ছাত্ৰীৰ কঁকালত বিধায়কৰ হাত

কংগ্ৰেছ নেতা মলৰেড্ডী ৰংগাৰেড্ডী মৰমীয়াল মানুহ
কিন্তু ল’ৰা মানুহলৈ মলৰেড্ডীৰ মৰম নালাগে৷ ছোৱালী দেখিলে একেজন মানুহৰে মৰম উথলি উঠে৷ অচিনাকী ছোৱালীৰ গালত চিকুটি দিবলৈ ভাল পাই মলৰেড্ডীয়ে৷ গাড়ীত গৈ থাকোতেও ধুনীয়া ছোৱালীৰ কঁকালত সাবটি ধৰে বিধায়ক মলৰেড্ডীয়ে৷ মৰমীয়াল বিধায়কজনে ছোৱালী দেখি ধৈৰ্য ধৰিব এইবাৰো নোৱাৰিলে৷ তেওঁৰ কাষৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰা ছাত্ৰীক মলৰেড্ডীয়ে সাবটি ধৰিলে৷ অস্বস্তিত মুখ বেঁকা কৰি ছাত্ৰীৰ দলটোৱে সেই স্থান ত্যাগ কৰিবলৈ চেষ্টা চলালে৷ কিন্তু মলৰেড্ডীৰ ইমান বেছি মৰম লাগি গ’ল যে তেওঁ জীয়েকৰ বয়সৰ ছোৱালীৰ হাতত জোৰকৈ ধৰি এৰিয়েই নিদিয়া হ’ল৷
মলৰেড্ডী নামৰ বিধায়কজন তেলেংগানাৰ৷ তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা৷ গান্ধী পৰিয়ালৰো খাচ মানুহ মলৰেড্ডী৷ তেওঁ ৰাজহুৱা পৰিবহণৰ বুজ লোৱাৰ বাবে বাছ যাত্ৰা কৰিছিল৷ বিধায়কৰ সৈতে এখন বাছত উঠিছিল এদল কলেজীয়া ছাত্ৰী৷ বাছখনত আসন গ্ৰহণ কৰাৰ পিছত মলৰেড্ডীয়ে আন যাত্ৰীৰ ফালে ঘূৰিও নাচালে৷ কলেজীয়া ছাত্ৰীৰ সৈতে আড্ডা দিয়াত লাগিল কংগ্ৰেছ নেতাজন৷ সুবিধা বুলি মলৰেড্ডীয়ে কলেজৰ ছাত্ৰীৰ হাতত ধৰিলে৷ বয়সস্থ বিধায়কে আপত্তিজনকভাৱে স্পৰ্শ কৰাত ছাত্ৰীসকল সংকুচিত হৈ পৰিল৷ মলৰেড্ডীৰ কবলৰ পৰা হাতটো এৰুৱাই পিছৰ ছিটলৈ যোৱাৰ চেষ্টা কৰিলে কলেজৰ ছাত্ৰীয়ে৷
কিন্তু মলৰেড্ডী ইমান সহজে এৰি দিয়া মানুহ নাছিল৷ তেওঁ আকৌ বেলেগ এগৰাকী ছাত্ৰীৰ হাতত ধৰিলে৷ মলৰেড্ডীৰ দুষ্ট হাতটোৱে অচিনাকী ছাত্ৰীৰ শৰীৰত বিচৰণ কৰিবলৈ ধৰিলে৷ এবাৰ ছেগ বুজি এগৰাকী ছাত্ৰীৰ কঁকালতো সাপৰ দৰে মেৰিয়াই ধৰিলে মলৰেড্ডীয়ে৷ তেওঁৰ আচৰণত ছাত্ৰীসকল অতিষ্ঠ হৈ পৰিল৷ কিন্তু জ্যেষ্ঠ বিধায়কৰ কাষৰ পৰা আঁতৰিও যাব নোৱাৰা হ’ল৷ ৰঙা ইউনিফৰ্ম পিন্ধি কলেজলৈ যোৱা ছাত্ৰীসকলৰ গোপন অংগত হাত লগালে বিধায়কজনে৷ তেওঁ এই দৃশ্য কোনেও দেখা নাই বুলি ভাবিছিল৷ কিন্তু বাছখনতে থকা এজন যাত্ৰীয়ে গোপনে কেমেৰাত আবদ্ধ কৰিলে মলৰেড্ডীৰ ধূৰ্তালি৷
মলৰেড্ডী নামৰ বয়সস্থ বিধায়কজনৰ বাবে কলেজলৈ যোৱা ছাত্ৰীসকল ত্ৰাসিত হৈ পৰিল৷ তেওঁলোকক কংগ্ৰেছ বিধায়কজনে জলা-কলা খুৱাই দিলে৷ অৱশ্যে মলৰেড্ডীৰ কেৰেক্টাৰত গণ্ডগোল আছে বুলি পূৰ্বেও খবৰ ওলাইছিল৷ এইবাৰ কংগ্ৰেছ বিধায়কজনে নিজেই দিলে প্ৰমাণ৷ তেওঁৰ হাতৰ পাকত ছাত্ৰীৰ দলটো অতিষ্ঠ হ’ল৷ যাত্ৰীৰ অভিযোগৰ বুজ ল’বলৈ বাছত উঠা কংগ্ৰেছ বিধায়কজনে কেৱল মহিলাৰ সৈতেহে পাতিলে কথা৷ তেওঁ বাছখনত থকা পুৰুষ যাত্ৰীক গুৰুত্ব নিদিলে৷ কেৱল মহিলাৰ প্ৰতিহে মৰমীয়াল বিধায়ক মলৰেড্ডীৰ উদ্দেশ্য যে ভাল নাছিল সেয়া চকুৰ পাকতে ধৰা পৰিল৷ এই বিশেষ ভিডিঅ’ ফাদিল হোৱাৰ পিছত মলৰেড্ডী অস্বস্তিত পৰিছে৷ কংগ্ৰেছ নেতৃত্বও মলৰেড্ডীৰ বাবে অস্বস্তিৰ সন্মুখীন হৈছে৷
অৱশ্যে মলৰেড্ডী ৰংগাৰেড্ডীয়ে চাফাই গাবলৈ আৰম্ভ কৰিছে৷ নিজৰ জীয়েকৰ সমান ছোৱালী বুলি ভাবিহে ছাত্ৰীসকলক মৰম কৰিছিল বুলি তেওঁ দাবী কৰিছে৷ কিন্তু মলৰেড্ডীৰ স্পৰ্শ যে সুবিধাজনক নাছিল সেয়া ভিডিঅ’টোত দেখা গৈছে৷ তাৰোপৰি এজন জ্যেষ্ঠ বিধায়কে আনৰ সুবিধাৰ প্ৰতি গুৰুত্ব নিদিয়াটো গুৰুত্বপূৰ্ণ৷ কলেজীয়া ছাত্ৰীৰ সৈতে কথা পাতোতে মলৰেড্ডীয়ে মৰা হাঁহিটো হৈ পৰিছে ভাইৰেল৷