নিতম্বৰ ফটো তোলাৰ বাবে কাজিয়া

আকাংক্ষা চৌধুৰী অৱশ্যে ফিল্ম ইণ্ডাষ্ট্ৰীত ইমান চিনাকি নহয়
কমদিনৰ ভিতৰতে আকাংক্ষাই বি-টাউন গৰম কৰি পেলাইছে
শ্বৰ্টছ পিন্ধা ছোৱালীক বহুতে চৰিত্ৰহীন বুলি ভাবে- কেইদিনমান আগতে এনেদৰেই কৈছিল আকাংক্ষা চৌধুৰীয়ে৷ মিছ ৰাজস্থান আকাংক্ষায়ো অৱশ্যে শ্বৰ্টছ পৰিধান কৰে৷ প্ৰায়ে মিনিস্কাৰ্ট পিন্ধিহে বাহিৰলৈ ওলাই আকাংক্ষা৷ কিন্তু কেৰিয়াৰৰ বাবে শৰীৰ বিক্ৰী কৰিবলৈ আকাংক্ষা অনিচ্ছুক৷ আনকি কেমেৰাৰ সন্মুখত থিয় দিয়াৰ সময়তো আকাংক্ষা সাৱধান হৈ থাকে৷ তেওঁৰ বাবে যাতে পৰিয়ালৰ সন্মান হানি নহয় সেইটোক লৈ আকাংক্ষা সতৰ্ক৷ দেউতাকৰ সন্মান ৰক্ষাৰ চেষ্টা কৰা আকাংক্ষা চৌধুৰীয়ে আনকি বেকশ্বটো ল’ব নিদিয়ে৷ ফটোগ্ৰাফাৰে নিতম্বৰ ফটো ক্লিক কৰিবলৈ ধৰিলে ঘূৰি দিয়ে যৌৱনমতী সুন্দৰী আকাংক্ষা চৌধুৰী৷ আজিও ফটোগ্ৰাফাৰৰ সৈতে সেইটো কথাৰ বাবেই কাজিয়া লাগি গ’ল আকাংক্ষাৰ৷
বান্দ্ৰাত এটা পাৰ্টীত অংশগ্ৰহণ কৰি আকাংক্ষা চৌধুৰী ওলাই আহিছিল৷ তেতিয়া ৰৈয়েই থকা ফটোগ্ৰাফাৰে আকাংক্ষাক স্মাইল প্লিজ বুলি ফটোৰ বাবে অনুৰোধ কৰিলে৷ সেইমতে আকাংক্ষাই ধুনীয়াকৈ ফটোৰ প’জো দিলে৷ কিন্তু ফটোগ্ৰাফাৰ সন্তুষ্ট নহ’ল৷ আকাংক্ষাই মিনিস্কাৰ্ট পিন্ধা বাবে ওলাই পৰা নিতম্বৰ ফটোও ক্লিক কৰিবলৈ চেষ্টা কৰিলে৷ কিন্তু ফটোগ্ৰাফাৰে যে বেকশ্বট ল’ব সেইটো আকাংক্ষাই জানিছিল৷ সেয়ে তেওঁ লগে লগে ঘূৰি দিলে৷ তাৰ পিছত আকাংক্ষাই আৰু বেকশ্বট লোৱাৰ সুযোগ নিদিলে৷ কোনোবাই নিতম্বৰ ফটো ক্লিক কৰে বুলি ওভতামুৱা হৈ খোজ কাঢ়িবলৈ ধৰিলে আকাংক্ষাই৷ তপিনাৰ ফটো উঠাবলৈ সুবিধা নিদিয়াৰ বাবে আকাংক্ষাই বুদ্ধি কৰিলে৷ ফটোগ্ৰাফাৰৰ সৈতে আনকি কাজিয়াই লাগি গ’ল আকাংক্ষাৰ৷
মিছ ৰাজস্থানৰ খিতাপজয়ী আকাংক্ষাৰ মতে এগৰাকী নাৰীৰ পছন্দ অনুসৰি বস্ত্ৰ পৰিধানৰ অধিকাৰ আছে৷ কিন্তু তেওঁৰ শৰীৰৰ বিষয়ে টিপ্পনী কৰিবলৈ কাৰো অধিকাৰ নাই৷ মহিলাই যি মন যা সেয়াই পিন্ধিব পাৰে৷ সেইবুলি মহিলাগৰাকীৰ শৰীৰৰ ফটো ক্লিক কৰিবলৈ আনৰ অধিকাৰ নাই৷ তাৰোপৰি পৰিয়ালৰ সন্মান ৰক্ষা কৰাটো এগৰাকী যুৱতীৰ কৰণীয় বুলি ভাবে আকাংক্ষা চৌধুৰীয়ে৷ সেয়ে শ্ব’বিজ ইণ্ডাষ্ট্ৰীত থাকিলেও তেওঁ দেউতাকৰ সন্মানত আঘাত লাগিব পৰা একো কামেই নকৰে৷ অৱশ্যে বৃত্তিৰ খাতিৰত আকাংক্ষাই পিন্ধিব লাগে শ্বৰ্টছ৷ তাৰোপৰি নিজৰ পছন্দৰ ভিত্তিত আকাংক্ষাই চুটি কাপোৰ পিন্ধে৷ কিন্তু চুটি কাপোৰ পিন্ধিলে বুলিয়েই কোনো নাৰী সস্তীয়া নহয় বুলি আকাংক্ষাই অভিহিত কৰিছে৷
তেওঁ বৰ্তমান কেবাখনো চিনেমাৰ কামত ব্যস্ত৷ ২৫ বছৰীয়া আকাংক্ষা চৌধুৰী হৈছে বলীউডৰ নৱাগত চেন্সেশ্যন৷ ৰাজস্থানৰ পৰা গৈ কম সময়ৰ ভিতৰতে আকাংক্ষাই সফলতা অৰ্জন কৰিছে৷ শ্বাহৰুখ খানৰ সৈতেও এটা প্ৰজেক্টত কাম কৰিবলৈ পাইছে আকাংক্ষাই৷ গাভৰু দেহাটো আকাংক্ষাৰ মূলধন হৈ পৰিছে৷ শাৰিৰীক সৌন্দৰ্যৰ বাবে আকাংক্ষাৰ প্ৰতি আকৰ্ষিত হৈছে বি টাউনৰ ফিল্মমেকাৰ৷ অৱশ্যে আকাংক্ষা ইমানতে সন্তুষ্ট হোৱা ছোৱালী নহয়৷ তেওঁক লাগে ডাঙৰ প্ৰজেক্ট৷ বলীউডৰ শ কোটিটকীয়া চিনেমাত কাম কৰিবলৈ আকাংক্ষাই ইচ্ছা কৰিছে৷ শাৰিৰীক সৌন্দৰ্য ধৰি ৰাখিবলৈ আকাংক্ষাই কেতিয়াও নকৰে সুৰাপান৷ চিগাৰেটৰ পৰাও ধুনীয়া ছোৱালী আকাংক্ষা সাতহাত দূৰতে থাকে৷ নিচা বেয়া পাই আকাংক্ষাই৷