প্ৰধানমন্ত্ৰী হোৱাৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীয়ে দিলে পতনৰ আগজাননী

তেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাই কৰা নাছিল নৰেন্দ্ৰ মোদীয়ে
কিন্তু মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি তেতিয়াই ভৱিষ্যদ্বাণী কৰিছিল এজন জ্যোতিষীয়ে
কলকাতাৰ ব্যৱসায়ী চন্দন বেনাৰ্জীয়ে ভাগ্যচক্ৰ পৰীক্ষা কৰিব জানে৷ কিন্তু তেওঁ পেছাদাৰী জ্যোতিষী নহয়৷ ১৯৯৭ চনত পশ্চিমবংগতে চন্দন বেনাৰ্জীয়ে লগ পাইছিল নৰেন্দ্ৰ মোদীক৷ পাৰ্টীৰ কামত বংগলৈ যোৱা মোদীৰ সৈতে আলোচনাৰ সময়ত চন্দন বেনাৰ্জীয়ে জ্যোতিষৰ প্ৰতি আগ্ৰহৰ বিষয়ে প্ৰকাশ কৰিলে৷ তেতিয়া মোদীয়ে তেওঁৰ ভাগ্যচক্ৰ গণনা কৰিবলৈ চন্দন বেনাৰ্জীক অনুৰোধ জনালে৷ সেই অনুসৰি চন্দন বেনাৰ্জীয়ে মোদীৰ জন্মপত্ৰিকা পৰীক্ষা কৰিছিল৷ মোদীৰ কোষ্ঠী পৰীক্ষা কৰি আচৰিত হৈ পৰিছিল চন্দন বেনাৰ্জী৷ কাৰণ মোদীৰ জন্মপত্ৰিকাত আছিল ৰাজযোগ৷ ১৯৯৭ চনতে চন্দন বেনাৰ্জীয়ে মোদীক কৈছিল- আপুনি দেশৰ প্ৰধানমন্ত্ৰী হ’ব৷ সেইপৰ্যন্ত মোদীয়ে কাউন্সিলৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰা নাছিল৷ তেওঁ গুজৰাটতো বিশেষ পৰিচিত নাছিল৷ মোদীৰ বিজেপিত নাছিল প্ৰভাৱ৷ তেওঁক দলে কেবাখনো ৰাজ্যত সংগঠন বিস্তাৰৰ বাবেহে নিয়োগ কৰিছিল৷ কিন্তু ২৯ বছৰ পূৰ্বে ভাগ্যচক্ৰ গণনা কৰি চন্দন বেনাৰ্জীয়ে মোদীক দিছিল প্ৰধানমন্ত্ৰী হোৱাৰ বতৰা৷ সেইজন জ্যোতিষীয়ে এইবাৰ মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত হোৱাৰ সংকেত দিছে৷ চন্দন বেনাৰ্জীয়ে প্ৰকাশ কৰা অনুমানমতে শীঘ্ৰে প্ৰধানমন্ত্ৰী পদৰ পৰা নৰেন্দ্ৰ মোদী অপসাৰিত হ’ব৷ কাৰণ মোদীৰ ভাগ্যচক্ৰত ৰাজযোগৰ অন্ত পৰিছে৷ অতদিনে বৃহস্পতিৰ প্ৰভাৱৰ বাবে মোদীয়ে ৰাজভাৰ চম্ভালিবলৈ সুযোগ পাইছিল৷ কিন্তু মোদীৰ কুণ্ডলীত ক্ৰমে বৃহস্পতিৰ শক্তি হ্ৰাস পাইছে৷ যি স্থানত বৃহস্পতি থাকিব লাগে, তাত অধিষ্ঠিত হৈছে শনি৷ চন্দন বেনাৰ্জীয়ে সেইবাবে মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা অব্যাহতি লোৱাৰ আহ্বান জনাইছে৷ অৱশ্যে চন্দন বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক ৰাজযোগৰ অৱসানৰ বিষয়ে জনাবলৈ সোশৰীৰে লগ পোৱা নাই৷ তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজনৈতিক কেৰিয়াৰৰ অন্ত পেলাবলৈ মোদীক আহ্বান জনাইছে৷ জ্যোতিষী চন্দন বেনাৰ্জীৰ ভৱিষ্যদ্বাণী অনুসৰি মোদীৰ কেৰিয়াৰৰ অমৃতলগ্নৰ অৱসান ঘটিছে৷ এতিয়াৰ পৰা মোদীৰ বেয়াদিন আৰম্ভ হ’ব৷ তেওঁ ইমানদিনে ৰাজভোগ কৰিলে যদিও এতিয়াৰ পৰা আনৰ নিৰ্দেশ শুনিব লাগিব৷ গুজৰাটতো মোদীৰ প্ৰভাৱ নোহোৱা হ’ব বুলি চন্দন বেনাৰ্জীয়ে প্ৰকাশ কৰিছে৷ তেওঁ মোদীক লগ ধৰিবলৈয়ো কৰিছে চেষ্টা৷
চন্দন বেনাৰ্জী নামৰ জ্যোতিষীজনে প্ৰকাশ কৰা অনুসৰি মোদীৰ ভাগ্যচক্ৰ আচম্বিতে সলনি হৈছে৷ তেওঁ পূৰ্বে বেয়া সময়ৰ সন্মুখীন হৈছিল৷ তেতিয়া মোদীৰ ভাগ্যচক্ৰত শনিৰ উত্থান ঘটিছিল৷ কিন্তু নিৰ্ধাৰিত সময়ৰ পিছত শনি পতিত হৈছিল৷ ফলত মোদীৰ কুণ্ডলীত উত্থান ঘটিছিল বৃহস্পতি আৰু শুক্ৰৰ৷ তাৰে প্ৰভাৱত মোদীয়ে ৰাজকাৰ্য কৰিবলৈ সুযোগ পাইছিল৷ কিন্তু আকস্মাতে মোদীৰ জন্মপত্ৰিকাৰ ৰাশিচক্ৰ সলনি হৈছে৷ কুণ্ডলীত শনিৰ প্ৰভাৱ বৃদ্ধিৰ বাবে তেওঁ ঘনাই ভুল কৰা বুলি জ্যোতিষীয়ে প্ৰকাশ কৰিছে৷
অৱশ্যে জ্যোতিষীৰ সকীয়নিক মোদীয়ে গুৰুত্ব দিয়া নাই৷ ২৯ বছৰৰ পূৰ্বে যিজন জ্যোতিষীয়ে তেওঁক প্ৰধানমন্ত্ৰী হ’ব বুলি কৈছিল সেই চন্দন বেনাৰ্জীৰ সৈতে মোদীয়ে বিগত সময়তো সম্পৰ্ক ৰক্ষা কৰিছিল৷ মোদীয়ে তেওঁৰ পৰা লৈছিল উপদেশ৷ এইবাৰ চন্দন বেনাৰ্জীয়ে সকীয়নি দিলেও মোদীয়ে চিন্তা কৰা নাই৷