বিক্ৰী কেৱল কনড’মৰে বঢ়া নাই কিন্তু
সমানে বৃদ্ধি পাইছে জন্মনিৰোধক টেবলেটৰ বিক্ৰী
গুজৰাটৰ নৱৰাত্ৰি আৰু কনড’মৰ এটা আচৰিত সম্পৰ্ক আছে৷ আশ্বৰ্যকৰভাৱে নৱৰাত্ৰিৰ দাণ্ডিয়া নৃত্য আৰম্ভ হোৱাৰ লগে লগে বাঢ়ি যায় কনড’মৰ বিক্ৰী৷ নৱৰাত্ৰিৰ সময়ত গুজৰাটৰ যুৱপ্ৰজন্ম হৈ পৰে স্বাধীন৷ তেওঁলোকক ওৰেনিশা নৃত্য কৰিবলৈ অনুমতি দিয়া হয়৷ অসংখ্য যুৱক-যুৱতীয়ে গীতৰ তালে তালে নৃত্য কৰে৷ গুজৰাটৰ জাতীয় উৎসৱ উদযাপন বাৰু ঠিকেই আছে৷ কিন্তু এই সময়ছোৱাত কিয় কনড’মৰ বিক্ৰী বৃদ্ধি হয় সেইটো তাৎপৰ্যপূৰ্ণ৷ এইবাৰো মেনফ’ৰ্চ, ডিউৰেক্স আদি কোম্পানীয়ে কনড’ম উৎপাদন কৰি কৰি ভাগৰুৱা হৈ পৰিছে৷ শ্ৰমিকক অভাৰ ডিউটী কৰায়ো গুজৰাটৰে চাহিদা পূৰণ কৰিব পৰা নাই৷ নৱৰাত্ৰিক লাভৰাত্ৰি হিচাপে অভিহিত কৰিছে কনড’ম কোম্পানীয়ে৷ কিন্তু কেৱল কনড’মেই নহয়, গুজৰাটত পাবলৈ নোহোৱা হৈছে গৰ্ভনিৰোধক টেবলেট৷ ফাৰ্মাচীত সবাতোকৈ বেছিকৈ বিক্ৰী হোৱা সামগ্ৰীবিধেই হৈছে গৰ্ভনিৰোধক৷ তিনিদিনৰ ভিতৰত গুজৰাটত গৰ্ভনিৰোধক টেবলেটৰ বিক্ৰী ৩০ শতাংশ বৃদ্ধি হৈছে৷ গুজৰাটলৈ যোগান ধৰা বাবে দেশৰ আনপ্ৰান্তৰ বজাৰত নোহোৱা হৈছে গৰ্ভনিৰোধক টেবলেট৷
তথ্য অনুসৰি সম্প্ৰতি গুজৰাটত চৰকাৰীভাৱে যোগান ধৰা গৰ্ভনিৰোধক নাই৷ যিমান টেবলেট চৰকাৰে হস্পিতেললৈ প্ৰেৰণ কৰিছিল আটাইবোৰ শেষ হৈছে৷ বছৰৰ আনসময়ত চৰকাৰী গৰ্ভনিৰোধক কোনেও নিবিচাৰে৷ কিন্তু নৱৰাত্ৰিৰ সময়ত এই টেবলেটৰ চাহিদা বৃদ্ধি পায়৷ আনহাতে ফাৰ্মাচীতো গৰ্ভনিৰোধকৰ ষ্টক খালি হৈছে৷ বিক্ৰেতাই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে এইবাৰ আনিছিল ১৮ কোটি টকাৰ গৰ্ভ নিৰোধক টেবলেট৷ নৱৰাত্ৰি আৰম্ভ হোৱাৰ সময়ত গুজৰাটৰ যুৱক-যুৱতীয়ে এই টেবলেটবোৰ খাই হজম কৰি পেলালে৷ এতিয়া তাত টেবলেট পাবলৈ নাই৷ গুজৰাটত অধিকহাৰত গৰ্ভনিৰোধক বিক্ৰী হোৱাৰ প্ৰভাৱ দেশৰ বজাৰতে পৰিছে৷ আনকি অসমতো গৰ্ভনিৰোধক পাবলৈ নোহোৱা হৈছে৷ কাৰণ অধিক চাহিদাৰ বাবে গুজৰাটলৈ প্ৰেৰণ কৰা হৈছে টেবলেট৷ তাত আনকি ব্লেকতো গৰ্ভনিৰোধক বিক্ৰী হৈছে৷
নৱৰাত্ৰিৰ সময়ত প্ৰেমাস্পদে মিলনৰ বাবে লাভ কৰা স্বাধীনতাই হৈছে গৰ্ভনিৰোধক বিক্ৰীৰ মূল কাৰণ৷ এই সময়ছোৱাত গুজৰাটৰ নৱপ্ৰজন্ম হৈ পৰে সম্পূৰ্ণ স্বাধীন৷ তেওঁলোকে মাজনিশাও অকলশৰে দাণ্ডিয়া নৃত্য কৰিবলৈ সুযোগ পায়৷ নৃত্যস্থলীৰ কাষতো একাংশ শাৰিৰীক মিলনত লিপ্ত হয়৷ বাধা দিবলৈ কোনো নাথাকে বাবে নৱৰাত্ৰি মিলনৰ ঋতু হৈ পৰে৷ এই উৰ্বৰা সময়ত গুজৰাটৰ ৭০ শতাংশ প্ৰেমাস্পদে সংগম কৰে বুলি সমীক্ষকে প্ৰকাশ কৰিছে৷ আনকি গাৰ্বা নৃত্য অনুষ্ঠিত হোৱা স্থানতো দেখা যায় কনড’মৰ দম৷
সেয়ে নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে গুজৰাটলৈ অধিকহাৰত কনড’ম আৰু গৰ্ভনিৰোধক প্ৰেৰণ কৰে কোম্পানীয়ে৷ কিন্তু এইবাৰ বৰ্ধিত ছাপ্লায়েও চাহিদা পূৰণ কৰিব নোৱাৰিলে৷ সমীক্ষকৰ তথ্য অনুসৰি গুজৰাটৰ কোনো হোটেলতে ৰূম খালি নাই৷ এই কেইদিন গুজৰাটৰ চহৰ এলেকাৰ কেবাটাও পৰিয়ালে ফ্লেট ভাৰা দিয়াৰো ব্যৱসায় কৰিছে৷ তাত প্ৰেমাস্পদক সুৰক্ষিতভাৱে কৰিবলৈ দিছে অভিসাৰ৷ তাৰ বিনিময়ত এদিনৰ বাবে ফ্লেট ভাৰা দিয়া পৰিয়ালে পইচা লৈছে৷ সকলো অ’য়’ হোটেলত বৰ্তমান ৰূম বুকিং হৈ আছে৷ ফুৰিবলৈ যোৱা পৰ্যটকৰ বাবেও খালি নাই ৰূম৷ কামলীলাত মত্ত হৈ পৰিছে গুজৰাট৷



