মুখেৰেহে অতিথি দেৱো ভৱ: বুলি কয় ভাৰতৰ জনতাই
কিন্তু দেশলৈ অহা বিদেশী অতিথিৰ স্তন স্পৰ্শ কৰিবলৈ হেতা-ওপৰা কৰে লম্পট ভাৰতীয়ই৷ গা আবুৰ কৰা পোছাক পৰিধান কৰাৰ পিছতো এগৰাকী ৰাছিয়ান যুৱতী বৃন্দাবনত নিৰ্যাতনৰ সন্মুখীন হৈছে৷ তেওঁ তিক্ততাৰে প্ৰকাশ কৰিছে ধৰ্মীয় স্থানত সন্মুখীন হোৱা অত্যাচাৰৰ কথা৷ ভাৰতীয় পুৰুষৰ বেছিভাগেই চৰিত্ৰহীন বুলি অভিহিত কৰি তেওঁ ততালিকে দেশত্যাগ কৰিছে৷ এই যুৱতীগৰাকীয়ে কাকো অশান্তি নকৰাকৈ বৃন্দাবন ভ্ৰমণ কৰি আছিল৷ হিন্দু সভ্যতাৰ বিষয়ে উদঘাটন কৰিবলৈ তেওঁ বৃন্দাবনৰ আলিয়ে-গলিয়ে বিচৰণ কৰিছিল৷ মন্দিৰ নগৰী পৰিভ্ৰমণৰ সময়ত তেওঁ শ্বৰ্টছো পিন্ধা নাছিল৷ জিনছৰ সৈতে টপ পৰিধান কৰি শৰীৰ ঢাকি ৰাখিছিল ৰুছ সুন্দৰীয়ে৷ ভাৰতীয় সভ্যতাক তেওঁ সন্মান প্ৰদৰ্শন কৰিছিল৷
শৰীৰ আবুৰ কৰি ৰাখিলেও কিন্তু তেওঁ নিৰ্যাতনৰ পৰা বাচিব নোৱাৰিলে৷ এলিনা নামৰ যুৱতীগৰাকীয়ে বৃন্দাবন ভ্ৰমণ কৰাৰ সময়ত এদল যুৱকে তেওঁক ছেলফিৰ বাবে অনুৰোধ কৰিলে৷ প্ৰথমে এই অনুৰোধৰ বিষয়ে একো ভবা নাছিল এলিনাই৷ তেওঁ সকলোৰে সৈতে উঠিবলৈ গৈছিল ছেলফি৷ পাউট কৰি ভাৰতীয় বন্ধুৰ সৈতে ছেলফিৰ বাবে এলিনাই প’জো দিছিল৷ কিন্তু তেতিয়াই এটা পাষণ্ডই এলিনাৰ স্তনত খামোচ মাৰি ধৰিলে৷ এই আচৰণত হতভম্ব এলিনা যুৱকজনৰ কবলৰ পৰা মুক্ত হোৱাৰ চেষ্টা কৰিলে৷ কিন্তু এলিনা বিফল হ’ল৷ তেতিয়ালৈ ৰাছিয়ান সুন্দৰীক এদল পাষণ্ডই চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল৷ বাধ্যত পৰি এলিনা ৰৈ থাকিল৷ তেওঁৰ ওপৰত হিংস্ৰ জানোৱাৰৰ দৰে জঁপিয়াই পৰিল এদল পাষণ্ড পুৰুষ৷
তেওঁলোকে কেতিয়াও নেদেখা বস্তুৰ দৰে এলিনাৰ সৰ্বশৰীৰ স্পৰ্শ কৰিলে৷ কোনোবাই এলিনাৰ স্তন স্পৰ্শ কৰিবলৈ টপৰ তলেৰে হাত ভৰাই দিলে৷ আন এটা পাষণ্ডই খুলি পেলালে এলিনাৰ জিনছৰ বুটাম৷ মুঠতে ৰাস্তাতে এলিনা নাৰকীয় নিৰ্যাতনৰ চিকাৰ হ’ল৷ তেওঁ অস্বস্তিত তলমূৰ কৰি থাকোতে এটা পাষণ্ডই ছেলফি ক্লিক কৰিলে৷ এলিনা স্তনত খামোচ মাৰি ধৰি থকা পাষণ্ডই ফটোৰ বাবে প’জ দিলে৷ লাজতে ৰঙা পৰা ৰাছিয়ান সুন্দৰীয়ে যুৱকৰ দলটোৰ পৰা উদ্ধাৰ পাবলৈ চেষ্টা কৰিছিল৷ কিন্তু চাৰিওদিশৰ পৰা আৱৰি তেওঁক বন্দী কৰি থৈছিল পাষণ্ডই৷ গতিকে নিৰ্যাতন সহ্য কৰি থাকিবলৈ বাধ্য হ’ল এলিনা৷
তেওঁ কিছুসময় সেই উৎপীড়ন সহ্য কৰি থাকিল৷ শেষত এলিনাই কিন্তু সহায় বিচাৰি চিঞৰ মাৰিবলৈ বাধ্য হৈ পৰিল৷ বৃন্দাবনৰ হিন্দু যুৱকৰ নিৰ্যাতনৰ সন্মুখীন হোৱা খ্ৰীষ্টান যুৱতীক এজন বিবেকসম্পন্ন লোকে তাৰ পৰা উদ্ধাৰ কৰিলে৷ তেৱেঁই ৰাছিয়ান যুৱতীগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ গ’ল৷ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পথত ৰাছিয়ান যুৱতীৰ স্তনত খামোচ মাৰি ধৰা পাষণ্ডক৷ এই ঘটনাৰ সৈতে জড়িত সকলো অপৰাধীয়েই হৈছে বৃন্দাবনৰ হিন্দু৷ তেওঁলোকে ৰাছিয়ান যুৱতী হোৱা বাবে এলিনাক বেশ্যা বুলি বিবেচনা কৰিছিল৷ সেয়ে জান্তৱ চৰিত্ৰ উদঙাই এলিনাৰ ওপৰত জঁপিয়াই পৰিছিল বৃন্দাবনৰ পাষণ্ড৷
ঘটনাটো উত্তৰ প্ৰদেশ আৰক্ষীয়ে সহজভাৱে সমাপ্ত কৰিব নোৱাৰে৷ কাৰণ এলিনাই বৃন্দাবনৰ ঘটনাৰ বিষয়ে নতুন দিল্লীস্থিত ৰাছিয়ান এম্বেছিত অভিযোগ দাখিল কৰিছে৷ গতিকে যদি অভিযুক্তক আৰক্ষীয়ে শাস্তি নিদিয়ে তেন্তে কূটনৈতিক বিবাদ সৃষ্টি হোৱাৰ আশংকা আছে৷ এই ঘটনাটো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰো দৃষ্টিগোচৰ কৰা হৈছে৷ তেওঁৰ ৰাজ্যত সংঘটিত ঘটনাৰ বাবে ৰাছিয়াৰ সৈতে সম্পৰ্ক বিঘ্নিত হ’লে আদিত্যনাথেই জগৰীয়া হ’ব৷ গতিকে মুখ্যমন্ত্ৰীয়েও গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে হিন্দু পাষণ্ডক৷



