নাৰী ছলনাময়ী বুলি ভবাই নাছিলোঁ…

ৰাইজক ঠগি খোৱা নেতাক ছলনাময়ী পত্নীৰ ৰামঠগন
নাৰী যে ছলনাময়ী সেইটো জনা নাছিল অমৰিন্দৰ সিং মণ্ডফলে৷ অমৰিন্দৰ হ’ব পাৰে পঞ্জাবত আপৰ মুধাফুটা নেতা, কিন্তু নাৰী চৰিত্ৰ দেৱতায়ো যে নাজানে সেইটো বুজি পোৱা নাছিল৷ অমৰিন্দৰ সিং মণ্ডফল হৈছে পঞ্জাবৰ প্ৰভাৱশালী আপ নেতা৷ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সোঁহাত বুলিও সকলোৱে চিনি পাই অমৰিন্দৰক৷ এইজন নেতাই যোৱা ফেব্ৰুৱাৰীত ধুম-ধামেৰে বিয়া পাতিছিল৷ তেওঁৰ কইনা আছিল মনৱিন্দৰ কৌৰ৷ ফেব্ৰুৱাৰীত অমৰিন্দৰৰ বিয়া খাবলৈয়ো গৈছিল পঞ্জাবৰ মুখ্যমন্ত্ৰী৷ কইনা মনৱিন্দৰ আছিল তেনেই কুমলীয়া৷ মুঠতে ইমানদিনে কোনো বাধা নোহোৱাকৈ চলি আছিল অমৰিন্দৰৰ সংসাৰ৷
মনৱিন্দৰ নামৰ মহিলাগৰাকীৰ পৰিচয় আছিল প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিচৰ বিষয়া হিচাপে৷ অফিচাৰ বুলি চিনাকি দি অমৰিন্দৰ সিং মণ্ডফলৰ সৈতে মনৱিন্দৰ বিয়া হৈছিল৷ চাকৰিসূত্ৰে দিল্লীত আছিল মনৱিন্দৰ৷ অসামৰিক সেৱাৰ বিষয়া হোৱা বাবে পত্নীক লৈ অহংকাৰো কৰিছিল অমৰিন্দৰে৷ কিন্তু আচলতে এই মনৱিন্দৰ কৌৰ কোনো অফিচাৰ নাছিল৷ অমৰিন্দৰক প্ৰেমৰ জালত পেলোৱা মহিলাগৰাকী আছিল পেছাদাৰী ঠগবাজ৷ তেওঁ দুইনম্বৰী কৰি কেবাজনো চহকী পুৰুষৰ সৈতে প্ৰেম কৰিছিল৷ তেওঁলোকৰ পৰা ধন লুট কৰি পলাইছিল মনৱিন্দৰ৷ সেই কৌশলেৰে তেওঁ অমৰিন্দৰ সিঙকো ৰামঠগন দিয়াত সফল হ’ল৷
ফেব্ৰুৱাৰীত বিয়া পতা অমৰিন্দৰৰ পত্নী অক্টোবৰত পলাল৷ মনৱিন্দৰৰ খবৰ নাপাই অমৰিন্দৰে কে’ছ দিবলগীয়া হ’ল৷ তেতিয়া আৰক্ষীয়ে উদ্ধাৰ কৰা তথ্য আছিল ভয়ংকৰ৷ সেইমতে মনৱিন্দৰ কোনো বিষয়া নহয়৷ তেওঁ হৈছে পূৰ্বে বিবাহিত মহিলা৷ মনৱিন্দৰ কৌৰৰ ১৮ বছৰীয়া পুত্ৰ সন্তানো আছে৷ পুত্ৰই মাকৰ ধান্দাবাজীৰ বিষয়ে জানে৷ মনৱিন্দৰ কৌৰে ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে চহকী পুৰুষ চিকাৰ কৰি ফুৰে৷ পইচা থকা পুৰুষক মেছেজ দি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে৷ সেইটো কৌশলেৰেই তেওঁ আপ নেতা অমৰিন্দৰক প্ৰেমত পেলাইছিল৷ মনৱিন্দৰ কৌৰে প্ৰথম বিবাহৰ বিষয়েও স্বামীক জনোৱা নাছিল৷
এতিয়া পত্নী পলাই যোৱাৰ পিছতহে অমৰিন্দৰে কথাবোৰ গম পালে৷ কিন্তু মনৱিন্দৰ এনেয়ে পলাই যোৱা নাই৷ তেওঁ অমৰিন্দৰে বিয়াত উপহাৰ দিয়া সকলো অলংকাৰ চুৰি কৰি নিছে৷ অমৰিন্দৰে পত্নীক দুই কোটি টকাৰ গহনা দিছিল৷ সেইবোৰ পত্নীয়ে চুৰি কৰিলে৷ লগতে অমৰিন্দৰৰ ঘৰৰ পৰা নগদ পইচাও চুৰি কৰি নিলে৷ পঞ্জাবৰ উদীয়মান আপ নেতা হিচাপে অমৰিন্দৰে ইমেজ গঢ়ি তুলিছিল৷ ৰাজনৈতিক কেৰিয়াৰো ছলনাময়ী পত্নীয়ে শেষ কৰিলে৷ প্ৰায় ৯ মাহ সংসাৰ কৰি নিজকে উছৰ্গা কৰিবলগীয়া হ’ল অমৰিন্দৰে৷ তেওঁৰ পত্নী যে পূৰ্বে পঞ্জাবৰে এজন ব্যৱসায়ীৰ সৈতে বিয়া হৈছিল সেয়াও এতিয়াহে জানিলে৷
অৱশ্যে জানিলেও একো লাভ নাই৷ কাৰণ মনৱিন্দৰ বৰ্তমান ভাৰতত নাই বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে৷ ২ কোটি টকাৰ অলংকাৰ চুৰি কৰি মনৱিন্দৰে দেশ এৰি পলায়ন কৰিলে৷ মনৱিন্দৰৰ প্ৰথম পক্ষৰ সন্তানক গ্ৰেপ্তাৰ কৰা হৈছে যদিও মাকৰ সন্ধান পোৱাৰ আশা ক্ষীণ৷ মহিলাগৰাকীয়ে কানাডালৈ যাত্ৰা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ এইগৰাকী মহিলাই পূৰ্বেও পঞ্জাবৰ তিনিজন পুৰুষৰ পৰা ধন লুট কৰিছিল৷ তেওঁলোকে লাজ পাই লুকুৱাই ৰাখিছিল সেই আখ্যান৷ কিন্তু অমৰিন্দৰে কে’ছ দিয়াৰ ফলত গোটেইখন ওলাই পৰিল৷ ফলত কেৰিয়াৰৰো সৰ্বনাশ হ’ল৷ অমৰিন্দৰো ঘৰৰ পৰা ওলাবই নোৱাৰা হ’ল৷