প্ৰেমিকলৈ হোৱাটছএপ মেছেজ

গিৰিয়েক ঘৰৰ পৰা কামলৈ ওলাই গৈছিলহে
তেতিয়াই প্ৰেমিকক বোৱাৰীজনীয়ে মেছেজ দি ক’লে- আহানা
কাম-বন কপাত ধাউতি নাই৷ কিন্তু প্ৰেম কৰিব খুব ভালকৈ জানে ৪০ বছৰীয়া বোৱাৰীজনীয়ে৷ তেওঁৰ গিৰিয়েকে মজদুৰী কৰি ঘৰখন চলাই আছে৷ কাম কৰিবলৈ প্ৰতিদিনে পুৱা মানুহজন ওলাই যায়৷ তেওঁ খুব মৰম কৰি ঘৈনিয়েকক৷ সামান্য উপাৰ্জন পত্নীৰ হাতত তেওঁ গতাই দিয়ে৷ কিন্তু পত্নীয়ে সেই ধন ঘৰৰ কামত খৰচ নকৰে৷ বয়ফ্ৰেণ্ডৰ সৈতে এনজয় কৰিবলৈ ব্যয় কৰে স্বামীৰ উপাৰ্জন৷ কোনোবা দিনা স্বামী কামলৈ নগ’লে মানুহজনীয়ে বেয়া পায়৷ কাৰণ তেওঁ ঘৰলৈ মাতিব নোৱাৰা হয় একেখন গাঁৱৰে প্ৰেমিকক৷ সেইদিনাও জ্বৰ হৈ থকা বাবে মহিলাগৰাকীৰ গিৰিয়েকে কামলৈ যোৱাৰ ইচ্ছা কৰা নাছিল৷ কিন্তু ঘৰত খাবলৈ একো নাই বুলি মানুহজনীয়ে স্বামীক জোৰকৈ কামলৈ পঠিয়াই দিলে৷ স্বামীৰ ঘৰৰ পৰা ওলাই দুখোজমান গৈছিলহে৷ তেওঁ লগে লগে বয়ফ্ৰেণ্ডক দিলে মেছেজ৷ গিৰিয়েক কামলৈ যোৱাৰ কথা জনাই বয়ফ্ৰেণ্ডক কামকেলি কৰাৰ বাবে নিমন্ত্ৰণ জনালে৷ খাপ পিটি থকা বয়ফ্ৰেণ্ডে আৰু বিলম্ব নকৰিলে৷
৪০ বছৰীয়া প্ৰেমিকাই ঘৰলৈ নিমন্ত্ৰণ জনোৱাৰ লগে লগে ঢপলিয়াই গ’ল যুৱকজন৷ তেওঁ সাবটি ধৰিলে প্ৰেমিকাক৷ ২৩ বছৰীয়া প্ৰেমিকৰ সৈতে বোৱাৰীজনী আদিম বাসনাত মত্ত হৈ পৰিল৷ তেওঁলোক দুয়ো নিজৰ পৃথিৱীত হৈ পৰিল মছগুল৷ বন্ধ কোঠাৰ বাহিৰতো যে কোনোবা ৰৈ আছে সেয়া দুয়ো পাহৰি পেলালে৷ কিন্তু সদায় কোনেও একে সুবিধা নাপায়৷ সেইদিনাও কাম কৰিবলৈ যোৱা মানুহজন ঘৰলৈ উভতি গৈছিল৷ গাটো বেছিকৈ বেয়া লগা বাবে তেওঁ আদবাটৰ পৰা উভতি ঘৰৰ দুৱাৰত টোকৰ মাৰিছিল৷ পিছে প্ৰেমিকৰ বাহুবন্ধনত আবদ্ধ হৈ থকা মহিলাগৰাকীয়ে স্বামীৰ মাত নুশুনিলে৷ কামলীলা শেষ কৰি যেতিয়া তেওঁ দুৱাৰ খুলিলে তেতিয়াহে দেখিলে স্বামীক৷ কিন্তু মহিলাগৰাকীয়ে প্ৰেমিকক লুকাই থাকিবলৈ কোৱাৰ সময় নাপালে৷ অৰ্ধনগ্ন হৈ বিছনাত থকা প্ৰেমিকক দেখিলে বোৱাৰীজনীৰ স্বামীয়ে৷
তেওঁ তেতিয়াহে বুজি পালে দুৱাৰ খোলাত ইমান দেৰী হোৱাৰ কাৰণ৷ কাম কৰিবলৈ যোৱাৰ পিছত যে পত্নীয়ে ঘৰত পৰপুৰুষৰ সৈতে কামকেলি কৰে সেয়া গম পাই লোকজনে হুলস্থূল লগাই দিলে৷ তেওঁ চিঞৰি চিঞৰি কাষৰ ঘৰৰ মানুহক মাতিলে৷ লোকজনৰ হুলস্থূল শুনি ৰাইজ চোতালত হাজিৰ হ’ল৷ সকলোৱে মিলি সেই যুৱকজনক গৰুপঘাৰে খুঁটাত বান্ধি থ’লে৷ মহিলাগৰাকীয়ে তাকে দেখি পলোৱাৰ চেষ্টা কৰিলে৷ কিন্তু তেওঁ বাচিব নোৱাৰিলে৷ ৰাইজে ধৰি দুয়োজনকে বান্ধি থৈ দিলে৷ তাৰ পিছত ৰাইজমেল পাতি আৰম্ভ কৰা হ’ল বিচাৰ৷ সেই বিচাৰত সকলোৱে মহিলাগৰাকীক পৰকীয়া প্ৰেমিকৰ হাতত চমজাই দিয়াৰ সিদ্ধান্ত ল’লে৷ কিন্তু পত্নীক সেইদিনাই বিদায় দিব বিচৰা নাছিল স্বামীয়ে৷ সেয়ে তেওঁ আৰক্ষীক মাতিলে৷
পুলিচে ঠাইতে বিচাৰ কৰি দুয়োৰে বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰ ৰুজু কৰিলে৷ পৰৱৰ্তী সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ল৷ বিহাৰী পুৰুষ-মহিলাৰ অৱস্থা কাহিল কৰি জে’লৰ ভাত খুৱালে আৰক্ষীয়ে৷ প্ৰতাৰিত স্বামীয়ে ভৱিষ্যতে পত্নীক ঘৰত সোমাব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ক্ষমা খুজিলেও পত্নীক ৰেহাই নিদিয়ে বুলি সিদ্ধান্ত লৈছে লোকজনে৷ আনকি সন্তানকো পত্নীৰ কাষলৈ যাব নিদিয়ে প্ৰতাৰিত স্বামীয়ে৷