পুলিচ যদি ডালে ডালে তেন্তে বিহাৰী আকৌ পাতে পাতে
বিহাৰত মদ নিষিদ্ধ৷ ৰাজ্যখনত সুৰা বিপণীত নীতিশ কুমাৰে তলা লগাই দিছে৷ তথাপি বিহাৰত কিন্তু মদৰ পয়োভৰ কমা নাই৷ সুৰা সৰবৰাহৰ বাবে বিহাৰী বেপাৰীয়ে অৱলম্বন কৰিছে কিছুমান অদ্ভুত টেকনিক৷ এইবাৰ চিলিণ্ডাৰত ভৰাই মদৰ বটল সৰবৰাহ কৰা হৈছে৷ পুলিচে তালাচী কঠোৰ কৰাত চিলিণ্ডাৰৰ টেকনিক শিকিছে মদ বেপাৰীয়ে৷ স্কুটীত নিয়া চিলিণ্ডাৰ খোলাৰ পিছতহে হতচকিত হৈছে আৰক্ষী৷ গেছ চিলিণ্ডাৰত মদৰ ফুল বটল ভৰাই নিয়া বেপাৰীয়ে গ্ৰাহকক ঘৰে ঘৰে দিছে ডেলিভাৰী৷
সুৰা নিষিদ্ধ বাবে বিহাৰত তুংগত উঠিছে মদৰ দুই নম্বৰী বেপাৰ৷ কিন্তু এইটো কৌশলৰেও যে সুৰা সৰবৰাহ কৰিব পাৰি তাৰ একো ধাৰণাই কৰা নাছিল বিহাৰ আৰক্ষীয়ে৷ ৰাস্তাত কোনোবাই চিলিণ্ডাৰ সৰবৰাহ কৰা সময়ত আৰক্ষীয়ে নজৰো দিয়া নাছিল৷ পিছে শেহতীয়াকৈ এজন যুৱকে কেবাটাও চিলিণ্ডাৰ কঢ়িয়াই থকাৰ ফলতহে আৰক্ষীৰ সন্দেহ জন্মিল৷ এদিনতে ঘৰলৈ কেবাটাও চিলিণ্ডাৰ নিয়া দেখি পুলিচে যুৱকজনক সোধা-পোছা কৰিলে৷ কিন্তু তেওঁ কঢ়িয়াই নিয়া চিলিণ্ডাৰৰ ভিতৰত সন্দেহ কৰিবলগীয়াকৈ একো নাছিল৷ তথাপি আৰক্ষীয়ে যুৱকজনে নিয়া চিলিণ্ডাৰটো ভালদৰে পৰীক্ষা কৰাতহে ৰহস্যভেদ হ’ল৷
সেই যুৱকজনে ঘৰলৈ নিয়া বুলি কোৱা চিলিণ্ডাৰটো সাধাৰণ LPG চিলিণ্ডাৰ নাছিল৷ সুৰা সৰবৰাহ কৰাৰ বাবে তেওঁ কাটি লৈছিল খালি চিলিণ্ডাৰ৷ সেইটো কেৱল দেখাতহে চিলিণ্ডাৰ হৈ আছিল৷ প্ৰকৃতাৰ্থত চিলিণ্ডাৰটোৰ ভিতৰখন আছিল টেংকীৰ দৰে৷ বাকচৰ দৰে সাজি লোৱা চিলিণ্ডাৰটোৰ ভিতৰত সুৰাৰ বটল ভৰাই থোৱা হৈছিল৷ এটা দুটা নহয়, এইটো বুদ্ধিৰে ৫০টা চিলিণ্ডাৰত যুৱকজনে সুৰা সৰবৰাহ কৰি আছিল৷ তেওঁ বাহিৰৰ পৰা চিলিণ্ডাৰটো লক কৰাৰো ব্যৱস্থা কৰি লৈছিল৷ কিন্তু জোকাৰি দিয়াৰ সময়ত চিলিণ্ডাৰটোৰ ভিতৰত যেতিয়া টুং টাং শব্দ হ’বলৈ ধৰিলে তেতিয়াহে আৰক্ষীয়ে তবধ মানিলে৷
যুৱকজনক তাৰ পিছতহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ তেওঁ স্বীকাৰ কৰিলে যে চিলিণ্ডাৰ কাটি সদায় তেওঁ সুৰা সৰবৰাহ কৰি আছিল৷ মদ মাফিয়াই নিয়োগ কৰা যুৱকজনক পূৰ্বে সন্দেহ কৰাৰ একো থলেই নাছিল৷ কিন্তু এদিনতে ১০টাৰো অধিক চিলিণ্ডাৰ কঢ়িয়াই থকা বাবেহে তেওঁৰ ওপৰত আৰক্ষীৰ সন্দেহ জন্মিল৷ গেছ উলিয়াই বাকচৰ দৰে সাজি লোৱা চিলিণ্ডাৰটোৰ পৰা মদৰ বটল উলিয়াই নিৰ্ধাৰিত স্থানত জমা কৰে যুৱকজনে৷ সুৰা নিষিদ্ধ বিহাৰত মদৰ বটল হোম ডেলিভাৰী কৰা হয়৷ তেওঁ নিতৌ কমেও ১০ হাজাৰ টকাৰ সুৰা বিক্ৰী কৰে৷ যুৱকজনে কমকৈ চিলিণ্ডাৰ নি থাকোতে কাৰোৰে চকুত পৰা নাছিল৷
কিন্তু বেছিলৈ মুখ মেলি তেওঁ ধৰা পৰিবলগীয়া হ’ল৷ তেওঁৰ ঘৰত চিলিণ্ডাৰৰ কিয় ইমান প্ৰয়োজন বুলি ভাবি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ অৱশ্যে বিহাৰত সুৰা মাফিয়াই নকৰা কাম একোৱেই নাই৷ সকলো ফোপোলা বস্তুতে মাফিয়াই মদৰ বটল সৰবৰাহ কৰিছে৷ চৰকাৰে সুৰা নিবাৰণ কৰিলেও বিহাৰত মদৰ অকণো অভাৱ নাই৷ আগতে মদাহীয়ে দোকানৰ পৰা সুৰা কিনি নিবলগীয়া হৈছিল৷ এতিয়া গ্ৰাহকে বিচাৰিলে বেপাৰীয়ে ঘৰতে মদ যোগান ধৰে৷ চিলিণ্ডাৰ কাটিও যে মদ সৰবৰাহ কৰা হৈছে তেতিয়া বিহাৰত সুৰা নিষিদ্ধকৰণ বিফল বুলি প্ৰতিপন্ন হৈছে৷ বিহাৰী মদ মাফিয়াই খাই দিছে আৰক্ষীৰ মূৰ৷



