কোনোপধ্যে গাখীৰ গিলাচ খোৱা নাই ধুনীয়া কইনাজনীয়ে
তেওঁক গাখীৰ খাবলৈ বাধ্য কৰিছে বৃদ্ধ দৰাই
কান্দি কান্দি অস্থিৰ হৈ পৰিছে ২০ বছৰীয়া ছোৱালীজনী৷ ঘৰৰ পৰা তেওঁৰ বিয়া ঠিক কৰা হৈছিল৷ উপযুক্ত দৰাৰ সৈতে বিয়া দিব বুলি তেওঁক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল পিতৃয়ে৷ সেয়ে আশ্বস্ত হৈ আছিল ছোৱালীজনী৷ আনন্দৰে তেওঁ বিয়াত বহিছিল৷ নিকাহনামা পঢ়াৰ সময়ত ঢাকি দিয়া হৈছিল তেওঁৰ চকু৷ তেতিয়ালৈকে ছোৱালীজনীয়ে দৰাক দেখা নাছিল৷ কিন্তু ওৰণি দঙাৰ পিছত যেতিয়া দৰাক দেখিলে তেতিয়াই তেওঁৰ অৱস্থা কাহিল হৈ পৰিল৷ বিয়াৰ মণ্ডপৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰিলে কইনাই৷ ঘৰৰ মানুহে জপতিয়াই ধৰি কইনাক ৰাখিলে৷ কিন্তু তেওঁ বিয়া নহওঁ বুলি কৈ কৈ অচেতন হৈ পৰিল৷ যুৱতীগৰাকীয়ে হঠাতে বিয়াৰ বিৰোধিতা কৰাৰ মূল কাৰণ আছিল দৰা৷ ঘৰৰ মানুহে তেওঁৰ বাবে ধুনীয়া ডেকা পছন্দ কৰা বুলি কৈছিল৷ দৰাচলতে যুৱতীগৰাকীৰ সৈতে বন্দৱস্ত কৰা হৈছিল এজন বৃদ্ধৰ বিয়া৷ ৭৯ বছৰীয়া বৃদ্ধৰ সৈতে জীয়েকক বিয়া দিবলৈ বাধ্য হৈ পৰিছিল পিতৃ৷ ধাৰ পৰিশোধ কৰাৰ আন একো উপায় নাপাই তেওঁ জীয়েককে চমজাই দিছিল৷ সেইবোৰ গমেই পোৱা নাছিল ছোৱালীজনীয়ে৷
তেওঁ মনৰ আনন্দৰে বিয়াৰ প্ৰস্তুতি চলাইছিল৷ বিয়াৰ আগতে কোনোদিনে দৰাৰ সৈতে এষাৰো কথা পতা নাছিল কইনাই৷ দৰা ডেকাল’ৰা বুলি তেওঁ ভাবি আছিল৷ নিকাহনামা পঢ়াৰ পিছত তেওঁক দৰাৰ মুখ দেখুওৱা হ’ল৷ বুঢ়া দৰাক দেখি যাতে যুৱতীগৰাকীয়ে বিয়া ভাঙিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ পঢ়া হ’ল নিকাহনামা৷ কিন্তু ইয়াৰ পিছতো দেউতাকৰ বয়সৰ দৰাৰ সৈতে বিয়া নহওঁ বুলি ক’লে কইনাই৷ তেওঁৰ পিতৃৰ হাতত আন একো উপায় নাছিল৷ ঢাকাৰ লোকজনে কেইবছৰমান পূৰ্বে এজন ব্যৱসায়ীৰ পৰা লৈছিল লাখ টকাৰ ঋণ৷ পৰ্যায়ক্ৰমে তেওঁ ধাৰ পৰিশোধ কৰি আছিল৷ কিন্তু এতিয়াও ঋণ দিবলৈ হেঁচা দি আছিল সুদখোৰে৷ শেষত ঋণ পৰিশোধ কৰিব নোৱাৰি লোকজনে সুদখোৰৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে৷ ঋণৰ বিনিময়ত কিডনী দিব বুলি প্ৰতিশ্ৰুতি দিলে৷ কিন্তু সুদখোৰে নিবিচাৰিলে কিডনী৷
তাৰ সলনি সুদখোৰ দগাবাজে এটা বুদ্ধি কৰিলে৷ বৃদ্ধ সুদখোৰে ধৰুৱা লোকজনৰ জীয়েকক বিয়া পাতিব বিচাৰিলে৷ জীয়েকক তেওঁলৈ দিলে লোকজন সকলো ধাৰৰ পৰা মুক্ত হ’ব বুলি জনাই দিলে পাষণ্ড সুদ খোৰে৷ বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ লোকজনে জীয়েকক বিয়াৰ বিষয়ে জনালে৷ কিন্তু দৰা যে ৭৯ বছৰীয়া বৃদ্ধ সেয়া জনোৱা নাছিল৷ অৱশেষত বৃদ্ধৰ সৈতে জীয়েকক বিয়া দি তেওঁ ধাৰমুক্ত হ’ল৷ কিন্তু তাৰ বিনিময়ত তেওঁৰ কন্যা হৈ পৰিল অচেতন৷ দৰাক দেখি মণ্ডপতে কইনা মূৰ ঘূৰাই অচেতন হ’ল৷
এই ঘটনাটো বাংলাদেশত সংঘটিত হৈছে৷ গাভৰু কইনা পাই বৃদ্ধ দৰাই মাৰিছে সন্তুষ্টিৰ হাঁহি৷ কিন্তু তেওঁৰ সৈতে বিয়াত বহিবলৈ বাধ্য যুৱতীগৰাকীৰ মুখত ফুটি উঠিছে বিষাদ৷ নিৰ্দোষ যুৱতীগৰাকীয়ে দেউতাকৰ ভুলৰ বাবে তেওঁতকৈ ৫৯ বছৰে ডাঙৰ বৃদ্ধৰ সৈতে বিয়া হ’বলৈ বাধ্য হৈছে৷ ছোৱালীজনীৰ জীৱন হৈ পৰিছে বিষময়৷ তেওঁ সোমোৱা কাৰাগাৰৰ পৰা উদ্ধাৰ হোৱাৰ নাই কোনো পথ৷ ৭৯ বছৰীয়া বৃদ্ধৰ বেগম হ’বলৈ তেওঁৰ ইচ্ছা নাই৷ কিন্তু দেউতাকে জানি-বুজি বাঘৰ গঁৰালত সুমুৱাই দিলে কন্যাক৷



