পূজাৰ আগতে ডিঙিত টেটু কৰিব নেকি
বজাৰতে কৰিব পাৰে ৰং-বিৰঙৰ টেটু
টেটু পাৰ্লাৰ যোৱাৰ প্ৰয়োজন নাই৷ ৰাস্তাৰ কাষতে বেজী লৈ বহি আছে টেটু আৰ্টিষ্ট৷ আপুনি পছন্দৰ ডিজাইনটো দেখুৱাই দিলে টেটু আৰ্টিষ্ট আঁকিবলৈ সাজু হৈ আছে৷ তেওঁলোকে আপোনাৰ শৰীৰত স্থায়ীকৈ টেটু আঁকি দিব৷ বিশেষকৈ ৰাজ্যৰ কেবাখনো বাগিচাৰ বজাৰত ওলাইছে কিছুমান ৰহস্যজনক টেটু আৰ্টিষ্ট৷ উত্তৰ প্ৰদেশৰ পৰা অহা এই টেটু আৰ্টিষ্টবোৰৰ কোনো প্ৰশিক্ষণ নাই৷ একেটা বেজীৰে তেওঁলোকে কেবাজনো লোকৰ শৰীৰত টেটু অংকন কৰিছে৷ ফলত সংক্ৰমণ হোৱাৰ আশংকা আছে৷ বাগিচাৰ সহজ-সৰল শ্ৰমিকে একো বুজি নাপায় কমদামতে টেটু অংকনৰ সুবিধা ঠিকেই গ্ৰহণ কৰিছে, কিন্তু তাৰ ফলত তেওঁলোক যে ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে সেয়া বুজা নাই৷ উত্তৰ প্ৰদেশৰ টেটু আৰ্টিষ্টে ব্যৱহাৰ কৰিছে একেবাৰে কমদামী চিঞাহী৷ যাৰ ফলতো ভয়ংকৰ সংক্ৰমণৰ আশংকা আছে৷ হিন্দীভাষী আৰ্টিষ্টে ব্যৱহাৰ কৰা ৰঙৰ ফলত এখন বাগিচাৰ ৬ জন শ্ৰমিক এলাৰ্জীজনিত ৰোগতো আক্ৰান্ত হোৱা বুলি আমি জানিব পাৰিছোঁ৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি টেটু অংকনৰ পিছতে হোৱা খজুৱতিৰ বাবে হস্পিতেলত ভৰ্তি হ’বলগীয়া হৈছিল৷ ভুৱা টেটু আৰ্টিষ্টৰ ওচৰত ইয়াৰ পিছতো ভিৰ কমা নাই৷ বিশেষকৈ শতাধিক যুৱতীয়ে কমদামতে কৰিছে টেটু৷ ফলত বাগিচাত যে HIVৰ দৰে ৰোগ সংক্ৰমিত হ’ব সেইটো অৱধাৰিত৷
বাগিচাত পূৰ্বে পূজাৰ পূৰ্বে মেহেন্দী আৰ্টিষ্টে দোকান দিছিল৷ সেই মেহেন্দী পূজাৰ পিছত শৰীৰৰ পৰা মোহাৰ খাই গৈছিল৷ কিন্তু বাগিচাৰ শ্ৰমিকে সম্প্ৰতি স্থায়ী টেটু কৰিছে৷ তাৰে সুযোগ গ্ৰহণ কৰি হিন্দী ভাষী টেটু আৰ্টিষ্টে বজাৰ মেলিছে৷ যদি এইসকল অচিনাকী টেটু আৰ্টিষ্টক বাধা দিয়া নহয় তেন্তে শ্ৰমিক ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব৷ আমাৰ চকুৰ সন্মুখতে বাগিচাৰ টেটু আৰ্টিষ্টে একেটা বেজীৰে তিনিজন শ্ৰমিকৰ বুকুত আঁকিছে টেটু৷ তাৰ ফলত হেপাটাইটিছৰ দৰে ৰোগৰ সংক্ৰমণৰ আশংকা আছে৷ তাৰোপৰি শ্ৰমিকৰ পছন্দ হোৱাকৈ কেবাটাও ৰং ব্যৱহাৰ কৰিছে আৰ্টিষ্টে৷ এজন শ্ৰমিকৰ দেহত নীলা-হালধীয়া ৰঙৰ সস্তীয়া পাউছ ব্যৱহাৰ কৰি টেটু আঁকিছে৷ ফলত অনাগত সময়ত বাগিচাৰ শতাধিক শ্ৰমিক একেটা ৰোগতে আক্ৰান্ত হোৱাৰ আশংকা আছে৷ ডিব্ৰুগড়ৰ এজন শ্ৰমিক টেটু অঁকাৰ ফলত ফোঁহাৰ দৰে সমস্যাৰ সন্মুখীন হৈছে৷ তেওঁলোক একমাত্ৰ সস্তীয়া টেটুৰ বাবে ৰোগাক্ৰান্ত হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷
তাৰ পিছতো শ্ৰমিক সাৱধান হোৱা নাই৷ কমদামতে টেটু অঁকাৰ লোভত তেওঁলোকে বাগিচাৰ মাজতে কাপোৰ খুলি দিছে৷ ফলত একাধিক শ্ৰমিক গ্ৰেনুলোমাৰ দৰে ভয়ংকৰ ৰোগত আক্ৰান্ত হৈছে৷ আমি লাভ কৰা খবৰ মতে শিৱসাগৰৰ ৮ জন শ্ৰমিকৰ শৰীৰত টেটু অঁকাৰ পিছতে উঠিছে টেমুনা৷ তেওঁলোকে য’ত টেটু আঁকিছিল তাৰ কাষতে টেমুনা উঠিছে৷ এইটো টেটুৰ ফলত হোৱা গ্ৰেনুলমা বুলি নিশ্চিত কৰিছে চিকিৎসকে৷ জানিব পৰামতে ৰোগত আক্ৰান্ত হোৱা সৰহসংখ্যক শ্ৰমিকেই বাগিচাৰ মহিলা৷
তেওঁলোকে হাজাৰ টকা খৰচ কৰি টেটু আঁকিব নোৱাৰে৷ সেয়ে পথৰ কাষতে সুবিধা পাই টেটু আঁকি লৈছে৷ তাৰ ফলত কিমান ক্ষতি হ’ব পাৰে সেইটো হ’লে চিন্তা কৰা নাই৷ পিছত হৈছে অচিন চৰ্মৰোগ৷



