যোগী আদিত্যনাথৰ কনভয়ৰ বাবে ৰখাই থ’লে এম্বুলন্স
যন্ত্ৰণাত আৰ্তনাদ কৰি এম্বুলেন্সতে ৰোগীৰ প্ৰাণহানি
প্ৰধানমন্ত্ৰী মোদীয়েই এম্বুলেন্স দেখিলে ৰখাই দিয়ে কনভয়৷ SPGয়ে বাধা দিলেও মোদীয়ে নুশুনে৷ ৰোগীৰ বাবে কনভয় ৰখাই ৰাস্তা খালি কৰি দিয়ে খোদ প্ৰধানমন্ত্ৰীয়ে৷ কিন্তু সন্ন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সেইবোৰ নিয়ম-কানুন নামানে৷ এম্বুলেন্সত ৰোগীয়ে মৰণকাতৰ চিঞৰ মাৰিলেও কনভয় ৰখোৱাৰ অনুমতি নিদিয়ে হিন্দুত্ববাদী মুখ্যমন্ত্ৰীয়ে৷ তেওঁৰ অৱহেলাৰ ফলতে এম্বুলেন্সতে ৰোগীৰ মৃত্যু ঘটিল৷ ৰোগীয়ে চিৎকাৰ কৰি থাকিলেও পুলিচে এম্বুলেন্সৰ পথ অৱৰোধ কৰি ৰখাৰ ফলত ৰাস্তাতে প্ৰাণ হেৰুৱালে এজন যুৱকে৷ তেতিয়া ৰাস্তা মুকলি কৰি দিয়াৰ বাবে পুলিচক হাতজোৰ কৰি দৌৰি ফুৰিছিল ৰোগীৰ পিতৃয়ে৷ তথাপি পুলিচে এম্বুলেন্সখনক যাবলৈ নিদিলে৷ মুখ্যমন্ত্ৰীৰ কনভয় সামান্য মন্থৰ কৰি এম্বুলেন্সখন পাৰ হৈ যাবলৈ দিয়াটো সম্ভৱ আছিল৷ একমাত্ৰ যোগী আদিত্যনাথৰ নিষ্ঠুৰতাৰ বাবে ৰৈ থাকিবলগীয়া হ’ল এম্বুলেন্সখন৷
তথ্য অনুসৰি লক্ষ্ণৌৰ পৰা চৰকাৰী কাৰ্যসূচীৰ বাবে ৰাওনা হৈছিল যোগী আদিত্যনাথ৷ তেওঁ হেলিপেডলৈ যাত্ৰা কৰিছিল৷ আদিত্যনাথৰ কনভয় পাৰ হৈ যোৱাৰ সময়ছোৱাত সচৰাচৰৰ দৰে লক্ষ্ণৌক বন্ধ কৰি দিয়া হৈছিল ট্ৰেফিক৷ সেই সময়ত ছাইৰেন বজাই দ্ৰুতগতিত গৈ আছিল এম্বুলেন্সখন৷ তাত থকা ৰোগীৰ অৱস্থা যে সংকটজনক সেইটো বুজাবলৈ ড্ৰাইভাৰে চেষ্টা কৰিছিল৷ ৰোগীৰ গুৰুতৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ কনভয়ৰ পূৰ্বেই এম্বুলেন্সখন পাৰ কৰাবলৈ ড্ৰাইভাৰে সংকেত দিছিল যদিও পুলিচে নামানিলে৷ আৰক্ষীয়ে ট্ৰেফিক পইণ্ট এম্বুলেন্সখন আগভেটি ধৰিলে৷ ফলত ড্ৰাইভাৰে কোনোমতে ব্ৰেক টানি গাড়ী ৰখাবলগীয়া হ’ল৷ তাৰ পাঁচ মিনিটৰ পিছতহে সেইটো ৰাস্তাৰে পাৰ হ’ল আদিত্যনাথৰ কনভয়৷ অৰ্থাৎ ইমান সময় চিকিৎসা অবিহনে গাড়ীতে পৰি থাকিবলগীয়া হ’ল যন্ত্ৰণাত আৰ্তনাদ কৰি থকা ৰোগীজন৷
তেওঁ চিৎকাৰ কৰা দেখি পিতৃয়ে গাড়ীৰ পৰা নামি গৈ আৰক্ষীক হাতজোৰ কৰিছিল৷ পুত্ৰৰ অৱস্থা যে গুৰুতৰ সেইটো বুজাইছিল দুৰ্ভগীয়া লোকজনে৷ সোনকালে হস্পিতেল পোৱা বাবে ১০ ছেকেণ্ডৰ বাবে হ’লেও ট্ৰেফিক পইণ্ট খুলি দিবলৈ তেওঁ কাকূতি কৰিছিল৷ কিন্তু হিন্দুত্ববাদী মুখ্যমন্ত্ৰীৰ আমোলত ৰোগীৰ পিতৃৰ ক্ৰন্দনৰ প্ৰতি গুৰুত্ব দিবলৈ ট্ৰেফিক পুলিচৰ সাহস নাই৷ তেওঁলোকে মুখ্যমন্ত্ৰীৰ ৰোষত পৰাৰ ভয়ত এম্বুলেন্সখন ৰখাই থ’লে৷ চিঞৰি থকা ৰোগীজন গাড়ীতে পৰি থাকিল৷ তেওঁৰ দেউতাক শীৰ্ষ আৰক্ষী বিষয়াৰ কাষলৈ গৈ প্ৰাৰ্থনা জনালে৷ সকলো আৰক্ষী বিষয়াই একো কৰিব নোৱাৰে বুলি জনাই দিলে ৰোগীৰ পিতৃক৷ তেতিয়ালৈ কিন্তু ৰোগীজন জীয়াই থকা নাছিল৷ এম্বুলেন্সতে উৰি গৈছিল প্ৰাণবায়ু৷
হিন্দুত্ববাদী মুখ্যমন্ত্ৰীৰ নিষ্ঠুৰতাৰ বাবে ৰোগীৰ এম্বুলেন্সত বিনা চিকিৎসাই মৃত্যু ঘটিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে এম্বুলেন্স যাবলৈ কনভয় ৰখাই দিয়াৰ সময়ত যোগীয়ে নিৰ্দয়ভাৱে কাৰ্যত: শেষ কৰি পেলালে এজন যুৱকক৷ তেওঁক বচাবলৈ পিতৃয়ে হাতজোৰ কৰিলেও সহায় কৰিব নোৱাৰিলে আৰক্ষীয়ে৷ এই ঘটনাৰ পিছত যোগী আদিত্যনাথে দুখ প্ৰকাশো নকৰিলে৷ মৃতকৰ পৰিয়ালক শান্ত্বনাও নিদিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ নিষ্ঠুৰতাৰ সীমা অতিক্ৰম কৰি আগলৈ এনে ভুল নকৰিবলৈ পুলিচক সকীয়নিও নিদিলে৷



