৰ পৰা ধৰি নি নিৰ্যাতন চলাইছিল সেইবোৰ তেওঁ পঞ্চায়তৰ বৰমূৰীয়াৰ সন্মুখত বৰ্ণনা কৰিলে৷ কিন্তু ইয়াৰ পিছত পঞ্চায়তে যিটো নিৰ্দেশ দিলে সেয়া শুনিলে আপোনাৰ চকু কঁপালত উঠিব৷ নিৰ্যাতিত কিশোৰীগৰাকীক ন্যায় দিয়াৰ পৰিৱৰ্তে নিৰ্যাতনকাৰীৰ সৈতে বিয়া হ’বলৈ পঞ্চায়তে পৰামৰ্শ দিলে৷ কিন্তু তেতিয়াও সমস্যা হ’ল৷ কাৰণ নিৰ্যাতনৰ চিকাৰ হোৱা কিশোৰীগৰাকীৰ বয়স হৈছে মাত্ৰ ১৬ বছৰ৷ চৰকাৰী নিয়ম অনুসৰি তেওঁ এতিয়াই বিয়া হ’ব নোৱাৰে৷
সেয়ে কিশোৰীগৰাকীক ১৮ বছৰ হোৱালৈকে অপেক্ষা কৰাৰ নিৰ্দেশ দিয়া হ’ল৷ পঞ্চায়তৰ মতে ১৮ বছৰীয়া হোৱাৰ লগে লগে নিৰ্যাতনকাৰী পাষণ্ডটোৱে তেওঁক বিয়া পাতিব লাগিব৷ যিহেতু নিৰ্যাতনৰ চিকাৰ হোৱা কিশোৰীগৰাকীক কোনেও বিয়া নাপাতিব সেয়ে এই নিৰ্দেশ দিয়া বুলি পঞ্চায়তে সদৰী কৰিছে৷ এই হুকুম মানি ল’বলৈ বাধ্য হৈছে অ’বিচি সম্প্ৰদায়ৰ কিশোৰীগৰাকী৷ তেওঁ আৰক্ষীৰ কাষ চাপিও লাভ নহ’ব বুলি পঞ্চায়তে জনাই দিছে৷ গতিকে শিৰনত কৰি পঞ্চায়তৰ নিৰ্দেশ মানি লৈছে নিৰ্যাতিতাই৷ তেওঁক পাষণ্ডটোৰ সৈতে বিয়া হ’বলৈ আৰু দুবছৰ অপেক্ষা কৰিবলৈ হুকুম দিয়া হৈছে৷
বিচাৰ প্ৰক্ৰিয়াৰ সৈতে কেবাজনো বিজেপি নেতাও জড়িত আছিল বুলি প্ৰকাশ কৰিছে নিৰ্যাতিতাৰ পৰিয়ালে৷ বিষয়টো অধিক প্ৰচাৰিত হোৱাৰ পিছতহে তৎপৰ হৈ পৰিছে উত্তৰ প্ৰদেশ আৰক্ষী৷ অ’বিচি সম্প্ৰদায়ৰ হোৱা বাবে এগৰাকী কিশোৰী ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়েও বিষয়টোত হস্তক্ষেপ কৰিছে৷ সম্প্ৰতি মুখ্যমন্ত্ৰী আদিত্যনাথৰ নিৰ্দেশক্ৰমে গ্ৰেপ্তাৰ কৰা হৈছে উচ্চবৰ্ণৰ নিৰ্যাতনকাৰীক৷ অ’বিচি কিশোৰীক পাষণ্ডৰ সৈতে বিয়া হোৱাৰ নিৰ্দেশ দিয়া পঞ্চায়ত প্ৰতিনিধিও আৰক্ষীৰ জালত পৰিছে৷