যদি ভাৰত-পাকিস্তানৰ যুদ্ধ হয় তেন্তে মই পাকিস্তানক সমৰ্থন কৰিম
ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ঘোষণা কৰিলে পাকিস্তানৰ প্ৰতি সমৰ্থন
বিজেপি নেতাজনে কথাষাৰ ধেমালিতে কোৱা বুলি নাভাবিব৷ তেওঁ দলীয় সভাত ভাষণ দি পাকিস্তানৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে৷ বিজেপি নেতাজনৰ নাম মদন ৰাথোৰ৷ তেওঁ কোনো সাধাৰণ নেতা নহয়৷ বিজেপিৰ ৰাজস্থান প্ৰদেশ কমিটীৰ সভাপতি পদত আছে মদন ৰাথোৰ৷ তেওঁ শেহতীয়াকৈ দলীয় সভাত ভাষণ দিছিল৷ তেতিয়া ৰাথোৰে প্ৰতিৱেশীৰ প্ৰতি মৰমীয়াল হ’বলৈ দলীয় কৰ্মীক উপদেশ দিলে৷ ৰাথোৰৰ মতে সকলোৱে চুবুৰীয়াৰ সৈতে সুসম্পৰ্ক বৰ্তাই ৰাখিব লাগে৷ সেইখিনিলৈ ৰাথোৰে একো বিতৰ্কিত মন্তব্য কৰা নাছিল৷ কিন্তু ইয়াৰ পিছত তেওঁ ক’লে এটা সাংঘাতিক কথা৷ বিজেপি নেতাজনৰ মতে ৰাজস্থানৰ জনতাৰ বাবে পাকিস্তানী হৈছে প্ৰতিৱেশী৷ গতিকে প্ৰতিৱেশী হিচাপে পাকিস্তানৰ যিকোনো বিপদত ৰাজস্থানী দৌৰি যাব লাগিব৷ চুবুৰীয়াৰ ধৰ্ম পালন কৰি তেওঁ নিজেও প্ৰতিৱেশীক সহায় কৰিব বুলি ৰাথোৰে ঘোষণা কৰিলে৷ স্পষ্টভাৱে তেওঁ ক’লে- যদি ভাৰত-পাকিস্তানৰ যুদ্ধ লাগে তেন্তে মই পাকিস্তানী সেনাক সহায় কৰিম৷ দলীয় সভাত তেওঁ সংকোচ নকৰাকৈ শত্ৰুদেশৰ হৈ কাম কৰিব বুলি ঘোষণা কৰিলে৷
মদন ৰাথোৰে তাৰোপৰি পাকিস্তানী সেনাৰ প্ৰতি থকা আৱেগৰ বৰ্ণনা কৰিলে৷ হিন্দুত্ববাদী নেতাজনে ক’লে যে পাকিস্তান দৰাচলতে ভাৰতৰ শত্ৰু নহয়৷ ভাৰতৰ জনতাক পাকিস্তানৰ বেছিভাগ লোকে ভালহে পায়৷ কিন্তু এচাম নেতাই দুয়োখন দেশৰ মাজত বিভেদ সৃষ্টিৰ চেষ্টা কৰি আছে৷ মদন ৰাথোৰে এই বক্তব্যৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰিলে৷ অপাৰেশ্যন সিন্দূৰো অপ্ৰয়োজনীয় আছিল বুলি যুক্তি প্ৰদৰ্শন কৰিলে মদন ৰাথোৰে৷ তেওঁৰ মতে পাকিস্তানক বিগত সময়ত আক্ৰমণ কৰাৰ দৰকাৰ নাছিল৷ শান্তিপূৰ্ণ আলোচনাৰ নীতিহে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগে৷ তেওঁ এই ভাষণত পাকিস্তানক সম্পূৰ্ণ সমৰ্থন কৰিলে৷ ভাৰতীয় মুছলমান পাকিস্তান প্ৰেমী বুলি হিন্দুত্ববাদী শক্তিয়ে অভিযোগ তোলাৰ সময়ত বিজেপিৰ দায়িত্বশীল নেতাই যুদ্ধৰ বিৰোধিতা কৰিছে৷ তেওঁৰ মতে পাকিস্তানী সেনাই কেতিয়াও ভাৰতৰ অপকাৰ নকৰে৷ বিগত সময়ত পাকিস্তানী সেনাই ভাৰতৰ বিৰুদ্ধে প্ৰথমে যুদ্ধ কৰা নাছিল বুলি তেওঁ দাবী কৰিলে৷ প্ৰদেশ বিজেপিৰ সভাপতি মদন ৰাথোৰে দেশদ্ৰোহী মন্তব্য কৰাৰ পিছত কংগ্ৰেছে গোচৰ তৰিছে৷
মদন ৰাথোৰৰ মতে তেওঁৰ বাবে দিল্লীৰ তুলনাত ইছলামাবাদ আপোন৷ কাৰণ ৰাজস্থান হৈছে পাকিস্তানৰ সীমান্তৱৰ্তী৷ একেবাৰে কাষতে থকা বাবে ৰাজস্থানীয়ে পাকিস্তানক ভাল পাই বুলি তেওঁ দাবী কৰিছে৷ মদন ৰাথোৰে আনকি ভৱিষ্যতে যিকোনো সংঘাত হ’লে ৰাজস্থানৰ জনতাই ভাৰতৰ সলনি পাকিস্তানক সহায় কৰিব বুলি দিছে হুমকি৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত সেনাই কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰো তেওঁ বিৰোধিতা কৰিছে৷ মদন ৰাথোৰৰ ভাষ্য অনুসৰি চুবুৰীয়াক অসন্তুষ্ট কৰি ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ প্ৰয়োজন নাছিল৷
তেওঁ অনাগত সময়ত পাকিস্তানৰ সৈতে শান্তিপূৰ্ণ সহৱস্থান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে৷ ৰাথোৰৰ মতে পাকিস্তানৰ জনতা হৈছে ভাৰতৰ শুভচিন্তক৷ তাৰোপৰি পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ পৰা দেশৰ কোনো ক্ষতি নহয় বুলি ৰাথোৰে দাবী কৰিছে৷ মুঠতে তেওঁ দীঘল ভাষণত পাকিস্তানক কৰিছে প্ৰশংসা৷ অনাগত সময়ত পাকিস্তানক সহায় কৰিব বুলি সদম্ভে ঘোষণা কৰিছে প্ৰদেশ বিজেপিৰ সভাপতি ৰাথোৰে৷



