পৱিত্ৰ কামাখ্যাধামতো যুৱতীৰ মাৰপিট
অসমৰ ধৰ্মীয় পৰিচয় নীলাচল পাহাৰত উদ্ভণ্ডালী
সংঘাত সকলোৰে হ’ব পাৰে, কিন্তু কামাখ্যাধামৰ দৰে পৱিত্ৰ স্থানত এই দৃশ্য আমি কল্পনাও কৰিব পৰা নাছিলোঁ৷ কোনো ভক্তই ভাবিব পৰা নাছিল কামাখ্যা মন্দিৰত অসভ্য যুৱতীৰ উদ্ভণ্ডালিৰ কথা৷ ভক্তই যি কামাখ্যাধাম এবাৰ দৰ্শন কৰিবলৈ বছৰেকজুৰি অপেক্ষা কৰি থাকে, সেই পৱিত্ৰ স্থানতে লাগিল মাৰপিট৷ তাকো অসমীয়া যুৱতীয়ে কামাখ্যা মন্দিৰত বাহুবল প্ৰদৰ্শন কৰিলে৷ পাহাৰীয়া পথ অতিক্ৰম কৰি ভক্তই মন্দিৰৰ যিখন দেৱাল স্পৰ্শ কৰিবলৈ ঢপলিয়াই যায়, তাৰ কাষতে এদল যুৱতীয়ে চুলিয়াচুলি কৰিলে৷ শক্তিৰ অধিকাৰী হিচাপে ভক্তই উপাসনা কৰা কামাখ্যা দেৱীৰ মন্দিৰত তেওঁলোকে কৰিলে বুল ফাইটিং৷ যুৱতীসকলক কোনেও ৰখাব নোৱাৰা হ’ল৷ কাজিয়াৰ কাৰণ কি কোনেও নাজানে, কিন্তু তেওঁলোকে যি উদ্ভণ্ডালি কৰিলে সেয়া বিদেশী পৰ্যটকৰো চকুত পৰিল৷ অসমৰ ভক্তই মা কামাখ্যাৰো সন্মান অটুট ৰাখিব নাজানে বুলি গম পালে বিদেশী ভ্ৰমণকাৰীয়ে৷ বিশ্বাস হোৱা নাই যদি আপুনিও নিজ চকুৰে চাই লওক কামাখ্যাধামৰ ঘটনা৷ এই যুৱতীসকল হৈছে গুৱাহাটীনিৱাসী৷ তেওঁলোকে উপাসনা কৰিবলৈ পৱিত্ৰ উপলক্ষত কামাখ্যাধাম দৰ্শন কৰিছিল৷ পিছে পৱিত্ৰ স্থানত তেওঁলোকে খং সম্বৰণ কৰিব নিশিকিলে৷ মাৰ পিট কৰি কামাখ্যা মন্দিৰত তেওঁলোকে অসভ্যালি কৰিলে৷ নিচাখোৱা মানুহৰ দৰে কৰিলে চৰম উদ্ভণ্ডালি৷
প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি যুৱতীৰ দলটো কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈয়েই গৈছিল৷ আন ভক্তৰ দৰে দীৰ্ঘসময় অপেক্ষা কৰি তেওঁলোকেও সভক্তিৰে দেৱী দৰ্শন কৰিলে৷ কিন্তু দেৱী দৰ্শনৰ পিছতে অজ্ঞাত কাৰণত যুৱতীসকলৰ সংঘাত হ’ল৷ তেওঁলোকে পৰস্পৰক আক্ৰমণ কৰিলে৷ মন্দিৰৰ দৰে পৱিত্ৰ স্থানত কোনো প্ৰাপ্তবয়স্কৰ এনে বজৰুৱা আচৰণ গ্ৰহণযোগ্য নহয়৷ তাতে কামাখ্যাধামৰ দৰে দেৱীপীঠত যুৱতীৰ উদ্ভণ্ডালি সহ্য কৰিব পৰা বিধৰ নহয়৷ কিন্তু যুৱতীসকলে মন্দিৰৰ পৰা ওলাই চুলিয়াচুলি কৰি পৰিৱেশ উত্তপ্ত কৰিলে৷ তেওঁলোকক শান্ত কৰাৰ চেষ্টা চলালে লগতে যোৱা মহিলাসকলে৷ কিন্তু যুৱতীৰ দলটোৱে কাৰো কথা নুশুনিলে৷ তেওঁলোকে নিজৰ মাজতে চিঞৰ-বাখৰ কৰি আন ভক্তৰো শান্তি ভংগ কৰিলে৷ কামাখ্যাধামৰ দৰে পৱিত্ৰ স্থানৰ পৰিৱেশ বিনষ্ট কৰি যুৱতীৰ দলটোৰ কাজিয়া দীঘলীয়াকৈ চলি থাকিল৷
প্ৰত্যক্ষদৰ্শীয়ে অৱশ্যে যুৱতীসকলৰ কাজিয়াৰ কাৰণ জানিব পৰা নাই৷ কিন্তু ব্যক্তিগত সংঘাতৰ বাবে তেওঁলোকে মন্দিৰত উপদ্ৰৱ কৰা বুলি অনুমান কৰিছে৷ পিছে কাৰণ যিয়েই নহওক, কামাখ্যাধামত এই অশালীন আচৰণ কোনো ভক্তই সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে৷ অসমৰ পৰিচয়সদৃশ নীলাচল পাহাৰৰ দেৱীপীঠত চুলিয়াচুলি কৰা যুৱতীৰ দলটোৱে কিয় অসভ্যালি কৰিলে সেই বিষয়ে দৰাচলতে প্ৰশ্ন সুধিব লাগে৷ ব্যক্তিগত সংঘাতৰ বাবে কামাখ্যাধামৰ পৰিৱেশ কলুষিত কৰা যুৱতীসকল ভক্তৰ দৃষ্টিত অপৰাধী৷
তেওঁলোকে মন্দিৰত উৎপাত কৰাৰ সময়ত আন ভক্তও উপস্থিত আছিল৷ সকলোৱে চাই আছিল অসমৰ যুৱতীৰ অসভ্যালি৷ বৰ্হিৰাজ্যৰ ভক্তৰো চকুত পৰিছিল অচিনাকী যুৱতীসকলৰ কাজিয়া৷ এই দৃশ্যই অসমৰ প্ৰতি পৰ্যটকৰ মনত নেতিবাচক ধাৰণা জন্ম দিয়াটো নিশ্চিত৷ গতিকে বিষয়টো সহজকৈ লোৱা অনুচিত৷



