ইতিহাসপ্ৰসিদ্ধ বাসুদেৱ থানলৈ প্ৰথমবাৰৰ কাৰণে যোৱা ভক্তসকললৈ সাৱধান হওক৷ থানৰ সন্মুখত থকা দোকানৰ পৰা শৰাইৰ কাৰণে বস্তু লওঁতে আগতীয়াকৈ দামটো সুধি ল’ব৷ দোকানীয়ে শৰাইৰ বস্তুখিনি এখন থালিত সজাই দি ক’ব- যাওক প্ৰথমে চাকিগছি জ্বলাই সেৱা কৰি আহক, পইচা পিছত দিবহি৷ তেতিয়াই আপুনি যদি কেইটকা হৈছে সুধি নলয় তেনেহ’লে বিপদত পৰিব৷ যদি হাতত বেছি টকা লৈ যোৱা নাই তেন্তে দোকানীক দিবলৈয়ো পইচাৰ অভাৱ হ’বই৷ আমি কিয় এনেকৈ কৈছোঁ শুনি লওক৷
ঈশ্বৰ দৰ্শন কৰিবলৈ গ’লেও ভক্তৰ খৰচৰ এটা সীমা আছে৷ ধৰ্মীয় বিশ্বাস মতে শৰাইৰ সামগ্ৰীৰ হিচাপ দিব নালাগে৷ তথাপি বাসুদেৱ থানৰ সন্মুখৰ দোকানীয়ে সজাই দিয়া থালখনত এপোৱা ওজনৰ বুট-মগুৰ দুটা পেকেট, ১০০ গ্ৰামৰ এটা চেনিৰ পেকেট, এটা আপেল, দুটা নাচপতি, এটা মাল্টা, নকুল দানাৰ পেকেট এটা, ধূপৰ সৰু পেকেট এটা, এটা এটকীয়া দিয়াশলাই, এজোৰ তামোল-পাণ, এটা নাৰিকল আৰু চাকি তিনিগছিৰ সৈতে ১০০ গ্ৰাম মিঠাতেলৰ এটা পেকেট থাকে৷ সেইখিনি থালত সজায়েই থোৱা থাকে৷
এই শৰাইখনৰ দাম কিমান জানেনে? আপুনি শুনি আচৰিত হ’লেও এই শৰাইখনৰ দাম হৈছে ৬৯০ টকা৷ বাসুদেৱ থানৰ সন্মুখত দোকান দিয়া মানুহবোৰে নিজাববীয়াকৈ এই দাম নিৰ্ধাৰণ কৰিছে৷ তেওঁলোকে যিমান মন যায় সিমান টকা গ্ৰাহকৰ পৰা দাবী কৰে৷ মনোবাঞ্জা পূৰণৰ বাবে মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভক্তই শৰাইৰ সামগ্ৰীৰ বাবে দোকানীৰ সৈতে তৰ্ক কৰিব নিবিচাৰে৷ তাৰোপৰি দাম আদায় দিয়াৰ পূৰ্বেই তেওঁলোকে পূজা কৰে৷ সেয়ে দোকানীৰ সৈতে তৰ্ক নকৰাকৈ ভক্তই পইচা আদায় দিবলৈ বাধ্য হয়৷
ঢকুৱাখনাৰ সমীপৰ নৰোৱা গাঁৱৰ প্ৰাচীন থানভাগৰ ঐশ্বৰিক ক্ষমতা আছে৷ বাসুদেৱ থানাত সেৱা কৰিলে মনোবাঞ্জা পূৰণ হয় বুলি প্ৰবাদ আছে৷ সেয়ে ইতিহাসপ্ৰসিদ্ধ বাসুদেৱ থানলৈ দৈনিক হাজাৰ বিজাৰ ভক্তৰ সমাগম ঘটে৷ তাৰে সুযোগ গ্ৰহণ কৰি এচাম দোকানীয়ে ভক্তৰ লুণ্ঠন কৰিবলৈ চেষ্টা কৰিছে৷ তেওঁলোকে ভক্তৰ পৰা নিশ্চয় নিৰ্ধাৰিত দাম আদায় কৰিব পাৰে৷ কিন্তু বাসুদেৱ থানাত সেৱা কৰিবলৈ যোৱা ভক্তক এইদৰে পইচা দিবলৈ বাধ্য কৰোৱাৰ ফলশ্ৰুতিত সেই ঠাইখনেই বদনামী হ’বলগীয়া হৈছে৷
এই বিষয়টোত থান পৰিচালনা কমিটীয়ে হস্তক্ষেপ কৰিব লাগে৷ কাৰণ দোকানীৰ মিঠা মাতত ভোল গৈ আগতীয়াকৈ শৰাইৰ থালখন লোৱা ভক্তই পিছত ৭০০ টকা দাম শুনি মূৰে-কঁপালে হাত দিব লাগে৷ বহুতে লোকে পইচাৰ বাবে তৰ্ক কৰিবলৈয়ো বাধ্য হয়৷ দূৰণিৰ পৰা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা লোকে সেই ঠাইখনৰ বিষয়ে পোষণ কৰে নীচ ধাৰণা৷ সেয়ে কৰ্তৃপক্ষই অসাধু দোকানীক নিয়ন্ত্ৰণ কৰা উচিত৷



