জীয়েকক শুদ্ধ কৰিব নোৱাৰিলে কাজলে

মই হাৰি গ’লোঁ- পৰাজয় স্বীকাৰ কৰিলে কাজলে
জীয়েকক বশ কৰিব নোৱাৰিলে অপৰূপা সুন্দৰী কাজলে
কাজল বুলিলে দেশৰ অসংখ্য যুৱকৰ বুকুত ফুলি উঠিছিল এপাহ ৰঙা গোলাপ৷ কাজলৰ নামটো শুনিলেই মৰুভূমিতো পুৰুষে পাইছিল ৰজনীগন্ধাৰ সুগন্ধি৷ সেই কাজলেই হৈ পৰিছে হতাশ৷ মিঠা হাঁহিৰে যি কাজলে দূৰৰ পৰাই অগণিত যুৱকক বশ কৰি পেলাইছিল তেৱেঁই হাৰ মানিবলগীয়া হৈছে৷ জীয়েকৰ উদ্ভণ্ডালিৰ বাবে কাজলৈ কান্দিছে৷ সৰুতে অতিপাত মৰম কৰাৰ বাবে কন্যা নায়ছা দেৱগণ কাজলৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে৷ পঢ়িবলৈ গৈ ছিংগাপুৰত মদ খাই উদ্ভণ্ডালি কৰা নায়ছাক বিশ্ববিদ্যালয়ৰ পৰাও খেদি দিলে৷ ভাৰতলৈ ঘূৰি অহাৰ পিছত কাজলৰ জীয়েকে চিনেমাত অভিনয় কৰাৰ চেষ্টা কৰিলে৷ কিন্তু তেওঁৰ স্তনৰ আকাৰৰ বাবে কোনেও চিনেমাৰ অফাৰ নিদিলে৷ সেয়ে কাজলে কৰাইছিল কন্যাৰ স্তনযুগলৰ অপাৰেশ্যন৷ কিন্তু ডাক্তৰৰ পৰামৰ্শ আওকাণ কৰাৰ ফলত কাজলৰ কন্যাৰ স্তনৰ অপাৰেশ্যন বিফল হ’ল৷
কেৱল ইমানতে নায়ছা দেৱগণৰ উদ্ভণ্ডালিৰ অন্ত পৰা নাই৷ মদ খাই মুম্বাইত প্ৰায়ে উৎপাত কৰা নায়ছা ভাৰতত নাই৷ শান্তি পাবলৈ মাকে জীয়েকক ডুবাইলৈ প্ৰেৰণ কৰিছিল৷ মাজতে ডুবাই ফুৰিবলৈ গৈছিল আমিষা পেটেল৷ আমিষাৰ সৈতেই মাকে নায়ছা দেৱগণক পঠিয়ালে৷ কিন্তু মদাহী নায়ছা ডুবাইতো শান্তিৰে থাকিব নোৱাৰিলে৷ ডুবাইৰ নাইট ক্লাবত টেঁটুৰ গুৰিলৈকে মদ্যপান কৰি নায়ছাই নৃত্য কৰিলে৷ তেওঁৰ সৈতে সমানে মদ খাই নাচিলে ৫০ বছৰীয়া আমিষা পেটেলে৷ নায়ছাই এই বয়সতে মদ্যপান কৰি ডুবাইৰ নাইট ক্লাবৰ ফ্ল’ৰ কঁপাই পেলালে৷ অচিনাকী পুৰুষৰ সৈতে নাইট ক্লাবত নিতম্ব জোকাৰি নৃত্য কৰিলে নায়ছা দেৱগণে৷ এই গোপন ভিডিঅ’টো নাইট ক্লাবটোৰ এজন ভাৰতীয় কৰ্মচাৰীয়ে উলিয়াই দিলে৷
তেওঁ নাইট ক্লাবত কাম কৰি থাকোতেই আমিষা পেটেলৰ সৈতে নায়ছাই প্ৰৱেশ কৰিছিল৷ সেই সময়ত নাইট ক্লাবৰ পৰিৱেশ জমি উঠাৰ বাবে নায়ছা ৰৈ থাকিব নোৱাৰিলে৷ স্তনযুগলৰ সৌন্দৰ্য সকলোৱে দেখাকৈ ৰিভিলিং পোছাক পৰিধান কৰা নায়ছাই ডুবাইৰ চহকী পৰ্যটকৰ সৈতে ইংৰাজী গীতৰ তালে তালে কৰিলে উদ্দাম নৃত্য৷ নায়ছাক সংগ দিলে আমিষা পেটেলে৷ দুয়ো মিলি অচিনাকী পুৰুষক অস্থিৰ কৰি পেলালে৷ ভিডিঅ’টোত দেখা গ’ল নায়ছাৰ উত্তেজক ভংগী৷ এই ভিডিঅ’টোৱে দেৱগণ পৰিয়ালৰ সন্মান ধূলিৰ সৈতে মিলাই দিলে৷ দৰাচলতে এনে অস্বস্তিকৰ পৰিৱেশৰ পৰা বাচিবলৈ নায়ছাক মাকে ডুবাইলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু ধনীৰ দুলালী নায়ছা ইছলামিক দেশখনতো শান্তিৰে থাকিব নোৱাৰিলে৷
ডুবাইত উৎপাত কৰা নায়ছাই ছিংগাপুৰৰ বিশ্ববিদ্যালয়ত এডমিশ্যন লৈছিল৷ তেতিয়া নায়ছা আছিল প্ৰথম বৰ্ষৰে ছাত্ৰী৷ সেই সময়তে হোষ্টেলৰ পৰা নিশা ওলাই গৈ নায়ছাই সুৰাপান কৰিছিল৷ কেবাদিনো তেনে ঘটনা সংঘটিত হোৱাৰ পিছত বিশ্ববিদ্যালয়ৰ পৰা অজয় দেৱগণক সকীয়নি দিয়া হৈছিল৷ কিন্তু তথাপি নায়ছা শুধৰণি নহ’ল৷ সেয়ে তেওঁক নাম কাটি ঘৰলৈ পঠিয়াই দিয়া হৈছিল৷ পৰিয়ালৰ সন্মান হানি কৰা নায়ছাই মদ খাই গাড়ীতে বমি কৰিছিল৷ আন্ধেৰীৰ এটা পাৰ্টীত নায়ছাই বমি কৰাৰ দৃশ্য কেমেৰাতো আবদ্ধ হৈছিল৷ জীয়েকৰ বাবে অতিষ্ঠ কাজলৰ উপায় নোহোৱা হৈছে৷ নায়ছা হৈ পৰিছে অভিশাপৰ দৰে৷