প্ৰথমে ব্ৰা-পেণ্টী চুৰি কৰি পকেটত ভৰোৱাৰ চেষ্টা
চাওক গুৱাহাটীৰ গাৰ্লছ হোষ্টেলত নিশা পাষণ্ডৰ কাণ্ড
এই দৃশ্যটো মহানগৰীৰ হাই ছিকিউৰিটী জ’নত অৱস্থিত এটা গাৰ্লছ হোষ্টেলৰ৷ আপোনালোকে হোষ্টেলটো অসুৰক্ষিত অৱস্থাত থকা বুলি নাভাবিব৷ গাৰ্লছ হোষ্টেলৰ চাৰিওদিশে আছে ৮ ফুট ওখ দেৱাল৷ দেৱালত আকৌ গ্ৰীল লগোৱা আছে৷ ওখ গে’টেৰে সুৰক্ষিত কৰা হৈছে কেম্পাছ৷ তাৰ পিছতো হোষ্টেলত গ্ৰীলৰ ব্যৱস্থা আছে৷ ইমান বাধা অতিক্ৰমী ব্ৰা-পেণ্টী চুৰি কৰিবলৈয়ে হোষ্টেলত সোমাই মানসিকভাৱে বিকাৰগ্ৰস্ত পাষণ্ড৷ ছাত্ৰীৰ ৰূমৰ বাহিৰত হস্তমৈথুন কৰে লম্পটে৷ বহুদিনৰ পৰা হোষ্টেলৰ ছাত্ৰীৰ ব্ৰা-পেণ্টী চুৰি হোৱাৰ বাবে বাৰাণ্ডাত চিচিটিভি লগোৱা হৈছিল৷ এদিনৰ পিছতে ফুটেজ পৰীক্ষা কৰাত ব্ৰা চোৰৰ সন্ধান ওলাল৷ লগতে ছাত্ৰীৰ ৰূমৰ দুৱাৰডলিত হস্তমৈথুন কৰা পাষণ্ডৰ মুখ চিচিটিভি কেমেৰাত আবদ্ধ হ’ল৷ গুৱাহাটীৰ মাজভাগতে থকা এই হোষ্টেলটোত সোমোৱা চোৰটোৱে সেইনিশা কেবাটাও ব্ৰা-পেণ্টী নিলে৷
চিচিটিভি কেমেৰাত আবদ্ধ হোৱা এই দৃশ্যটো ভালদৰে মন কৰকচোন৷ এই পাষণ্ডটোৱে গ্ৰীলেৰে জঁপিয়াই ছাত্ৰীসকলে কাপোৰ মেলা বাৰাণ্ডাখনত প্ৰৱেশ কৰিছিল৷ গাৰ্লছ হোষ্টেলটোত থকা আৱাসীয়ে য’ত নিশাৰ ভাগত অন্তৰ্বাস শুকাবলৈ মেলি দিয়ে তাত ৰৈ প্ৰথমে চাৰিওফালে সি নিৰীক্ষণ কৰিলে৷ কোনেও নেদেখাৰ সুযোগ গ্ৰহণ কৰি পাষণ্ডটোৱে স্পৰ্শ কৰিলে হোষ্টেলৰ আৱাসীৰ অন্তৰ্বাস৷ যুৱতীসকলৰ ব্ৰা-পেণ্টী স্পৰ্শ কৰি অনন্য সুখানুভূতিত বুৰ গ’ল লম্পটটো৷ সেই স্থানৰ পৰা সি সোনকালে আঁতৰি যোৱা নাছিল৷ হোষ্টেলৰ আৱাসী নিদ্ৰামগ্ন হৈ থকাৰ সুযোগ গ্ৰহণ কৰি পাষণ্ডটোৱে ব্ৰা-পেণ্টী স্পৰ্শ কৰি হস্তমৈথুন কৰিলে৷
ইফালে সিফালে চাই হোষ্টেলৰ ৰূমৰ সন্মুখত বীৰ্যস্খলন ঘটালে নৰাধমটোৱে৷ ছাত্ৰীসকলে প্ৰকাশ কৰামতে নিশা হোষ্টেলৰ বাৰাণ্ডাত যে কোনোবা সোমাই সেয়া তেওঁলোকে লক্ষ্য কৰিছিল৷ তথাপি নিৰাপত্তাজনিত কাৰণ হোষ্টেলত সোমোৱা লম্পটক ধৰাৰ সাহস কৰা নাছিল৷ কিন্তু তেওঁলোকৰ অনুৰোধক্ৰমে কাপোৰ মেলা স্থানতো প্ৰাইভেট হোষ্টেলটোৰ গৰাকীয়ে চিচিটিভি কেমেৰা লগাই দিলে৷ কেমেৰা লগোৱাৰ নিশাই হোষ্টেলৰ বাৰাণ্ডাৰ পৰা ব্ৰা-পেণ্টী চুৰি কৰা লম্পট ধৰা পৰিল৷ এই লম্পটটোৱে হোষ্টেলৰ বিভিন্ন স্থানত হস্তমৈথুন কৰিছিল৷ নিশা যে হোষ্টেলত কোনোবাই অপকৰ্ম কৰিছিল সেয়া প্ৰমাণিত হোৱাৰ পিছত ভয়াৰ্ত হৈ পৰিছিল ছাত্ৰীসকল৷ তেওঁলকে ব্ৰা-পেণ্টী সঘনে চুৰি হোৱা বুলি হোষ্টেলৰ গৰাকীক অভিযোগ দিছিল৷
সেইটো হোষ্টেলৰ এগৰাকী আৱাসীৰ তথ্য অনুসৰি নিশা বাৰাণ্ডাৰ পৰা ব্ৰা চুৰি কৰা পাষণ্ডটো হৈছে দোকানী৷ সেই এলেকাতে পাণ-তামোলৰ দোকান দি পাষণ্ডটোৱে ছাত্ৰীসকলক নিৰীক্ষণ কৰি থাকে৷ দিনত ছাত্ৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰে লম্পট দোকানীটোৱে৷ কিন্তু নিশা লোলুৰ দৃষ্টিৰে প্ৰতিগৰাকী ছাত্ৰীৰ ব্ৰা-পেণ্টী স্পৰ্শ কৰি শাৰিৰীক সুখৰ ইচ্ছা সি পূৰণ কৰে৷ এই ফুটেজ ফাদিল হোৱাৰ পিছদিনাও হোষ্টেলৰ বাৰাণ্ডাত পাষণ্ডই প্ৰৱেশ কৰিছিল৷ সেইদিনা সকলোৱে সাহস কৰি বাৰাণ্ডাৰ পৰা চোৰটোক খেদা বুলি জানিব পৰা গৈছে৷ চিচিটিভি সংস্থাপন কৰা বুলি জনোৱাৰ পিছত পাষণ্ডটো সোমোৱা নাই৷ ৰূমৰ বাহিৰত হস্তমৈথুন কৰা পাষণ্ডটোৰ পৰিয়ালৰ সদস্যলৈ প্ৰেৰণ কৰা হৈছে নিশাৰ গোপন চিচিটিভি ফুটেজ৷



