আপোনালোকে স্ক্ৰীনত দেখা প্লাষ্টিকৰ বস্তুবিধক অসমৰ সকলো মানুহে বাল্টি বুলিয়েই কয়৷ কিন্তু সৰ্থেবাৰী পৌৰসভাৰ মতে এইবোৰ হৈছে ডাষ্টবিন৷ সৰ্থেবাৰীত জাবৰ পেলাবলৈ পৌৰসভাই কেবালাখ টকা খৰচ কৰি বাল্টিৰ আকাৰৰ ডাষ্টবিন ক্ৰয় কৰিছে৷ পৌৰসভাই নীলা আৰু সেউজীয়া দুটা ৰঙৰ ডাষ্টবিন কিনিছে৷ নগৰখনত স্থাপন কৰিবলৈ ব্লু আৰু গ্ৰীন ডাষ্টবিন ১,৯৯৫টাকৈ ক্ৰয় কৰা হৈছে৷ অৰ্থাৎ পৌৰসভাই মুঠ ৩৯৯০টা ডাষ্টবিন ক্ৰয় কৰিছে৷ কিন্তু বাল্টিবোৰৰ দাম শুনিলে আপোনাৰ চকু কঁপালত উঠিব৷ সাধাৰণতে ঘৰুৱা ব্যৱহাৰৰ বাবে এনে প্লাষ্টিকৰ বাল্টি ক্ৰয় কৰিলে ১০০ টকাতে পোৱা যায়৷
কিন্তু সৰ্থেবাৰী পৌৰসভাই ক্ৰয় কৰা প্ৰতিটো ব্লু ডাষ্টবীনৰ দাম পৰিছে ৫০০ টকা৷ সেইদৰে প্ৰতিটো গ্ৰীন ডাষ্টবিন ৫০০ টকাত ক্ৰয় কৰা হৈছে৷ এই ডাষ্টবিন ক্ৰয় কৰোতে সৰ্বমুঠ ১৬ লাখ ৯২ হাজাৰ ৭৯০ টকা খৰচ হৈছে। এই ডাষ্টবীন ক্ৰয় কৰা হৈছে Govt. E Market Portalৰ পৰা৷ যোৰহাট, গড়আলিৰ M R Enterprise নামৰ প্ৰতিষ্ঠানটোৱে সৰ্থেবাৰী পৌৰসভাক এই বাল্টিবোৰ যোগান ধৰিছে৷
সৰ্থেবাৰী পৌৰসভাই যিমানে স্পষ্টীকৰণ নিদিয়ক কিয়, ডাষ্টবিন ক্ৰয়ত যে জালিয়াতি হৈছে সেইটো নিৰ্ঘাত সত্য৷ কথাটো হৈছে বজাৰত সৰ্বাধিক ১০০ টকাতে উপলব্ধ বাল্টিবোৰ সৰ্থেবাৰী পৌৰসভাই ব্লু ডাষ্টবিন আৰু গ্ৰীন ডাষ্টবিন নাম দি কিয় বেছি দামত কিনিলে? বজাৰত চলি থকা দামতে ক্ৰয় কৰা হ’লে এই বাল্টিবোৰ সৰ্বাধিক চাৰিলাখ টকাতে পালেহেঁতেন৷ কিন্তু ৩,৯৯০টা বাল্টি ১৬ লাখ ৯২ হাজাৰ ৭৯০ টকা ভৰি ক্ৰয় কৰা হ’ল৷ দেখদেখকৈ জনতাই কৰ হিচাপে দিয়া ধন সৰ্থেবাৰী পৌৰসভাই অপচয় কৰিলে৷
বাইহাটা চাৰিআলিস্থিত চিপেটৰ পৰা সৰ্থেবাৰী পৌৰসভাই এই বাল্টিবোৰ কিনাহ’লে গোটে ৮০ টকাতে পোৱাটো নিশ্চিত আছিল৷ কিন্তু সৰ্থেবাৰী পৌৰসভাই সেইটো নকৰিলে৷ তাৰ পৰিৱৰ্তে বেছিদাম ভৰি যোৰহাটৰ পৰা সৰ্থেবাৰী পৌৰসভাই সামগ্ৰী ক্ৰয় কৰিলে৷ এই প্লাষ্টিক বাল্টিবোৰ ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰাটো কিমান সম্ভৱ সেইটোও প্ৰশ্নৰ বিষয়৷ প্লাষ্টিকৰ বাল্টি ঘৰতে ৰ’দত থ’লেই শুকান হৈ ভাঙি যায়৷ তেনেস্থলত সৰ্থেবাৰী নগৰত মুকলিকৈ ডাষ্টবিন হিচাপে প্লাষ্টিকৰ বাল্টি স্থাপন স্বাভাৱিকতে ভুল সিদ্ধান্ত৷
স্থানীয় ৰাইজে সৰ্থেবাৰী পৌৰসভাৰ ডাষ্টবিন ক্ৰয়ত দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ নগৰবাসীৰ মতে বাইহাটা চাৰিআলিৰ পৰা কম দামতে এনে বাল্টি ক্ৰয়ৰ সুবিধা থকাৰ পিছতো যোৰহাটৰ প্ৰতিষ্ঠানৰ জৰিয়তে সস্তীয়া বাল্টি বেছিদামত কিনাৰ আঁৰত ৰহস্য আছে৷ জানিব পৰা মতে যিবোৰ প্লাষ্টিকৰ বাল্টি সৰ্থেবাৰী পৌৰসভাই ৫০০ টকাত ডাষ্টবিন হিচাপে ক্ৰয় কৰিছে, সেইবোৰ ৫০ টকাতো ঘৰে ঘৰে বেপাৰীয়ে বিক্ৰী কৰি ফুৰে৷ সৰ্থেবাৰী পৌৰসভাৰ বিষয়ববীয়াই ডাষ্টবিন ক্ৰয়ৰ নামত দিন-ডকাইতি কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে৷ কিন্তু বিষয়টোত উত্তৰ দিয়া নাই পৌৰসভাই৷



