এইপৰ্যন্ত ভাৰতৰ হৈছে যুৱপ্ৰজন্মৰ দেশ৷ কিন্তু শতিকাৰ শেষত দেশত বয়োবৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পাব। ভাৰত হৈ পৰিব বৃদ্ধৰ ৰাষ্ট্ৰ৷ মুডিজৰ তথ্য অনুসৰি দেশৰ প্ৰজননৰ হাৰ প্ৰয়োজনীয় ২.১তকৈ অৱনমিত হৈছে।
১৯৫০ চনত বিশ্বজুৰি প্ৰতিগৰাকী মহিলাৰ গড় প্ৰজনন হাৰ আছিল ৪.৯ সন্তান, যি বৰ্তমান হ্ৰাস পাই প্ৰায় ২.২ সন্তান হৈছে। এই পৰিৱৰ্তনে ভাৰতকে ধৰি কেবাখনো দেশৰ জনগাঁথনি আৰু বয়সভিত্তিক সামাজিক গঠনত পৰিৱৰ্তনৰ সূচনা কৰিছে।
মুডিজ ৰেটিংছে প্ৰকাশ কৰা অনুসৰি দীৰ্ঘদিন ধৰি জনসংখ্যা বৃদ্ধি আৰু নতুন কৰ্মক্ষম জনশক্তি ভাৰতৰ অৰ্থনৈতিক বিকাশৰ সহায়ক শক্তি আছিল৷ কিন্তু প্ৰজনন হাৰৰ পতনে অৰ্থনৈতিক দৃশ্যপট সলনি কৰিব ধৰিছে। বিশ্বৰ প্ৰায় ৭০ শতাংশতকৈ অধিক জনসংখ্যা বৰ্তমান এনে দেশবোৰত বাস কৰে, য’ত প্ৰজনন হাৰ প্ৰতিস্থাপন মূলতকৈ কম বা সমপৰ্যায়ৰ।
যিবোৰ দেশত প্ৰজননৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে, সেইবোৰতে আগন্তুক দশকত জনসংখ্যাৰ বেছিভাগ বৃদ্ধ হ’ব বুলি সংস্থাটোৱে সতৰ্ক কৰি দিছে। শ্ৰমিক বা কৰ্মক্ষম লোকৰ সংখ্যা হ্ৰাস পালে দেশখনৰ সামগ্ৰিক উৎপাদন ক্ষমতা সীমাবদ্ধ হৈ পৰিব৷ আনহাতে নতুন পৰিয়াল আৰু গ্ৰাহকৰ সংখ্যা কমি অহাৰ ফলত বজাৰৰ চাহিদা হ্ৰাস পাব।
ফলস্বৰূপে অৰ্থনৈতিক বিকাশ ধাৰাবাহিকভাৱে বজাই ৰাখিবলৈ ভাৰতে কেৱল জনসংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰি উৎপাদনশীলতা বৃদ্ধিতহে বেছিকৈ গুৰুত্ব দিবলগীয়া হ’ব। বয়োবৃদ্ধ লোকৰ সংখ্যা বৃদ্ধিয়ে গ্ৰাহকৰ চাহিদা আৰু বজাৰৰ ধাৰা সলনি কৰিব। স্বাস্থ্যসেৱা, অৱসৰকালীন সুবিধা চাহিদা বৃদ্ধি পাব৷ আনহাতে যুৱ প্ৰজন্মৰ ওপৰত নিৰ্ভৰশীল খণ্ডসমূহ অনাগত দিনত প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লাগিব।



