চৰকাৰে স্থাপন কৰিছে ভেণ্ডিং মেচিন

মদাহীক সোনকালে এটা ভাল খবৰ দিব চৰকাৰে
মোদী চৰকাৰে দেশত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰিব৷ স্বচ্ছ ভাৰত অভিযানৰ অধীনত মদৰ খালী বটল ঘূৰাই দিব মদ্যপায়ীয়ে৷ অৱশ্যে বিনামূল্যে সুৰাপায়ীয়ে বটল ঘূৰাই দিব নালাগে, মদ্যপান কৰি খালী হোৱা বটলটো ওভতাই দিলে সকলোৱে ১০ টকাকৈ লাভ কৰিব৷ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে মদাহীৰ পৰা মদৰ খালী বটল ক্ৰয় কৰাৰ আঁচনি প্ৰৱৰ্তন কৰিব৷ তাৰ পূৰ্বে পাইলট প্ৰজেক্ট হিচাপে তামিলনাডুত মদৰ বটল ক্ৰয় কৰা হৈছে৷ তামিলনাডুৰ প্ৰতিখন জিলাতে কমেও ১০টাকৈ ভেণ্ডিং মেচিন স্থাপন কৰা হৈছে৷ য’ত মদ্যপায়ীয়ে সুৰাৰ খালি বটল ভৰাই দিলে ১০ টকাকৈ লাভ কৰিব৷ সেই বটলবোৰ গোটাই পৰিৱেশ নিকা কৰি ৰখাটো হৈছে চৰকাৰৰ উদ্দেশ্য৷ সেয়ে মদ্যপায়ীক ১০ টকা দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে৷
তামিলনাডুত আৰম্ভ কৰা পাইলট প্ৰজেক্ট সফল হ’লে সমগ্ৰ দেশতে এইটো নিয়ম কাৰ্যকৰী হ’ব৷ কিন্তু এই ব্যৱস্থাটোৰ সুযোগ মদ নোখোৱা লোকে ল’ব নোৱাৰিব৷ মদৰ বটল ক’ৰবাৰ পৰা বুটলি নি ভেণ্ডিং মেচিনত ভৰাই দিলেই কোনেও লাভ নকৰিব ১০ টকা৷ অৰ্থাৎ চাফাইকৰ্মীয়ে মদৰ বটল চাফা কৰাৰ সুযোগ লৈ ভেণ্ডিং মেচিনত ভৰাই পইচা উপাৰ্জন কৰিব নোৱাৰিব৷ কেৱল মদ্যপান কৰা লোকসকলেহে খালি বটল জমা দিলে লাভ কৰিব ধন৷ তাৰ বাবে চৰকাৰে আগতীয়াকৈ ব্যৱস্থা কৰি থৈছে৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ মদ্যপায়ীৰ নাম ডাটাবেছত পঞ্জীয়নভুক্ত কৰাৰ বাবে পৰিকল্পনা কৰিছে৷
লগতে মদ্যপান কৰা লোক সকলক লাইচেন্স দিবলৈ লোৱা হৈছে৷ গতিকে যিসকল লোকৰ সুৰাপান কৰাৰ লাইচেন্স আছে তেওঁলোকেহে ভেণ্ডিং মেচিনত মদৰ খালি বটল সুমুৱাব পাৰিব৷ তাৰ বিনিময়ত তেওঁলোকে কিন্তু মেচিনৰ পৰা ১০ টকীয়া নোট নাপায়৷ সুৰাপান কৰা লোকৰ একাউণ্টতহে সোমাব এই ধন৷ ভেণ্ডিং মেচিনত বটল ভৰোৱা লোকসকলে একাউণ্টৰ বিষয়ে আগতীয়াকৈ মদ্যপায়ীৰ লাইচেন্সত উল্লেখ কৰিব লাগিব৷ সেইমতে নিজৰ পঞ্জীয়ন নম্বৰ উল্লেখ কৰি মদৰ বটল ভেণ্ডিং মেচিনত ভৰাই দিলে একাউণ্টত পইচা সোমাব৷ সেই ধন উলিয়াই আকৌ মদৰ বটল ক্ৰয় কৰিব পাৰিব দেশৰ সুৰাপায়ীয়ে৷
এই নিয়ম প্ৰাৰম্ভিকভাৱে স্বচ্ছ ভাৰত অভিযানৰ অধীনত আৰম্ভ কৰা হৈছিল৷ মদৰ বটল চাফা কৰিবলৈ যাতে আকৌ সুকীয়াকৈ পইচা খৰচ কৰিবলগা নহয় তাৰ বাবে চৰকাৰে ভেণ্ডিং মেচিনৰ ব্যৱস্থা কৰিছিল৷ প্ৰথমে এই প্ৰকল্পৰ সফলতা নিৰীক্ষণ কৰিবলৈ কম জনসংখ্যা থকা তামিলনাডুত পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে৷ ৰাজ্যখনত জিলাইপতি ১০টাকৈ মেচিন স্থাপন কৰিছে চৰকাৰে৷ কিন্তু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত অধিকসংখ্যক ভেণ্ডিং মেচিনৰ প্ৰয়োজন হ’ব৷ তাৰ বাবে কিছু সময় লাগিব কেন্দ্ৰীয় চৰকাৰক৷
পৰ্যায়ক্ৰমে অসমতো ভেণ্ডিং মেচিন স্থাপন কৰা হ’ব৷ এই মেচিনত যিকোনো ব্ৰেণ্ডৰ মদৰ বটল ভৰাই দিলেই মদ্যপায়ীয়ে পইচা পাব৷ বিয়েৰৰ বটলৰ বাবে ভেণ্ডিং মেচিনত আছে সুকীয়া শ্লট৷ আন সকলো বটল একেটা শ্লটতে ভৰাব পাৰি বুলি তামিলনাডু প্ৰশাসনে প্ৰকাশ কৰিছে৷ খালি বটলৰ বাবদ ১০ টকা দি দেশৰ পৰিৱেশ পৰিষ্কাৰ কৰাৰ কৌশল কৰিছে চৰকাৰে৷ তামিলনাডুত পাইলট প্ৰজেক্ট সফল হ’লেই অনাগত সময়ত সমগ্ৰ দেশে পাব একেটা সুবিধা৷ মুঠতে খালি বটলো পেলাই দিব নালাগিব মদাহীয়ে৷