প্ৰেমিকাৰ শিৰত সেন্দূৰ দিহে ৰক্ষা


ডেটিং কৰি সোনকালে ঘৰলৈ যাম বুলিহে ভাবিছিল চৰায়ে
প্ৰেমিকালৈ ফোন কৰিছিল- সোনকালে ফিল্ডলৈ আহা
প্ৰেমিকৰ আকুল আহ্বান শুনি মৰমীনো কেনেকৈ থাকে ৰৈ! তেৱোঁ ঢপলিয়াই ঘৰৰ পৰা নাতিদূৰৰ ফিল্ডখন পালেগৈ৷ তাতে দুয়ো কথা পাতিবলৈ ধৰিলে৷ লাহে লাহে এন্ধাৰ নামিল৷ ফিল্ডৰ এচুকত প্ৰেমালাপ চলিয়েই থাকিল৷ বিশাল ফিল্ডখনত খেলি থকা ল’ৰা-ছোৱালীবোৰ ঘৰাঘৰি গ’ল৷ তাত অকলশৰীয়া হৈ পৰিল প্ৰেমিকযুগল৷ এন্ধাৰ ফিল্ডখনত প্ৰেয়সীক অকলে পাই ধৈৰ্য ধৰিব নোৱাৰিলে প্ৰেমাস্পদে৷ তেওঁ প্ৰেমিকাক অন্তৰৰ সমস্ত আকুলতাৰে সাবটি ধৰিলে৷ কোনোবাই দেখিব বুলি প্ৰথমে আপত্তি কৰিও প্ৰেমিকৰ উষ্ম আলিংগনত সঁহাৰি দিলে প্ৰেয়সীয়ে৷ লাহে লাহে দুয়ো হৈ পৰিল অধৈৰ্য৷ প্ৰেমিকাৰ উশাহ ঘন হ’বলৈ ধৰিলে৷ লেতুসেতু হৈ পৰা মৰমীয়ে প্ৰেমিকৰ মৰমৰ ওচৰত কৰিলে ছাৰেণ্ডাৰ৷ সিমানতে ঘটনাটো শেষ হোৱা হ’লে ভালেই আছিল৷ কিন্তু আজি ভাগ্যদেৱী প্ৰেমিকযুগলৰ প্ৰতি অজ্ঞাত কাৰণত সন্তুষ্ট নাছিল৷
ফিল্ডৰ এন্ধাৰ এচুকত প্ৰেমাস্পদ শৃংগাৰ ৰসত উটি-ভাহি যাওতেই অঘটন ঘটিল৷ কিবা কাৰণত ফিল্ডৰ সেইটো দিশলৈ গ’ল গাঁৱৰ এজন লোক৷ তেওঁ শুনিবলৈ পালে ওঁঠৰ মিলনৰ শব্দ৷ কোনোবাই অধৰৰ মধু পান কৰি থকাৰ শব্দ শুনি তেওঁ টৰ্চ মাৰিলে৷ পোহৰত লোকজনে দেখিলে মুক্ত আকাশৰ তলতে আদিম বাসনা চৰিতাৰ্থ কৰাত ব্যস্ত হৈ থকা প্ৰেমিকযুগলক৷ দুয়োকে দেখি তেওঁ হুলস্থূল লগালে৷ লোকজনৰ চিঞৰ শুনি থিতাতে শতাধিক লোক ঘটনাস্থলীত উপস্থিত হ’ল৷ পলাবলৈ চেষ্টা কৰিও বিফল হ’ল প্ৰেমিক৷ তেওঁ বাইকৰ পৰা লুটি খাই পৰিল৷ ইফালে নিৰ্বস্ত্ৰ যুৱতীগৰাকীয়ে কাপোৰ পিন্ধি পলাবলৈ সময় নাপালে৷ গতিকে দুয়োকে বন্দী কৰি গাঁৱৰ ৰাইজে বান্ধি থ’লে৷ কাষৰে এঘৰলৈ নি দুয়োকে একেডাল ৰচীৰে বান্ধি থোৱা হ’ল৷ নিশা গৰুৰ দৰে বান্ধতে থাকিবলগীয়া হ’ল ফিল্ডত কামলীলা কৰা প্ৰেমাস্পদ৷
তেওঁলোকৰ বিচাৰ সিমানতে শেষ হোৱা নাছিল৷ পিছদিনা গাঁৱবাসীয়ে ৰাইজমেল আয়োজন কৰি আচামীক কাঠগৰাত তুলিলে৷ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দি তেওঁলোকৰ সম্পৰ্কৰ সবিশেষ ব্যাখ্যা কৰিলে যুৱকজনে৷ তেওঁৰ প্ৰেয়সীয়েও কথাবোৰ সত্য বুলি স্বীকাৰ কৰিলে৷ শেষত ৰাইজে তেওঁলোকক তাতে বিয়া পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ প্ৰেমালাপ কৰাৰ নামত য’তে ত’তে লিলিমাই কৰি ফুৰা প্ৰেমিকযুগলক বান্ধতে বিয়া পাতিবলৈ নিৰ্দেশ দিয়া হ’ল৷ যুৱকজনক গাঁৱৰ ৰাইজেই গোটাই দিলে এটেমা সেন্দূৰ৷ তেওঁ হাত খুলি দিয়াৰ পিছত প্ৰেমিকাৰ শিৰত সেন্দূৰ ঢালি দিলে৷ গাঁৱৰ ৰাইজে এজোলোকা উৰুলিৰে নৱ দম্পত্তিক আশীৰ্বাদ দিলে৷ ইয়াৰ পিছত প্ৰেমিকযুগলৰ দুয়োটা পৰিয়ালৰ সম্পৰ্কও ৰাইজেই পাতি দিলে৷
ডেটিং কৰিব গৈ যুৱকজনে একেবাৰে কইনালৈহে ঘৰলৈ উভতিবলগীয়া হ’ল৷ তেওঁ প্ৰেমিকাৰ সৈতে কিছু সময় কথা পাতি সোনকালে ঘৰলৈ ওভতাৰ চিন্তা কৰিছিল৷ কিন্তু এন্ধাৰে তেওঁৰ জীৱনটো অন্ধকাৰ কৰি পেলালে৷ সোনকালে গধূলি হোৱা বাবে যুৱকজনে ফিল্ডতে আলিংগন কৰিলে প্ৰেমিকাক৷ তাকে দেখি ৰাইজে দুয়োৰে পিঠিত ঔকিল দিলে৷ ঘটনাটো সংঘটিত হ’ল বিহাৰৰ বেগুচৰাইত৷ বিয়া পাতি কইনা লৈ ঘৰলৈ ওভতা যুৱকৰ মনটো আছিল গোমা৷ মনৰ মানুহজনীক পালেও তেওঁ পাহৰিলে নোৱাৰিলে অপমান৷