প্ৰতিবাদৰ বাবে আমনি লাগিছে মোদীৰ

যন্তৰ মন্তৰ নিষিদ্ধ হ’ল প্ৰতিবাদ
দিল্লীত বিক্ষোভৰ বাবে তিনি বিকল্প স্থান
অবিৰত প্ৰতিবাদৰ বাবে অতিষ্ঠ হৈছে প্ৰধানমন্ত্ৰী মোদী৷ দিল্লীৰ মাজমজিয়াৰ যন্তৰ মন্তৰত সদায় প্ৰতিবাদী কাৰ্যসূচীৰ বাবে মোদীৰ আমনি লাগিছেগৈ৷ পৰিপ্ৰেক্ষিতত চৰকাৰ বিৰোধী প্ৰতিবাদৰ স্থান পৰিৱৰ্তন কৰাৰ দিহা কৰিছে দিল্লী পুলিচে৷
ঐতিহাসিক যন্তৰ-মন্তৰত এতিয়াৰ পৰা আন্দোলন কৰিবলৈ দিয়া নহ’ব বুলি কৰা হৈছে ঘোষণা৷ আজি দিল্লী আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি যন্তৰ-মন্তৰত কোনেও আন্দোলন কৰিব নোৱাৰিব।
ইয়াৰ বিকল্প হিচাপে ৰাজধানী চহৰখনত প্ৰতিবাদ আৰু বিক্ষোভ প্ৰদৰ্শনৰ বাবে তিনিটা নতুন স্থান নিৰ্ধাৰণ কৰা হৈছে৷ যন্তৰ মন্তৰৰ বিকল্প হিচাপে বাছনি কৰা হৈছে ৰামলীলা ময়দানক৷
দিল্লীত প্ৰতিবাদ কৰিবলৈ ইচ্ছুক দল-সংগঠনে এতিয়াৰ পৰা ৰামলীলাত বিক্ষোভ কৰিবলৈহে অনুমতি লাভ কৰিব৷ একেদৰে বিকল্প হিচাপে বুৰাৰী ময়দান আৰু পূব দিল্লীৰ চিবিডি গ্ৰাউণ্ডকো বাছৱি কৰা হৈছে।
দিল্লীৰ আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰৰ নিৰ্দেশনাৰ জাননী আজি প্ৰকাশ কৰা হৈছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ কমিটিৰ পৰামৰ্শৰ ভিত্তিত দিল্লী আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে সমৰ্থিত সূত্ৰই৷