জীয়েকক প্ৰেমিকৰ সৈতে পঠিয়াই দিলে পিতৃয়ে

ৰাতি মনে মনে কিয় প্ৰেমিকাক লগ ধৰিব লাগে
ইমান ভাল পাৱ যদি লৈয়েই নাযাওঁ কিয়
মুঠতে যুৱকজন ওলাব নোৱাৰাকৈ ফান্দত সোমাল৷ ইমানদিনে তেওঁ প্ৰেমিকাৰ সৈতে জীৱনটো এনজয় কৰি আছিল৷ ঘৰৰ কাষৰে যুৱতীগৰাকীৰ সৈতে তেওঁৰ আছিল প্ৰেমৰ সম্পৰ্ক৷ কিন্তু এতিয়াই বিয়াৰ কথা ভবা নাছিল যুৱকজনে৷ চাকৰি পোৱালৈ অপেক্ষা কৰি তেওঁ প্ৰেমিকাক ৰখাই থৈছিল৷ হ’লেও নিশা ভাত খোৱাৰ পিছত যুৱকজন প্ৰেমিকাৰ ঘৰলৈ যোৱাটো নিয়মেই আছিল৷ ঘৰৰ সকলো শোৱাৰ পিছত তেওঁ গোপনে প্ৰেমিকাৰ ৰূমৰ দুৱাৰত টোকৰ মাৰিছিল৷ শেহতীয়াকৈ ঘন হৈছিল তেওঁৰ উপস্থিতি৷ প্ৰতি নিশা যুৱকজনে প্ৰেমিকাৰ সৈতে মৰমৰ আদান-প্ৰদান কৰিছিল৷ যুৱতীগৰাকীয়ে অপেক্ষা কৰিছিল প্ৰেমিকৰ আগমনলৈ৷ তথাপি তেওঁলোকৰ নিশাৰ ৰোমাঞ্চৰ বিষয়ে জনা নাছিল পৰিয়ালৰ লোকে৷ হাতত সাৰে ভৰিত সাৰে প্ৰেমিকাৰ ৰূমত সোমাই যুৱকজন ধৰা নপৰাকৈ আছিল৷ পিছে আজি তেওঁৰ শেষৰক্ষা নহ’ল৷ প্ৰেমিকাৰ দুৱাৰত টোকৰ মাৰি সোমাল ঠিকেই, কিন্তু ওলাই অহাৰ সময়তে বেয়াকৈ ধৰা পৰিল৷
যুৱকজনৰ উদ্দেশ্যে অৱশ্যে বেয়াও নাছিল৷ তেওঁ কিছুদিনৰ পিছত প্ৰেমিকাক চিৰজীৱনলৈ ওচৰ চপাই লোৱাৰ কথাই ভাবিছিল৷ কিন্তু সদায় যুৱতীগৰাকীৰ ৰূমত সোমোৱা প্ৰেমিকক ঘৰৰ মানুহে ওলাবলৈ নিদিলে৷ তেওঁক ৰূমতে বন্ধ কৰি থোৱা হ’ল৷ প্ৰতিনিশা প্ৰেমিকাৰ সৈতে কামলীলা কৰা যুৱকজন পলাবলৈ চেষ্টা কৰোতে হুলস্থূল লাগিল৷ তেওঁৰ হাতত তুলি দিয়া হ’ল সেন্দূৰৰ টেমা৷ পৰিয়ালৰ সদস্যৰ উপস্থিতিত তেওঁ প্ৰেমিকাৰ শিৰত সেন্দূৰ ঢালি দিলে৷ যুৱকজনৰ নিশাই হৈ গ’ল বিয়া৷ কোনেও গম নোপোৱাকৈ ফুলশয্যাৰ নিশা পালন কৰি থকা যুৱকজনে সদায়েই পলাব পাৰিম বুলি ভাবিছিল৷ কিন্তু ধৰা পৰিলে যে শিলৰ খুন্দা পাব সেয়া জনা নাছিল৷ ফলত তেওঁ নিশাই প্ৰেমিকাক লৈহে ঘৰৰ পৰা ওলাব পাৰিলে৷ বাৰাণ্ডাতে প্ৰেমিকাৰ শিৰত সেন্দূৰ দিয়াৰ পিছত কইনা প্ৰেমিকৰ হাতত চমজাই দিলে পৰিয়ালে৷
ঘটনাটো ঘটিছে বিহাৰৰ ঔৰংগাবাদ জিলাত৷ তাৰে যুৱতীগৰাকীৰ ঘৰত প্ৰেমিক সদায় নিশাহে উপস্থিত হৈছিল৷ দিনত যাবলৈ ভয় কৰা যুৱকজনে প্ৰেমিকাক নিশা প্ৰাণভৰি মৰম কৰিছিল৷ প্ৰেমিকৰ স্নেহ পাই লেতুসেতু হৈ পৰিছিল যুৱতীগৰাকী৷ তেওঁক মৰম কৰি আলসুৱা কৰি তুলিছিল প্ৰেমিকে৷ কিন্তু কেতিয়া বিয়া পাতিব সেইটো হ’লে কোৱা নাছিল৷ প্ৰতিটো নিশাই আছিল দুয়োৰে বাবে ফুলশয্যাৰ নিশা৷ সেই যুৱকজনে চৰকাৰী চাকৰি পালেই বিয়া পাতিম বুলি প্ৰেমিকাক দিছিল প্ৰতিশ্ৰুতি৷ তেতিয়ালৈ তেওঁ নিশা কামলীলা কৰি প্ৰেমিকাক উত্ৰাৱল কৰি তুলিছিল৷ এনিশা যুৱকজন নগ’লেই বৰ চিন্তা হৈছিল প্ৰেমিকাৰ৷
তেওঁ কালি যুৱতীগৰাকীৰ ৰূমৰ পৰা ওলাই অহাৰ সময়ত ভাবী শহুৰেকে থাপ মাৰি ধৰিলে৷ প্ৰেমিকক সেই ঠাইতে বিয়া পাতিবলৈ দিয়া হ’ল নিৰ্দেশ৷ ভয়তে পেঁপুৱা লগা যুৱকজনে সকলো নিৰ্দেশ পালন কৰি প্ৰেমিকাক পত্নীৰ স্বীকৃতি প্ৰদান কৰিলে৷ বিহাৰী নিয়ম পালন কৰি তেওঁলোকৰ নিশাই বিবাহ সম্পাদন কৰা হ’ল৷ দুয়ো সমাজৰ সন্মুখত ল’লে সেৱা৷ কইনাঘৰে উপস্থিত ৰাইজক চাহ আৰু মিঠাইৰে আপ্যায়িত কৰিলে৷ একাপ চাহ খুৱায়েই তেওঁলোকে পাতিলে বিয়া৷ যুৱকজনো নিশাই কইনা লৈ ঘৰলৈ উভতি গ’ল৷