নানা পাটেকাৰ মৰিল ভালেই হ’ল

নানা পাটেকাৰ নামৰ চয়তানটো নৰকগামী হ’ল
মৃত্যুৰ পিছত আকৌ তনুশ্ৰী দত্তৰ ঘৃণা
দেশত তেতিয়া মী টু আন্দোলন তুংগত উঠিছিল৷ কেবাগৰাকী বিখ্যাত মহিলাই একেলগে কাম কৰা পুৰুষৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ তেতিয়া হট অভিনেত্ৰী তনুশ্ৰী দত্তই নানা পাটেকাৰক অভিযুক্ত কৰি খলকনিৰ সৃষ্টি কৰিছিল৷ এখন চিনেমাৰ শ্বুট চলি থাকোতেই নানাই তেওঁক হেঁচা মাৰি ধৰা বুলি তনুশ্ৰীয়ে দাবী কৰিছিল৷ সেই অভিযোগ শুনিয়েই খঙত অগ্নিশৰ্মা হৈ পৰিছিল নানা৷ তেৱোঁ তনুশ্ৰীৰ বিৰুদ্ধে গোচৰ তৰিছিল৷ পিছলৈ তনুশ্ৰীয়ে নানাক দোষী সাব্যস্ত কৰিব পৰাকৈ প্ৰমাণ দিব নোৱাৰিলে৷ তথাপি নানা পাটেকাৰৰ নিষ্কলংক কেৰিয়াৰত দাগ লগালে তনুশ্ৰীয়ে৷ আনকি মৃত্যুৰ পিছতো তনুশ্ৰীয়ে নানাক এৰি দিয়া নাই৷ মৃত্যুৰ খবৰ পাই নানাক তনুশ্ৰীয়ে অসুৰ বুলি অভিহিত কৰিছিল৷
তাৰ পিছত আকৌ এবাৰ নানা পাটেকাৰক চৰিত্ৰহীন হিচাপে তনুশ্ৰীয়ে ককৰ্থনা কৰিছে৷ কিছুমান কলংক মৃত্যুৱেও ঢাকিব নোৱাৰে বুলি অভিহিত কৰিছে তনুশ্ৰীয়ে৷ মৃত্যুৰ দুদিনৰ পিছত তনুশ্ৰীয়ে নানাক পুনৰ নাৰী নিৰ্যাতনকাৰী বুলি দাবী কৰিছে৷ আছিক বনায়া আপনেত অৰ্ধ উলংগ হৈ নৃত্য কৰা তনুশ্ৰীৰ মতে তেওঁক শাৰিৰীকভাৱে নিৰ্যাতন চলাবলৈ নানা পাটেকাৰ উদ্যত হৈছিল৷ এখন চিনেমাৰ শ্বুটিঙত তনুশ্ৰীৰ স্তনত নানাই খামোচ মাৰি ধৰিছিল৷ নানা পাটেকাৰৰ দৰে এজন জ্যেষ্ঠ অভিনেতায়ো যে এনে ব্যৱহাৰ কৰিব তাৰ কোনো ধাৰণা নাছিল তনুশ্ৰীৰ৷ কিন্তু ভয়তে নানাক বাধা দিয়াৰো শক্তি তনুশ্ৰীৰ নাছিল৷
অৱশ্যে জীৱনকালত এই সকলো অভিযোগ নানাই অস্বীকাৰ কৰিছে৷ তনুশ্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি নানাই প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছিল৷ তেতিয়া তনুশ্ৰীয়ে গোচৰটো প্ৰত্যাহাৰহে কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু উত্তৰ দিবলৈ বৰ্তমান নানা পাটেকাৰ এই সংসাৰত নাই৷ লগে লগে তনুশ্ৰীয়ে নানা পাটেকাৰত নিৰ্যাতনকাৰী হিচাপে অভিহিত কৰিছে৷ আজি নানাক চয়তান বুলি নাম দিছে তনুশ্ৰীয়ে৷ তেওঁৰ মতে নানা পাটেকাৰৰ মৃত্যুৰ বাবে বলীউডৰ কনিষ্ঠ অভিনেত্ৰীসকল সুৰক্ষিত হ’ল৷ কাৰণ শ্বুটিঙৰ সময়ত নানাই কেবাগৰাকী অভিনেত্ৰীৰ শৰীৰ স্পৰ্শ কৰিছিল৷ তেওঁলোকক নানাই হঠাতে সাবট মাৰি ধৰিছিল৷
নানাৰ ৰাজনৈতিক প্ৰভাৱ থকা বাবে কোনো অভিনেত্ৰীয়ে প্ৰতিবাদ কৰাৰ সাহস কৰিব পৰা নাছিল বুলি তনুশ্ৰীয়ে দাবী কৰিলে৷ সেয়ে নানাৰ মৃত্যু ভাল খবৰ বুলি তনুশ্ৰীয়ে দাবী কৰিছে৷ চৰম উদ্ধত মন্তব্যৰ তনুশ্ৰীয়ে মুকলিকৈ নানা পাটেকাৰৰ দৰে প্ৰবীণ অভিনেতাৰ মৃত্যু আনন্দৰ খবৰ বুলি দিছে পাৰ্টী৷ নৃত্য কৰাৰ ভিডিঅ’ও ফে’চবুকত তনুশ্ৰীয়ে প’ষ্ট কৰিছে৷ নানাৰ অনুৰাগী শোকস্তব্ধ হৈ থকা সময়ত তনুশ্ৰীয়ে বাৰম্বাৰ তেওঁক চয়তান বুলি অভিহিত কৰিছে৷ নানাৰ মৃত্যুৰ খবৰ পাই পাৰ্টী ঘোষণা কৰিছে তনুশ্ৰীয়ে৷
কিন্তু তনুশ্ৰীৰ এই আক্ৰমণৰ সম্প্ৰতি কোনো অৰ্থ নাই৷ কিয়নো উত্তৰ দিবলৈ পৃথিৱীত নাই তেওঁ অভিযুক্ত কৰা নানা পাটেকাৰ৷ আজীৱন নিষ্কলংক হৈ থকা নানাক বিগত সময়ত বেছিভাগ অভিনেত্ৰীয়ে সমৰ্থন কৰিছিল৷ কেৱল জনপ্ৰিয়তা অৰ্জনৰ বাবেহে নানাক তনুশ্ৰীয়ে ব্যৱহাৰ কৰা বুলি তেওঁলোকে দাবী কৰিছিল৷ সকলোৰে সমৰ্থনত সুৰক্ষিত হৈ পৰিছিল নানা পাটেকাৰ৷ কিন্তু শোকৰ সময়ত নানাক আকৌ তনুশ্ৰীয়ে লাঞ্জনা কৰিছে৷ নানাৰ মৃত্যু চয়তানক ভগৱানে দিয়া শাস্তি বুলি ঘোষণা কৰিছে তনুশ্ৰী দত্তই৷